ৱুফাং চাংডি
| সৰ্বোচ্চ দেৱতাৰ পাঁচ ৰূপ | |||||||||
|---|---|---|---|---|---|---|---|---|---|
| আধুনিক শিল্পকলাত ‘‘পাঁচ দেৱতা’’ক প্ৰতিনিধিত্ব কৰা হৈছে | |||||||||
| "হুৱাইনানজি"ৰপৰা সংযোগবোৰৰ চিত্ৰফলক | |||||||||
| সৰলীকৃত চীনা লিপি | 五方上帝 | ||||||||
| |||||||||
| পাঁচ দেৱতা | |||||||||
| Chinese | 五帝 | ||||||||
| |||||||||
ৱুফাং চাংডি (ইংৰাজী: Wufang Shangdi) (চীনা: "পাঁচটা অঞ্চলৰ সৰ্বোচ্চ দেৱতা"), বা সৰলকৈ ৱুডি (পাঁচজন দেৱতা) বা ৱুশেন (পাঁচজন ভগৱান) হৈছে চীনা ধ্ৰুপদী গ্ৰন্থ আৰু সাধাৰণ চীনা লোক ধৰ্ম অনুসৰি স্বৰ্গৰ সৰ্বোচ্চ ঈশ্বৰৰ ('তিয়ান' বা সমপৰ্যায়ৰ 'চাংডি') পাঁচটা ভিন্ন ৰূপ বা প্ৰকাশ। এই ধৰ্মতত্ত্বৰ ইতিহাস অতি কমেও শাং ৰাজবংশৰ দিনৰপৰাই আৰম্ভ হৈছে।[3]
স্বৰ্গৰ পাঁচখন পৰিৱৰ্তনশীল মুখ বুলি বৰ্ণনা কৰা এই দেৱতাসকলে স্বৰ্গৰ সেই মহাজাগতিক ক্ৰিয়াক প্ৰতিনিধিত্ব কৰে, যিয়ে বিশ্বব্ৰহ্মাণ্ডক 'তান' বা "যজ্ঞবেদী" হিচাপে গঢ় দিয়ে। ই স্বৰ্গৰ সেই শৃংখলাক অনুকৰণ কৰে যিটো তৰাভৰা আকাশ, উত্তৰ মেৰু আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা তাৰকামণ্ডলীবোৰত দৃশ্যমান হয়। (এই চীনা ধাৰণাটো ভাৰতীয় 'মণ্ডলী' বা 'মণ্ডলা'ৰ সমতুল্য)। এই পাঁচজন দেৱতাই নিজেই উক্ত তাৰকামণ্ডলীবোৰক প্ৰতিনিধিত্ব কৰে। ত্ৰিশক্তি বা ত্ৰিমাত্ৰিক তত্ত্ব অনুসৰি তেওঁলোকৰ এটা মহাজাগতিক, এটা পাৰ্থিৱ আৰু এটা পাতাল সম্পৰ্কীয় ৰূপ আছে। হান চীনাসকলে নিজকে ৰঙা আৰু হালধীয়া দেৱতাৰ বংশধৰ বুলি পৰিচয় দিয়ে।[5][7]
তেওঁলোক পাঁচটা ৰং, নিৰন্তৰ সৃষ্টিৰ পাঁচটা পৰ্যায় বা পঞ্চভূত, সৌৰজগতৰ পাঁচটা ধ্ৰুপদী গ্ৰহ, আকাশৰ মেৰুক কেন্দ্ৰ কৰি ঘূৰি থকা পাঁচটা তাৰকামণ্ডলী, চীনৰ পাঁচখন পৱিত্ৰ পৰ্বত আৰু মহাকাশৰ পাঁচটা দিশ (তেওঁলোকৰ পাৰ্থিৱ ৰূপ) আৰু পাঁচজন ড্ৰেগন ভগৱান বা ড্ৰেগন দেৱতাৰ সৈতে জড়িত। এই ড্ৰেগন দেৱতাসকলে তেওঁলোকৰ বাহনক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ তেওঁলোকে শাসন কৰা ভৌতিক শক্তিসমূহক (তেওঁলোকৰ পাতাল সম্পৰ্কীয় ৰূপ) সূচায়। তেওঁলোকক সৰল অৰ্থত স্বৰ্গৰ ঈশ্বৰক উপাসনা কৰাৰ পাঁচটা বিশেষ ৰূপ, বা বিভিন্ন পৰিস্থিতিত স্বৰ্গৰ সেৱা কৰাৰ বাবে উপযোগী পাঁচটা ভিন্ন দৃষ্টিভংগী বা "প্ৰৱেশদ্বাৰ" বুলিও সংজ্ঞা দিয়া হৈছে।[9]
ঝেং সুৱানৰ মতে, তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰভাৱে পৃথিৱীত বিভিন্ন শ্ৰেণীৰ জীৱৰ সৃষ্টি কৰে। স্বৰ্গই পাৰ্থিৱ মহিলাসকলক গৰ্ভৱতী কৰাৰ ফলত ৰজাসকলৰ উৎপত্তি হোৱা সম্পৰ্কীয় প্ৰাচীন ধৰ্মতত্ত্বৰ ব্যাখ্যা দি তেওঁ মন্তব্য কৰিছিল:
"প্ৰতিজন ৰজাৰ পূৰ্বপুৰুষেই পাঁচজন দেৱতাৰ আত্মাৰদ্বাৰা প্ৰভাবিত এক গতি বা সঞ্চালনৰ ফলত জন্ম লাভ কৰিছিল।"
নাম আৰু অৰ্থ
[সম্পাদনা কৰক]এই পাঁচজন দেৱতাক সামূহিকভাৱে জনাজাত আন আন নামবোৰ হ'ল:
- ৱুফাং তিয়ানশেন: পাঁচটা অঞ্চলৰ স্বৰ্গীয় দেৱতা; [10]
- ৱুফাংডি: পাঁচটা অঞ্চলৰ দেৱতা;
- ৱুতিয়ানডি: পাঁচজন স্বৰ্গীয় দেৱতা;
- ৱুলাওজুন: পাঁচজন প্ৰাচীন প্ৰভু;
- ৱুডাওশেন: পাঁচটা পথৰ দেৱতা;
- সিয়ানতিয়ান ৱুডি: প্ৰাক্তন স্বৰ্গৰ পাঁচজন দেৱতা;
- ৱুচেডি: পাঁচটা ৰঙৰ দেৱতা।
কিছুমান গ্ৰন্থত তেওঁলোকক এজন একক দেৱতা হিচাপে কল্পনা কৰা হৈছে, যাক "স্বৰ্গীয় ৰজা মহান দেৱতা" (তিয়ানহুয়াং দাদি) বা "বিশাল স্বৰ্গৰ সৰ্বোচ্চ দেৱতা" (হাওতিয়ান চাংডি) বুলি কোৱা হয়, যিবোৰ স্বৰ্গৰ সৰ্বোচ্চ ঈশ্বৰৰে অন্য নাম। পৰম্পৰাগত চীনা চিকিৎসা বিজ্ঞানৰ তত্ত্ব অনুসৰি, এই ধাৰণাটো মানৱ শৰীৰৰ স্তৰত হৃদযন্ত্ৰ আৰু 'শেন' বা আত্মাৰ গুণাগুণ প্ৰতিফলিত কৰা আন চাৰিটা আত্মাৰ সৈতে সম্পৰ্কিত।
ইয়াহুংডী—হালধীয়া দেৱতা
[সম্পাদনা কৰক]
হালধীয়া সম্ৰাট
