ৱিত্ৰুৱীয় মানুহ
| শিল্পী | লেয়নাৰ্দ’ দা ৱিঞ্চি |
|---|---|
| বছৰ | প্ৰায় 1490 |
| প্ৰকাৰ | কাগজত মেটালপইণ্টৰ ওপৰত কলম, বাদামী চিয়াঁহী আৰু জলৰং |
| আয়তন | 34.4 ছে.মি. × 24.5 ছে.মি. (সাঁচ:Convert/ছে.মি. × সাঁচ:Convert/ছে.মি.) |
| অৱস্থিতি | গালেৰিয়ে দেল্লাক্কাদেমিয়া, ভেনিচ, ইতালি |
ৱিত্ৰুৱীয় মানুহ (Italian: L'uomo vitruviano) হৈছে ইতালীয় নৱজাগৰণ যুগৰ শিল্পী আৰু বিজ্ঞানী লেয়নাৰ্দ’ দা ৱিঞ্চিৰ দ্বাৰা অংকিত এখন অংকন, যাৰ তাৰিখ আনুমানিক প্ৰায় 1490। ৰোমান স্থপতিবিদ ৱিত্ৰুৱিউচৰ ধাৰণাৰ পৰা অনুপ্ৰাণিত এই অংকনত এজন নগ্ন পুৰুষক দুটা একে-অপৰৰ ওপৰত আৰোপিত থিয় অৱস্থাত দেখুওৱা হৈছে, যাক একে সময়তে এটা বৃত্ত আৰু এটা বৰ্গৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। শিল্প-ইতিহাসবিদ কাৰ্মেন চি. বামবাখে ইয়াক “পাশ্চাত্য সভ্যতাৰ সৰ্বকালৰ প্ৰতীকী ছবিসমূহৰ অন্যতম” বুলি অভিহিত কৰিছে।[1] ৱিত্ৰুৱিউচৰ পৰা অনুপ্ৰাণিত এই ধৰণৰ অংকন একমাত্ৰ নহ’লেও, লেয়নাৰ্দ’ৰ এই কৃতিয়ে শিল্প-দৃষ্টিভংগী আৰু বৈজ্ঞানিক অনুসন্ধানক একত্ৰিত কৰাৰ ক্ষেত্ৰত এক বিশেষ স্থান লাভ কৰিছে আৰু ইয়াক প্ৰায়েই উচ্চ ৰনেছঁছ যুগৰ এক আদৰ্শ প্ৰতিনিধিত্ব বুলি গণ্য কৰা হয়।
এই অংকনটোৱে আদৰ্শ মানৱীয় অনুপাত সম্পৰ্কে লেয়নাৰ্দ’ৰ অধ্যয়নক প্ৰতিফলিত কৰে, যাৰ ভিত্তি ৱিত্ৰুৱিউচৰ লেখাত থাকিলেও তেওঁ নিজা পৰ্যবেক্ষণ, সমসাময়িক শিল্পকলা আৰু লেয়ন বাত্তিস্তা আলবেৰ্তিৰ দে পিক্তুৰা গ্ৰন্থৰ সহায়ত ইয়াক অধিক পৰিশীলিত কৰিছিল। মিলানত সৃষ্ট এই ৱিত্ৰুৱীয় মানুহ সম্ভৱতঃ প্ৰথমে তেওঁৰ শিষ্য ফ্ৰাঞ্চেস্ক’ মেল্ৎছিৰ হাতলৈ যায়, আৰু পিছত ৱেনাৎছিয় দে পাগাৱেৰ অধিকাৰত আহে। পাগাৱেই খোদাইকলা-শিল্পী কাৰ্ল’ জুজেপ্পে গেৰ্লিক ইয়াৰ এটা খোদাইচিত্ৰ প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল, যাৰ ফলত ছবিখন ব্যাপকভাৱে প্ৰচাৰিত হয়। ইয়াৰ পিছত ছবিখন জুজেপ্পে ব’চ্ছিৰ মালিকানাত আছিল আৰু ১৮২২ চনত গালেৰিয়ে দেল্লাক্কাদেমিয়ায়ে ইয়াক অধিগ্ৰহণ কৰে। তেতিয়াৰ পৰা ই ভেনিচত সংৰক্ষিত হৈ আছে। অতি ভংগুৰ হোৱাৰ বাবে এই অংকন সচৰাচৰ প্ৰদৰ্শন কৰা নহয়। ২০১৯ চনত লেয়নাৰ্দ’ৰ মৃত্যুৰ ৫০০ বছৰ পূৰ্তি উপলক্ষে ইয়াক লুৱ্ৰলৈ ধাৰস্বৰূপে প্ৰেৰণ কৰা হৈছিল।
নাম
[সম্পাদনা কৰক]লেয়নাৰ্দ’ৰ টোকাত এই অংকনটোক Le proporzioni del corpo umano secondo Vitruvio নামে বৰ্ণনা কৰা হৈছে,[2] যাৰ অনুবাদ বিভিন্নভাৱে ৱিত্ৰুৱিউচৰ মতে মানৱ শৰীৰৰ অনুপাত[3] অথবা ৱিত্ৰুৱিউচৰ শৈলীত এজন মানুহৰ আনুপাতিক অধ্যয়ন[4] হিচাপে কৰা হয়। কিন্তু ইয়াক ৱিত্ৰুৱীয় মানুহ নামেই অধিক পৰিচিত।[2] শিল্প-ইতিহাসবিদ কাৰ্ল’ পেদ্ৰেত্তিয়ে ইয়াৰ নাম Homo Vitruvius, study of proportions with the human figure inscribed in a circle and a square হিচাপে উল্লেখ কৰিছে, আৰু পিছত সংক্ষেপে Homo Vitruvius বুলিও উল্লেখ কৰিছে।[5]
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bambach (2019a), পৃষ্ঠা. 224.
- 1 2 Palmer (2018), পৃষ্ঠা. 153.
- ↑ Zöllner (2015), পৃষ্ঠা. 37.
- ↑ Kemp (1981), পৃষ্ঠা. 116.
- ↑ Pedretti (2006), পৃষ্ঠা. 80–82.