সমললৈ যাওক

ৱিত্ৰুৱিউচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিত্ৰুৱিউচ

ৱিঞ্চেন্‌ৎছ' ৰাদ্‌‌জ'ৰ পিছত য়াক'প' বেৰ্নাৰ্দিৰ দ্বাৰা খোদিত ৱিত্ৰুৱিউচৰ ছবি, ১৮২৩ বা ১৮৪৭
স্থানীয় নাম Vitruvius
জন্ম খ্ৰীষ্টপূৰ্ব ৮০–৭০ চন
ৰোমান গণৰাজ্য
মৃত্যু খ্ৰীষ্টপূৰ্ব ১৫ চনৰ পাছত (বয়স ৫৫–৬৫)
পেচা
উল্লেখযোগ্য কৰ্ম দে আৰ্খিতেক্তুৰা

ৱিত্ৰুৱিউচ[টোকা 1] (Latin: Vitruvius, pronounced [wɪˈtruːwiʊs]; প্ৰায় খ্ৰীষ্টপূৰ্ব ৮০ বা ৭০ – খ্ৰীষ্টপূৰ্ব ১৫ চনৰ পিছত) আছিল খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ এজন ৰোমান স্থপতি আৰু অভিযন্তা, যিজন তেওঁৰ বহু-খণ্ডৰ গ্ৰন্থ দে আৰ্খিতেক্তুৰাৰ বাবে সুপৰিচিত।[1] প্ৰাচীন যুগৰ পৰা অক্ষুণ্ণভাৱে টিকি থকা স্থাপত্যবিষয়ক একমাত্ৰ গ্ৰন্থ হিচাপে, ৰেনেছাঁ-যুগৰ পৰা ইয়াক স্থাপত্য তত্ত্বৰ প্ৰথম গ্ৰন্থ বুলি গণ্য কৰা হৈছে, লগতে শাস্ত্ৰীয় স্থাপত্যৰ মানদণ্ড বিষয়ক এক গুৰুত্বপূৰ্ণ উৎস বুলিও ধৰা হয়।[2] কিন্তু তেওঁৰ সমসাময়িকসকলে তেওঁৰ গ্ৰন্থখন কিমানখিনি মৌলিক বা গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছিল, সেয়া স্পষ্ট নহয়।

তেওঁ কৈছে যে সকলো অট্টালিকাৰ তিনিটা গুণ থাকিব লাগে: firmitas, utilitas আৰু venustas ("শক্তি", "উপযোগিতা" আৰু "সৌন্দৰ্য"),[3] যি নীতিসমূহ প্ৰাচীন ৰোমান স্থাপত্যত প্ৰতিফলিত হৈছে। স্থাপত্য আৰু মানৱদেহত নিখুঁত অনুপাত সম্পৰ্কে তেওঁৰ আলোচনা লেয়নাৰ্দ' দা ৱিঞ্চিৰ বিখ্যাত ৰ‍্যনেচঁচ অংকন ৱিত্ৰুৱীয় মানৱৰ প্ৰেৰণা হৈছিল।

ৱিত্ৰুৱিউচৰ জীৱন সম্পৰ্কে অতি কমেই জনা যায়, কিন্তু তেওঁৰ নিজৰ বৰ্ণনা অনুসৰি[4] তেওঁ ৰোমান সামৰিক কাৰ্যালয়ত তৃতীয় শ্ৰেণীৰ অন্তৰ্গত এজন গোলন্দাজ সৈনিক হিচাপে সেৱা আগবঢ়াইছিল। সম্ভৱতঃ তেওঁ দক্তৰেচ বাল্লিস্তাৰুম (আৰ্টিলাৰি বিশেষজ্ঞ) আৰু লিব্ৰাতৰেচৰ ওপৰত দায়িত্ব থকা আৰ্টিলাৰিৰ এজন জ্যেষ্ঠ বিষয়া আছিল, যিসকলে বাস্তৱতে যন্ত্ৰসমূহ চলাইছিল।[5] এজন সামৰিক অভিযন্তা হিচাপে তেওঁ অৱৰোধৰ বাবে বাল্লিস্তা আৰু স্কৰ্পিঅ’ ধৰণৰ গোলন্দাজ যুদ্ধযন্ত্ৰ নিৰ্মাণত বিশেষজ্ঞ আছিল। এইটোও সম্ভৱ যে ৱিত্ৰুৱিউচে য়ুলিউচ কায়চাৰৰ মুখ্য অভিযন্তা লুকিউচ কৰ্ণেলিউচ বালবুচৰ সৈতে সেৱা আগবঢ়াইছিল।