[সম্পাদনা কৰক]হুয়াংডী (চীনা: পিনয়িন: হুয়াংডী, অৰ্থাৎ "হালধীয়া সম্ৰাট" বা "হালধীয়া দেৱতা"), যাক হুয়াংশেন (চীনা: "হালধীয়া ঈশ্বৰ") বুলিও কোৱা হয়, চীনৰ পৰম্পৰাত সৰ্বোচ্চ ঈশ্বৰৰ আন এটা নাম। তেওঁ বিশেষকৈ আকাশৰ উত্তৰ মেৰু আৰু সপ্তৰ্ষি মণ্ডল (বা গ্ৰেট চেৰিয়ট, বা উৰ্ছা মেজৰ) আৰু 'ৱু' তান্ত্ৰিক বা ওজাসকলৰ শক্তিৰ সৈতে জড়িত। এগৰাকী মানৱ সংস্কৃতিৰ নায়ক আৰু আদিপুৰুষ হিচাপে তেওঁক জুয়ানিয়ান (চীনা:"ৰথৰ দণ্ড"), জুয়ানিয়ানশ্বী ("ৰথৰ দণ্ডৰ অধিপতি"), বা জুয়ানিয়ান হুয়াংডী ("ৰথৰ দণ্ডৰ হালধীয়া দেৱতা") বুলিও জনা যায়। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক হিচাপে তেওঁক ঝংইউৱেডাডী ("কেন্দ্ৰীয় শৃংগৰ মহান দেৱতা") বুলি কোৱা হয়। তেওঁ পৃথিৱীৰ সাৰমৰ্ম আৰু হালধীয়া ড্ৰেগনক প্ৰতিনিধিত্ব কৰে। প্ৰাচীন সাহিত্যত 'হালধীয়া' ৰঙৰ বাবে ব্যৱহাৰ কৰা 'হুয়াং' আখৰটো প্ৰায়ে সৰ্বোচ্চ ঈশ্বৰৰ গুণাগুণ যেনে "মহামহিম", "সৃষ্টিকৰ্তা" আৰু "উজ্জ্বল" বুজাবলৈ 'হুয়াং'ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছিল।[11]
তেওঁ হৈছে এনে এজন দেৱতা যিয়ে ভৌতিক জগতখনক গঢ় দিয়ে। তেওঁ হুয়াক্সিয়া সভ্যতা, বিবাহ আৰু নৈতিকতা, ভাষা আৰু বংশৰ সৃষ্টিকৰ্তা, আৰু সমগ্ৰ চীনা জাতিৰ আদি পূৰ্বপুৰুষ। ৱুফেং চাংডীৰ সৃষ্টিতত্ত্বত তেওঁৰ মহাজাগতিক শৰীৰটো হৈছে শনি গ্ৰহ, কিন্তু তেওঁক সূৰ্য্য দেৱতা হিচাপেও চিনাক্ত কৰা হয়। ইয়াৰ উপৰি সিংহ ৰাশিৰ ৰেগুলাছ তৰা আৰু লিন্ক্স তাৰকামণ্ডলীৰ সৈতেও তেওঁ জড়িত, যাৰ ভিতৰত পিছৰটোৱে হালধীয়া ড্ৰেগনৰ শৰীৰক প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়।[12]
তেওঁ সপ্তৰ্ষি মণ্ডলৰ হালধীয়া ভগৱানৰ সৈতে সাদৃশ্যপূৰ্ণ, যাৰ বিষয়ে কিছুমান ঐতিহাসিক উৎসত তেওঁক মানৱ ৰূপ বুলি বৰ্ণনা কৰা হৈছে আৰু এই দুয়োৰে মাজত এক আধ্যাত্মিক পাৰ্থক্য দেখুওৱা হৈছে। উদাহৰণস্বৰূপে, হেটু সম্পৰ্কীয় কিছুমান ধৰ্মগ্ৰন্থৰ সংজ্ঞা অনুসায়ী, হালধীয়া সম্ৰাটজন "সপ্তৰ্ষি মণ্ডলৰ হালধীয়া ঈশ্বৰৰ সাৰমৰ্মৰপৰা উদ্ভৱ হৈছে", তেওঁ "এগৰাকী ধৰিত্ৰী দেৱীৰ গৰ্ভত" জন্মগ্ৰহণ কৰিছে, আৰু সেইবাবেই তেওঁ "স্বৰ্গ আৰু পৃথিৱীৰ সংমিশ্ৰণৰ এক মহাজাগতিক সৃষ্টি।" হালধীয়া ঈশ্বৰক হালধীয়া সম্ৰাটৰ "আধ্যাত্মিক পিতৃ আৰু মহাজাগতিক প্ৰতিৰূপ" বুলিও বৰ্ণনা কৰা হৈছে।[13]
