সমললৈ যাওক

ৱিলিছ হ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিলিছ হ’ কিট-ৱাং (চীনা: 何潔泓, জন্ম ১৫ জুলাই ১৯৯১) এজনী হং কং-ৰ সাংবাদিক, সক্ৰিয় সমাজকৰ্মী আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ হং কং ছাত্ৰ সন্থা ফেডাৰেচনৰ সহ-সাধাৰণ সম্পাদক আছিল আৰু লেণ্ড জাষ্টিচ লিগৰ আহ্বায়ক আছিল। ২০১৭ চনত, হং কং ভূমি ন্যায় আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাদণ্ডৰ সন্মুখীন হৈছিল।[1]

হ’ এগৰাকী একক মাতৃৰ দ্বাৰা লালিত-পালিত হৈছিল আৰু তেওঁৰ এটি যমজ ভগিনী আছে। তেওঁৰ HKALEৰ আগত গ্ৰীষ্মকালত, হ’ আৰু তেওঁৰ ভগিনী হং কং এক্সপ্ৰেছ ৰেইল লিংক আন্দোলনত অংশগ্ৰহণ কৰিছিল।[2]

হ’য়ে লিংগনান বিশ্ববিদ্যালয়ত দৰ্শন অধ্যয়ন কৰিছিল। ২০১২-১৩ চনত তেওঁ ছাত্ৰ সন্থাৰ ভাইস-প্ৰেছিডেণ্ট (বাহ্যিক) আৰু হং কং ছাত্ৰ সন্থা ফেডাৰেচন কমিটিৰ সদস্য আছিল। পাছত তেওঁ এই ফেডাৰেচনৰ সহ-সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হয়।

২০১৬ চনত, উত্তৰ-পূব নতুন অঞ্চল উন্নয়ন কৰিবলৈ চৰকাৰৰ অৰ্থায়নৰ প্ৰতিবাদ কৰি জুন ২০১৪ত আইনসভালৈ অনধিকৃতভাৱে প্ৰৱেশ কৰাৰ বাবে, তেওঁ আৰু আন ১২ গৰাকী ব্যক্তিক সমাজ সেৱা কাৰ্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।[3] হং কং ন্যায় বিভাগে আপিল কৰাৰ পাছত, ২০১৭ চনৰ আগষ্টত তেওঁক ১৩ মাহৰ কাৰাদণ্ড দিয়া হয়, যি হংকঙত এনে গোচৰৰ বাবে আটাইতকৈ কঠোৰ শাস্তি হিচাপে গণ্য হৈছিল।[4] হ’য়ে আপিল কৰি ২০১৭ চনৰ নভেম্বৰত জামিন লাভ কৰে।[5] পাছত তেওঁৰ শাস্তি বাতিল কৰা হয়।[1]

সাংবাদিক হিচাপে, তেওঁ হংকঙৰ সংখ্যালঘুসমূহ সম্পৰ্কে অনুসন্ধানীমূলক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। বৰ্তমানে তেওঁ ২০১৯-২০ হং কং আন্দোলন সন্দৰ্ভত এটি তথ্যচিত্ৰ প্ৰস্তুত কৰি আছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]