সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫" - ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চ ২০২৫লৈ
অসম তথা উত্তৰ-পূব ভাৰতৰ নিগূঢ় সাংস্কৃতিক ঐতিহ্যৰ সৈতে বিশ্বক চিনাকি কৰাই দিয়া

ৱিকি লাভছ্ ফ'ক্‌ল'ৰ হৈছে ৱিকিমিডিয়া প্ৰকল্প (মূলতঃ Wikipedia আৰু Wikimedia Commons)ৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যক উপভোগ আৰু উদযাপনৰ বাবে আয়োজিত এক আন্তৰ্জাতিক ফটোগ্ৰাফিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত সকলোৱেই অংশগ্ৰহণ কৰিব পাৰে। ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ইন ইণ্ডিয়াৰ নেতৃত্বত আছে কেৰালা ৱিকিমিডিয়ান ইউজাৰ গ্ৰুপ আৰু ইয়াৰ সমৰ্থনত আছে সাহ্যা ডিজিটেল কনজাৰ্ভেচন ফাউণ্ডেচন আৰু সাহ্যা অপেন হেৰিটেজ ফাউণ্ডেচন। এই আন্তৰ্জাতিক প্ৰতিযোগিতা খনৰে দেশীয় সংস্কৰণৰ ভাগ হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজে স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ বাবে আয়োজন কৰিছে ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম

এই প্ৰতিযোগিতাৰ মূল লক্ষ্য হৈছে বিশ্বব্যাপী বিনামূলীয়া বিশ্বকোষ ৱিকিপিডিয়া আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ অন্যান্য প্ৰকল্পৰ প্ৰবন্ধসমূহত চিত্ৰ সংযোগ কৰিবলৈ মানৱ সাংস্কৃতিক বৈচিত্ৰ্যৰ ফটো সংগ্ৰহ কৰা। ভাৰতৰ অসমকে প্ৰাধান্য কৰি সমগ্ৰ উত্তৰ-পূৱৰ সাতভনী ৰাজ্যসমূহৰ লোকসংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা উৎসৱ, বস্তুগত সংস্কৃতি, নৃত্য, খাদ্য, সাজ-পোছাক বা নিজা ঠাঁচত দৈনন্দিন জীৱনৰ পল-অনুপলৰে সমৃদ্ধ এই ফটোসমূহ প্ৰতিযোগিতাৰ বিষয়বস্তুৰ সৈতে মিলিব লাগিব।

চলিথকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বিষয়ে জানিবলৈ Wiki Loves Folklore 2025 চাওক। উল্লেখ্য যে নিৰ্ধাৰিত শ্ৰেণী সংযোগ কৰি একেখন ফটোকে স্থানীয়, দেশীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ অন্তৰ্ভুক্ত কৰিব পৰা যাব। ইয়াৰফলত একেখন ফটো এই তিনিও পৰ্যায়ৰ প্ৰতিযোগিতাৰ বিচাৰৰ বাবে যোগ্য বিবেচিত হ'ব।

মুখ্য টিপ্পনী

চৰ্ত সমূহ

জুৰীয়ে প্ৰতিযোগীসকলৰ ব্যক্তিগত আপলোডসমূহৰ বিচাৰ তলত দিয়া মাপকাঠীৰ ভিত্তিত কৰিব (কোনো বিশেষ ক্ৰমত নহয়):

  • কাৰিকৰী মানদণ্ড
  • মৌলিকতা
  • ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বাবে ছবিখনৰ সম্ভাৱ্য উপযোগিতা আৰু সামগ্ৰিক মূল্য (ইয়াৰ অনুজ্ঞাপত্ৰকে ধৰি)।