এজন মানৱ হিচাপে, হালধীয়া সম্ৰাট, এগৰাকী কুমাৰী মাতৃৰ সন্তান আছিল বুলি কোৱা হয়। তেওঁৰ মাতৃ ফুবাও যেতিয়া গাঁৱৰ বাটেৰে খোজকাঢ়ি গৈ আছিল, তেতিয়া তেওঁ সপ্তৰ্ষি মণ্ডল বা আকাশৰ উত্তৰ মেৰুক বেষ্টন কৰি থকা এটা পোহৰ (য়ুৱানকু, "আদিম প্ৰাণবায়ু") বা বিজুলী প্ৰত্যক্ষ কৰে আৰু তাৰদ্বাৰাই তেওঁ গৰ্ভৱতী হয়। চৌ (দীৰ্ঘায়ু) পৰ্বত বা জুয়ানিয়ান পৰ্বতত চব্বিছ মাহ গৰ্ভধাৰণৰ পিছত তেওঁ পুত্ৰ সন্তানটি জন্ম দিয়ে, যাৰ নামেৰে পিছলৈ তেওঁৰ নাম ৰখা হয়। মানৱীয় দিশৰপৰা তেওঁ ভালুকৰ বংশধৰ 'ইউক্সিয়ং' ৰ বংশধৰ আছিল—যিটো সপ্তৰ্ষি মণ্ডলৰেই আন এটা প্ৰসংগ। পণ্ডিত জন চি ডিডিয়াৰে হালধীয়া সম্ৰাটৰ পৌৰাণিক কাহিনীৰ সৈতে অন্যান্য সংস্কৃতিৰ থকা সাদৃশ্যসমূহ অধ্যয়ন কৰি এই পৌৰাণিক কাহিনীৰ এক প্ৰাচীন উৎস চাইবেৰিয়া বা উত্তৰ এছিয়াত আছিল বুলি অনুমান কৰিছে।[15]
প্ৰাচীন আখ্যানবোৰত, হালধীয়া সম্ৰাটক পোহৰৰ দেৱতা হিচাপে চিনাক্ত কৰা হৈছে (আৰু 'শুওৱেন জিয়েজী' গ্ৰন্থত তেওঁৰ নামটো 'গুয়াং' অৰ্থাৎ পোহৰৰপৰা অহা বুলি ব্যাখ্যা কৰা হৈছে) আৰু তেওঁ মেঘৰ গৰ্জন তথা "বজ্ৰ দেৱতা" ৰ সৈতে এক আৰু অভিন্ন।[17]
চাংডী—নীলা দেৱতা
[সম্পাদনা কৰক]চাংডী (চীনা:"সেউজীয়া দেৱতা" বা "সেউজীয়া সম্ৰাট") বা চাংশেন (চীনা:"সেউজীয়া ঈশ্বৰ"), যাক কুইংডী ("নীলা দেৱতা" বা "নীলা সম্ৰাট") বা কুইংশেন ("নীলা ঈশ্বৰ") বুলিও জনা যায়, হৈছে সৰ্বোচ্চ ঈশ্বৰৰ এক ৰূপ। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিতত্ত্ব অনুসায়ী তেওঁক ডংডী ("পূবৰ দেৱতা") বা ডংইউৱেডাডী ("পূব শৃংগৰ মহান দেৱতা") বুলি কোৱা হয়। তেওঁ কাঠৰ সাৰমৰ্ম আৰু বসন্ত ঋতুৰ সৈতে জড়িত, যাৰ বাবে তেওঁক উৰ্বৰতাৰ দেৱতা হিচাপে উপাসনা কৰা হয়। নীলা ড্ৰেগন হৈছে তেওঁৰ প্ৰাণীকুলৰ ৰূপ আৰু তাৰকামণ্ডলী। মানৱ ৰূপত তেওঁ আছিল টাইহাউ (ফু জি)। তেওঁৰ স্ত্ৰী হ'ল উৰ্বৰতাৰ দেৱী বিক্সিয়া। তেওঁৰ মহাজাগতিক শৰীৰটো হৈছে বৃহস্পতি গ্ৰহ।[19][20]