ৱিত্ৰুৱিউচৰ De architectura মধ্যযুগত যথেষ্ট পৰিচিত আছিল আৰু ইয়াৰ বিস্তৃত অনুলিপি কৰা হৈছিল; আজিও ইয়াৰ বহুতো পাণ্ডুলিপি টিকি আছে,[6] যদিও ১৪১৪ চনত ফ্ল’ৰেন্সৰ মানৱতাবাদী পদ্‌জ' ব্ৰাৎচ'লিনিয়ে চেণ্ট গাল এবেৰ গ্ৰন্থাগাৰত ইয়াক “পুনৰ আবিষ্কাৰ” কৰিছিল। লেয়ম বাত্তিস্তা আলবেৰ্তিয়ে তেওঁৰ মৌলিক স্থাপত্যগ্ৰন্থ দে ৰে আয়দিফিকাতৰিয়াত (প্ৰায়১৪৫০1450) ইয়াক প্ৰকাশ কৰিছিল। প্ৰথম জনাজাত ছপা লাতিন সংস্কৰণটো ১৪৮৬ চনত ৰোমত ফ্র‍া জ'ৱান্নি চুলপিতিউচে প্ৰকাশ কৰে। ইয়াৰ পিছত ইতালীয়, ফৰাচী, ইংৰাজী, জাৰ্মান, হিস্পানী আৰু আন কেইবাটাও ভাষালৈ অনুবাদ প্ৰকাশ পায়। যদিও মূল অলংকৰণসমূহ হেৰাই গৈছে, তথাপিও প্ৰথম চিত্ৰসংবলিত সংস্কৰণটো ৱেনিচত ১৫১১ চনত জ'ৱান্নি জ'কন্দ'য়ে প্ৰকাশ কৰিছিল, য’ত পাঠ্যৰ বৰ্ণনাৰ ভিত্তিত কাঠৰ খোদাই চিত্ৰ সংযোজন কৰা হৈছিল। ব্ৰামান্তে, মিকেলাঞ্জেল', পাল্লাজ', ৱিনিয়লা আৰু তাতোকৈ আগৰ স্থপতিসকলেও ৱিত্ৰুৱিউচৰ এই গ্ৰন্থ অধ্যয়ন কৰিছিল বুলি জনা যায়; ফলস্বৰূপে ইউৰোপৰ বহু দেশৰ স্থাপত্যত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে।[1]

পাদটীকা

[সম্পাদনা কৰক]
  1. Latin: Vitruvius, Latin pronunciation: [wɪˈtruːwiʊs]; English: Vitruvius, /vɪˈtrviəs/ vi-TROO-vee-əs

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Middleton, John Henry (1911). "Vitruvius". Encyclopædia Britannica. 28 (11th ed.). pp. 150–151.
  2. Kruft, Hanno-Walter. A History of Architectural Theory from Vitruvius to the Present (New York, Princeton Architectural Press: 1994).
  3. The Oxford handbook of Greek and Roman art and architecture. Marconi, Clemente, 1966–. প্ৰকাশক New York. 2015. ISBN 978-0-19-978330-4. OCLC 881386276.
  4. De Arch. Book 1, preface. section 2.
  5. Yann Le Bohec, "The Imperial Roman Army", Routledge, p. 49, 2000, আই.এচ.বি.এন. 0-415-22295-8.
  6. Krinsky, Carol Herselle (1967). "Seventy-Eight Vitruvius Manuscripts". Journal of the Warburg and Courtauld Institutes খণ্ড 30: 36–70. doi:10.2307/750736.