ৱিকিপিডিয়াৰ কাম-কাজৰ মৌলিক নীতিসমূহৰ সাৰাংশ পাঁচটা "স্তম্ভ"ৰ ৰূপত উপস্থাপন কৰা হৈছে :
 |
ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ। ইয়াত সাধাৰণ আৰু বিশেষ বিশ্বকোষ, পঞ্জিকা আৰু পত্ৰিকাৰ তথ্য সন্নিৱিষ্ট হৈছে। ৱিকিপিডিয়া কোনো প্ৰচাৰযন্ত্ৰ নহয়, বিজ্ঞাপনৰ মঞ্চ নহয়, আত্মগৌৰৱৰ ছপাখানা নহয়, নৈৰাজ্য বা গণতন্ত্ৰৰ পৰীক্ষা-নিৰীক্ষা নহয়, বাচ-বিচাৰহীন তথ্যৰ সংগ্ৰহ নহয়, বা ৱেব ডিৰেক্টৰি নহয়। ই এখন অভিধান নহয়, বাতৰিকাকত বা উৎস নথি নহয়; তেনে ধৰণৰ বিষয়বস্তু ইয়াৰ পৰিৱৰ্তে ৱিকিমিডিয়া ভগ্নী প্ৰকল্পলৈ বৰঙনি হিচাপে আগবঢ়োৱা উচিত।
|
|
 |
ৱিকিপিডিয়া নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা হয়। আমি ভাৰসাম্য ৰক্ষা কৰি নিৰপেক্ষ দৃষ্টিভংগীৰে তথ্য সন্নিৱিষ্ট কৰা আৰু প্ৰধান দৃষ্টিকোণ বৰ্ণনা কৰা প্ৰবন্ধৰ বাবে অহৰহ যত্ন কৰোঁ। আমি কাৰোবাৰ পোষকতা কৰাটো এৰাই চলোঁ আৰু কোনো বিষয় লৈ তৰ্ক কৰাৰ সলনি তাক সুন্দৰকৈ ডাঙি ধৰোঁ। কোনো ক্ষেত্ৰত মাত্ৰ এটাই সুপৰিচিত দৃষ্টিকোণ থাকিব পাৰে; আন কোনো ক্ষেত্ৰত কেইবাটাও দৃষ্টিকোণ থাকিব পাৰে। তেতিয়া আমি কোনোটোকে "সঁচা" বা "শ্ৰেষ্ঠ দৃষ্টিকোণ" বুলি নকৈ আটাইকেইটাকে সঠিকভাৱে, প্ৰসংগ দৰ্শাই বৰ্ণনা কৰোঁ। সকলো প্ৰবন্ধই বিশ্বাসযোগ্য সঠিকতাৰ বাবে চেষ্টা কৰিব লাগিব: প্ৰসংগৰ উল্লেখ নথকা লেখা আঁতৰাই দিয়া হ’ব পাৰে, সেইকাৰণে অনুগ্ৰহ কৰি প্ৰসংগ বা তথ্যসূত্ৰ উল্লেখ কৰক। সম্পাদকৰ ব্যক্তিগত অভিজ্ঞতা, ভাব বা মতামত ইয়াত থাকিব নালাগে। তাৰ অৰ্থ হ’ল বিশ্বাসযোগ্য, কৰ্তৃত্বশীল উৎসৰ উল্লেখ কৰা, বিশেষকৈ যেতিয়া বিষয়টো বিতৰ্কিত বা জীৱিত ব্যক্তিৰ ওপৰত লিখা হয়।
|
|
 |
ৱিকিপিডিয়া এটা মুক্ত সমল যাক সকলোৱে সম্পাদনা, ব্যৱহাৰ, বিস্তাৰ, আৰু বিতৰণ কৰিব পাৰে। স্বত্বাধিকাৰক সন্মান কৰক আৰু কুম্ভীলক বৃত্তি অৱলম্বন নকৰিব। অনা-মুক্ত সমল ন্যায়পূৰ্ণ ব্যৱহাৰৰ বাবে অনুমোদিত, কিন্তু আপুনি ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰিব বিচৰা আন মুকলি বিকল্পৰ সন্ধান কৰিবলৈ চেষ্টা কৰক। যিহেতু আপোনাৰ সকলো বৰঙনি ৰাইজৰ বাবে মুকলি, কোনো সম্পাদকৰে প্ৰবন্ধৰ ওপৰত অধিকাৰতা নাই; আপোনাৰ সকলো বৰঙনি নিৰ্দয়ভাৱে সম্পাদনা আৰু পুনৰ্বিতৰণ কৰা হ’ব পাৰে।