হেইডী—কলা দেৱতা
[সম্পাদনা কৰক]
হেইডী ("কলা দেৱতা" বা "কলা সম্ৰাট") বা হেইশেন ("কলা ঈশ্বৰ"), যাক সৃষ্টিতত্ত্ব অনুসায়ী বেইডী ("উত্তৰৰ দেৱতা") বা বেইইউৱেডাডী ("উত্তৰ শৃংগৰ মহান দেৱতা") বুলিও জনা যায়, হৈছে সৰ্বোচ্চ ঈশ্বৰৰ এক ৰূপ। তেওঁক ঝুয়ানক্সু বুলি চিনাক্ত কৰা হয়। বৰ্তমান তেওঁক প্ৰায়ে জুয়ানৱু ("কলা যোদ্ধা") বা ঝেনৱু বুলি উপাসনা কৰা হয়। তেওঁ পানীৰ সাৰমৰ্ম আৰু শীত ঋতুৰ সৈতে জড়িত। তেওঁৰ প্ৰাণীকুলৰ ৰূপ হৈছে কলা ড্ৰেগন (ৰহস্যমজ় ড্ৰেগন) আৰু তেওঁৰ তাৰকামণ্ডলীৰ প্ৰাণী হৈছে কছোপ-সৰ্প। তেওঁৰ মহাজাগতিক শৰীৰটো হৈছে বুধ গ্ৰহ।[21][22]
চিডী—ৰঙা দেৱতা
[সম্পাদনা কৰক]
চিডী ("ৰঙা দেৱতা" বা "ৰঙা সম্ৰাট") বা চিশেন ("ৰঙা ঈশ্বৰ"), যাক নন্দী ("দক্ষিণৰ দেৱতা") বা নানইউৱেডাডী ("দক্ষিণ শৃংগৰ মহান দেৱতা") বুলিও জনা যায়, মানৱ ৰূপত তেওঁ আছিল শেননং ("কৃষক দেৱতা" বা "হাল বোৱা দেৱতা")। তেওঁ য়ান সম্ৰাট বা য়ানডী ("অগ্নি দেৱতা") ৰ সৈতেও একেই, যিটো পদবী ধৰ্মীয় ইতিহাসত বিভিন্ন দেৱতা আৰু দেৱ-ৰজাসকলে লাভ কৰিছিল। শেননং তিনিগৰাকী পৃষ্ঠপোষকৰ ভিতৰত অন্যতম, বিশেষকৈ মানৱতাৰ পৃষ্ঠপোষক আৰু তেওঁ এই তিনি পৃষ্ঠপোষক আৰু হুয়াংডীৰ সংযোগবিন্দু।
তেওঁ দক্ষিণৰ কিছুমান জনগোষ্ঠীৰ দেৱতা চিয়ু ৰ সৈতেও চিত্ৰকল্প আৰু আখ্যান উভয় দিশতে জড়িত। কিয়নো শেননং য়ানডী আৰু চিয়ু দুয়োজনে হালধীয়া সম্ৰাটৰ বিৰুদ্ধে যুঁজ দিছিল। অৱশ্যে চিয়ুক পৰম্পৰাগতভাৱে অধিক হিংস্ৰ বুলি গণ্য কৰা হয় আৰু তেওঁৰ যুঁজ দিয়া ম'হৰ দৰে শিং আছিল, আনহাতে শেননং য়ানডী অধিক শান্তিপূৰ্ণ আছিল আৰু তেওঁৰ হাল বোৱা ম'হৰ দৰে শিং আছিল।