মন কৰিব

  • অনুগ্ৰহ কৰি আপোনাৰ সতীৰ্থ ফটোগ্ৰাফাৰসকলৰ লগতে আন সকলৰ প্ৰতি সন্মান সূচক ব্যৱহাৰ প্ৰদৰ্শন কৰক আৰু বিবেচনাপূৰ্ণ হওক।
  • যদি আপুনি অট্টালিকাৰ ভিতৰৰ অংশৰ ফটো তুলিব খুজিছে আৰু কৰ্তৃপক্ষই আপোনাক বাধা প্ৰদান কৰিছে, তেন্তে উক্ত স্থানৰ ফটো তোলাৰ পৰা বিৰত থাকক। কিয়নো, কিছুমান ঠাইত অভ্যন্তৰীণ ফটোগ্ৰাফী নিষিদ্ধ কৰা হৈছে, কিন্তু কিছুমান ঠাইত অনুমতি প্ৰদান কৰিলে আপুনি আগবাঢ়িব পাৰে।
  • ব্যক্তিগত সম্পত্তিত ট্ৰেছপাছ নকৰিব (অৱশ্যে ৰাস্তাৰ দৰে ৰাজহুৱা স্থানত থিয় হৈ ফটো তোলাৰ ক্ষেত্ৰত কোনো বাধা নাই)।
  • য'ত সম্ভৱ বাহনৰ ফটো তোলাৰ পৰা বিৰত থাকক, বিশেষকৈ বাহনৰ নম্বৰপ্লেট অন্তৰ্ভুক্ত হোৱাটো একেবাৰেই গ্ৰহণযোগ্য নহয়।
  • অনুগ্ৰহ কৰি পোষ্টাৰ, জাননীফলক, চিন, বা আন কোনো বস্তুৰ ফটো আপলোড নকৰিব য'ত আখৰ লিখা বা দ্বিমাত্ৰিক ছবি আছে যিবোৰ কপিৰাইট-সুৰক্ষিত হ'ব পাৰে। গীৰ্জাঘৰৰ প্ৰাচীন দেৱাল চিত্ৰবোৰত এই বাধা নাই, যিকোনো তাৰিখৰ ষ্টেইনড গ্লাছৰে নিৰ্মিত খিৰিকীৰ ফটোৰ ক্ষেত্ৰটো এই বাধা নাই।

প্ৰতিযোগিতাৰ সময়সীমা

  • ১ ফেব্ৰুৱাৰী: প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়, আৰু ফটো আপলোড প্ৰক্ৰিয়া আৰম্ভ হয়।
  • ৩১ মাৰ্চ: প্ৰতিযোগিতাৰ অন্ত পৰিব, অৰ্থাৎ ফটো আপলোড প্ৰক্ৰিয়াৰ অন্তিমটো দিন।
  • ফলাফল ঘোষণা: ২০২৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰা হ’ব। ২০২৫ চনৰ জুলাই মাহৰ শেষৰ ফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰা হ’ব।

(বি:দ্ৰ: অপ্ৰত্যাশিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ফলাফল ঘোষণাৰ সময়ৰ পৰিৱৰ্তন হ'ব পাৰে বা পলম হ'ব পাৰে।)

ফলাফল

৮৬৪
Images Stats

অংশগ্ৰহণ কৰক

ফটোএখন তুলি ৱিকিমিডিয়া কমন্সত আপলোড কৰক
আপোনাৰ ইমেইল ঠিকনা আপোনাৰ ৱিকিমিডিয়া প্ৰফাইলত সুনিশ্চিত কৰক অন্যথা আপুনি যদি কোনো পুৰস্কাৰ লাভ কৰে তেন্তে আপোনাৰ সৈতে যোগাযোগ কৰাৰ অন্য উপায় আমাৰ হাতত নাথাকিবও পাৰে।

  • ফটো জমা দিয়াৰ ক্ষেত্ৰত সহায়ৰ বাবে-

ফটোখন আপলোড কৰি Wiki Loves Folklore-Seven Sisters (2025), Images from Wiki Loves Folklore 2025 in India আৰু Images from Wiki Loves Folklore 2025 শ্ৰেণীকেইটা সংযোগ কৰক।

  • সমন্বয়ক:
  • যোগাযোগৰ ই-মেইল ঠিকনা:

dibyajtdutta@gmail.com
nathnayanj123@gmail.com

  • বিচাৰক:


আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তলত উল্লেখিত পুৰস্কাৰসমূহ লাভ কৰিব পাৰিব:

  • প্ৰথম পুৰস্কাৰ : ৫০০ মাৰ্কিন ডলাৰ
  • দ্বিতীয় পুৰস্কাৰ : ৪০০ মাৰ্কিন ডলাৰ
  • তৃতীয় পুৰস্কাৰ : ৩০০ মাৰ্কিন ডলাৰ
  • চতুৰ্থ পুৰস্কাৰ : ২০০ মাৰ্কিন ডলাৰ
  • পঞ্চম পুৰস্কাৰ : ১০০ মাৰ্কিন ডলাৰ
  • শীৰ্ষ ১০ টা উল্লেখযোগ্য অৱদানৰ পুৰস্কাৰ: ৫০ মাৰ্কিন ডলাৰকৈ
  • শ্ৰেষ্ঠ ভিডিঅ' পুৰস্কাৰ: শ্ৰেষ্ঠ মৌখিক কাহিনীৰ কথন ১৫০ মাৰ্কিন ডলাৰ, শ্ৰেষ্ঠ ভিডিঅ' (সাধু কোৱা) ১০০ মাৰ্কিন ডলাৰ, বহনক্ষম লোকগাথাৰ ভিডিঅ' ১০০ মাৰ্কিন ডলাৰ
  • শ্ৰেষ্ঠ অডিঅ' পুৰস্কাৰ: সামগ্ৰিকভাৱে শ্ৰেষ্ঠ ১৫০ মাৰ্কিন ডলাৰ, শ্ৰেষ্ঠ লোককথা পডকাষ্ট ধাৰাবাহিক ১৫০ মাৰ্কিন ডলাৰ
  • ছবিৰ বাবে শীৰ্ষ আপলোডাৰৰ পুৰস্কাৰ: প্ৰথম পুৰস্কাৰ ২৫০ মাৰ্কিন ডলাৰ, দ্বিতীয় পুৰস্কাৰ ১৫০ মাৰ্কিন ডলাৰ তৃতীয় পুৰস্কাৰ ১০০ মাৰ্কিন ডলাৰ
  • শীৰ্ষ ১০০ আপলোডাৰলৈ ৱিকি লোকগাথাৰ পোষ্টকাৰ্ড।