|
|
 |
সম্পাদকসকলে ইজনে সিজনৰ লগত ভদ্ৰতাৰে কথা-বতৰা পাতিব লাগে। কোনো বিষয়ত মতবিৰোধ থাকিলেও আপোনাৰ সহযোগী ৱিকিপিডিয়ানসকলক সন্মান কৰক। শিষ্টাচাৰ মানি চলক আৰু ব্যক্তিগত আক্ৰমণ এৰাই চলক। ঐকমত্য বিচাৰি চাওক, সম্পাদনা দ্বন্দ্ব পৰিহাৰ কৰক, আৰু মনত ৰাখক যে অসমীয়া ৱিকিপিডিয়াত ঠিক কৰিবলৈ আৰু আলোচনা কৰিবলৈ 8,073টা প্ৰবন্ধ আছে। ভাল বিশ্বাস ৰাখি কাম কৰক, এটা বক্তব্য স্পষ্ট কৰিবলৈ কেতিয়াও ৱিকিপিডিয়া বিশৃংখল নকৰিব, আৰু আনৰ প্ৰতিও ভাল ভাৱ ৰাখক। খোলাখুলিকৈ ভাব প্ৰকাশ কৰক আৰু সকলোকে আদৰণি জনাওক। মতবিৰোধ হ’লে প্ৰথমে আলোচনা পৃষ্ঠাত বিষয়টো বৰ্ণনা কৰক আৰু মতবিৰোধ সমাধানৰ নীতি মানি চলক।
|
|
 |
ৱিকিপিডিয়াত কোনো ধৰা-বন্ধা নিয়ম নাই। ৱিকিপিডিয়াৰ নিয়মসমূহ শিলত কটা হোৱা নাই, আৰু ইয়াৰ শব্দ আৰু ভাৱাৰ্থ সময়ৰ সৈতে সলনি হ’ব পাৰে। ৱিকিপিডিয়াৰ নিয়মাৱলীৰ আদৰ্শ আৰু উদ্যম সেইবোৰৰ আভিধানিক অৰ্থতকৈ অধিক প্ৰয়োজনীয়, আৰু কেতিয়াবা ৱিকিপিডিয়াৰ উন্নতি সাধনৰ বাবে নিয়মৰ হেৰফেৰো হ’ব পাৰে। প্ৰবন্ধত নতুন কথা অন্তৰ্ভুক্ত কৰিবলৈ সাহসী হওক (কিন্তু অসাৱধান নহয়) আৰু ভুলৰ বাবে চিন্তা নকৰিব। আপোনাৰ প্ৰচেষ্টা নিখুঁত নহ’বও পাৰে; পূৰ্বৰ সংস্কৰণ সঞ্চিত হৈ থাকে বাবে কোনো ক্ষতি অপূৰণীয় নহয়।
|
ৱিকিপিডিয়া নীতিসমূহ |
---|
|
| | | | |
নীতিসমূহ ৱিকিপিডিয়াৰ নীতিৰ বিষয়ে আন প্ৰৱন্ধসমূহ
|
|
|
|
---|
| আলোকপাত | |
---|
| প্ৰকল্প নীতিসমূহ | |
---|
| মূল বিষয়বস্তু নীতি | |
---|
| আন বিষয়বস্তু নীতিসমূহ | |
---|
| বিষয়বস্তু পথনিৰ্দেশিকাসমূহ | |
---|
| আচৰণ নীতি | |
---|
| ব্যৱহাৰিক পথনিৰ্দেশিকাসমূহ | |
---|
| সম্পাদনা পথনিৰ্দেশিকাসমূহ | |
---|
| শৈলীৰ পথনিৰ্দেশিকাসমূহ | |
---|
| শ্ৰেণীবিভাজন পথনিৰ্দেশিকাসমূহ | |
---|
| |
|