তেওঁ হৈছে জুইৰ সাৰমৰ্মৰ সৈতে জড়িত সৰ্বোচ্চ ঈশ্বৰৰ এক ৰূপ; তেওঁৰ প্ৰাণীকুলৰ ৰূপ হ'ল ৰঙা ড্ৰেগন (চীনা: 朱龙, পিনয়িন: Zhūlóng) আৰু তেওঁৰ তাৰকামণ্ডলীৰ প্ৰাণী হৈছে ফিনিক্স। তেওঁ কৃষি, পশুপালন, ঔষধি উদ্ভিদ আৰু বজাৰৰ দেৱতা। ব্যাপক ধাৰণাত তেওঁ বিজ্ঞান আৰু শিল্পৰ দেৱতা, লগতে চিকিৎসক আৰু ফাৰ্মাচীষ্টসকলৰ পৃষ্ঠপোষক। তেওঁৰ মহাজাগতিক শৰীৰটো হৈছে মঙল গ্ৰহ।[23]
বাইডী—বগা দেৱতা
[সম্পাদনা কৰক]
বাইডী ("বগা সম্ৰাট" বা "বগা দেৱতা") বা বাইছেন ("বগা ঈশ্বৰ"), যাক জিডী ("পশ্চিমৰ দেৱতা") বা জিউইউৱেডাডী ("পশ্চিম শৃংগৰ মহান দেৱতা") বুলিও জনা যায়, মানৱ ৰূপত তেওঁ আছিল শ্বাওহাও। তেওঁ ধাতুৰ সাৰমৰ্ম আৰু শৰৎ ঋতুৰ সৈতে জড়িত সৰ্বোচ্চ ঈশ্বৰৰ এক ৰূপ। তেওঁৰ প্ৰাণীকুলৰ ৰূপ হৈছে বগা ড্ৰেগন আৰু তেওঁৰ তাৰকামণ্ডলীৰ প্ৰাণী হৈছে বাঘ। তেওঁৰ মহাজাগতিক শৰীৰটো হৈছে শুক্ৰ গ্ৰহ।[24]
সম্পৰ্কিত বিষয়ৰ তালিকা
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Bonnefoy, Yves (1993). Asian Mythologies. University of Chicago Press. ISBN 0226064565. https://archive.org/details/asianmythologies0000unse.
- Chamberlain, Jonathan (2009). Chinese Gods : An Introduction to Chinese Folk Religion. প্ৰকাশক Hong Kong: Blacksmith Books. ISBN 9789881774217.
- Didier, John C. (2009). "In and Outside the Square: The Sky and the Power of Belief in Ancient China and the World, c. 4500 BC – AD 200". Sino-Platonic Papers (Victor H. Mair) (192). Volume I: The Ancient Eurasian World and the Celestial Pivot, Volume II: Representations and Identities of High Powers in Neolithic and Bronze China, Volume III: Terrestrial and Celestial Transformations in Zhou and Early-Imperial China.
- Early Chinese Religion: Part One: Shang Through Han (1250 BC-220 AD), প্ৰকাশক Leiden: Brill, 2008, pp. 1117–1158, ISBN 978-9004168350. Consulted HAL-SHS version, pages 1–56.