বিঃদ্ৰঃ পুৰস্কাৰসমূহ ৱিকিমিডিয়া ইণ্ডিক কমিউনিটিৰ পৰিৱৰ্তে, আন্তঃৰাষ্ট্ৰীয় আয়োজক দলৰ দ্বাৰাহে উপহাৰ কাৰ্ড বা ভাউচাৰ ফৰ্মেটত দিয়া হ’ব।

দেশীয় পৰ্যায়ৰ পুৰস্কাৰ

দেশীয় প্ৰতিযোগিতাত তলত দিয়া পুৰস্কাৰসমূহ লাভ কৰিব পাৰিব:

  • প্ৰথম পুৰস্কাৰ - ২০,০০০ টকা
  • দ্বিতীয় পুৰস্কাৰ - ১৫,০০০ টকা
  • তৃতীয় পুৰস্কাৰ - ১০,০০০ টকা
  • বিজয়ী সকলৰ বাবে ৱিকি লাভচ- ফ'ক্‌ল'ৰ প্ৰমাণ পত্ৰ

(পুৰস্কাৰসমূহ আপোনাৰ পছন্দৰ কুপন ৰূপতহে দিয়া হ’ব)

অসমীয়া ৱিকিৰ স্থানীয় পৰ্যায়ৰ পুৰস্কাৰ

অসমীয়া ৱিকিৰ স্থানীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তলত দিয়া পুৰস্কাৰসমূহ লাভ কৰিব পাৰিব:

  • প্ৰথম পুৰস্কাৰ - ৫,০০০ টকা
  • দ্বিতীয় পুৰস্কাৰ - ৩,০০০ টকা
  • তৃতীয় পুৰস্কাৰ - ২,০০০ টকা
  • শ্ৰেষ্ঠ মোবাইল ফটোগ্ৰাফি - ১৫০০ টকা
  • ছবিৰ বাবে শীৰ্ষ আপলোডাৰৰ পুৰস্কাৰ - ১৫০০ টকা
  • বিজয়ী সকলৰ বাবে ৱিকি লাভচ ফ'ক্‌ল'ৰ অসমৰ প্ৰমাণ পত্ৰ।

(পুৰস্কাৰসমূহ আপোনাৰ পছন্দৰ কুপন ৰূপতহে দিয়া হ’ব)

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান সাংস্কৃতিক ঐতিহ্য চিনাক্ত কৰক
উৎসৱ, বস্তুগত সংস্কৃতি, নৃত্য, খাদ্য, বস্ত্ৰ বা দৈনন্দিন জীৱনৰ কৰ্মসংস্কৃতিৰ পৰা আপোনাৰ ছবিৰ বাবে প্ৰেৰণা বিচাৰি উলিয়াওক।


আলোকচিত্ৰ তোলক
বিভিন্ন কোণৰ পৰা যিমান পাৰে সিমান আৰু ভাল ভাল আলোকচিত্ৰ তোলক। আপোনাৰ ছবিখনে পুৰস্কাৰ নাপালেও ৱিকিপিডিয়াক সহায় কৰিব পাৰে!


ছবিসমূহৰ বিৱৰণ লিখক
ছবিৰ বিৱৰণ আৰু কেপচনত আপুনি কি ফটো তুলিছে সেই বিষয়ে বৰ্ণনা কৰক। ঠাইখনৰ নাম, বিৱৰণ আৰু ফটোৰ তাৰিখ লিপিবদ্ধ কৰক।


কমন্সত আপলোড কৰক
১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চৰ ভিতৰত আপোনাৰ ছবিসমূহ ৱিকিমিডিয়া কমন্সত আপলোড কৰক। এতিয়ালৈকে যদি আপোনাৰ একাউণ্ট নাই, এটা একাউণ্ট খোলক