- Fowler, Jeanine D. (2005). An Introduction to the Philosophy and Religion of Taoism: Pathways to Immortality. Sussex Academic Press. ISBN 1845190866. https://books.google.com/books?id=9wi-ZDdmaqEC.
- Lagerwey, John; Kalinowski, Marc (2008). Early Chinese Religion: Part One: Shang Through Han (1250 BC-220 AD). Brill. ISBN 978-9004168350. https://books.google.com/books?id=Idhyr1hqS0kC.
- Medhurst, Walter H. (1847). A Dissertation on the Theology of the Chinese, with a View to the Elucidation of the Most Appropriate Term for Expressing the Deity, in the Chinese Language. Mission Press. https://archive.org/details/pli.kerala.rare.13521. Original preserved at The British Library. Digitalised in 2014.
- Little, Stephen; Eichman, Shawn (2000). Taoism and the Arts of China. University of California Press. ISBN 0520227859. https://archive.org/details/bub_gb_5ame4Rl1RXMC.
- Pankenier, David W. (2013). Astrology and Cosmology in Early China. Cambridge University Press. ISBN 978-1107006720. https://books.google.com/books?id=wUuyAAAAQBAJ.
- Pregadio, Fabrizio (2013). The Encyclopedia of Taoism. Routledge. ISBN 978-1135796341. https://books.google.com/books?id=R3Sp6TfzhpIC. Two volumes: 1) A-L; 2) L-Z.
- Sun, Xiaochun; Kistemaker, Jacob (1997). The Chinese Sky During the Han: Constellating Stars and Society. Brill. ISBN 9004107371. https://books.google.com/books?id=87lvBoFi8A0C.
- Zhong, Xinzi (2014) (PDF). A Reconstruction of Zhū Xī's Religious Philosophy Inspired by Leibniz: The Natural Theology of Heaven (Thesis). Hong Kong Baptist University Institutional Repository. Archived from the original on 2018-02-28. https://web.archive.org/web/20180228161848/https://repository.hkbu.edu.hk/cgi/viewcontent.cgi?article=1111&context=etd_oa। আহৰণ কৰা হৈছে: 2018-03-03.
- Zhou, Jixu (2005). "Old Chinese "*tees" and Proto-Indo-European "*deus": Similarity in Religious Ideas and a Common Source in Linguistics". Sino-Platonic Papers (Victor H. Mair) (167). http://www.sino-platonic.org/complete/spp167_old_chinese_proto_indo_european.pdf.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Pankenier (2013), pp. 112–113.
- ↑ Medhurst (1847), p. 260.
- ↑ [1] Wǔdì (五帝; "Five Deities") or Wǔshén (五神; "Five Gods")[2]
- ↑ Sun & Kistemaker (1997), pp. 120–123.
- ↑ [4]
- ↑ Zhong (2014), p. 75.
- ↑ [6]
- ↑ Zhong (2014), p. 81.
- ↑ [8]感; gǎn] made by the spirits of the Five Deities.}}
- ↑ Wǔfāng Tiānshén (五方天神; "Five Regions' Heavenly Deities")
- ↑ name=Wells2014>Wells, Marnix (2014). The Pheasant Cap Master and the End of History: Linking Religion to Philosophy in Early China. Three Pines Press. ISBN 978-1931483261. https://archive.org/details/pheasantcapmaste0000hegu.
- ↑ An Liu; John S. Major (2010). The Huainanzi: A Guide to the Theory and Practice of Government in Early Han China. Columbia University Press. ISBN 978-0231142045. https://archive.org/details/huainanziguideto0000unse. p. 117, note 11.
- ↑ Xuānyuánshì (轩辕氏; "Master of the Chariot Shaft"), or Xuānyuán Huángdì (轩辕黄帝; "Yellow Deity of the Chariot Shaft"), and as a cosmological symbol as Zhōngyuèdàdì (中岳大帝; "Great Deity of the Central Peak")
- 1 2 Fowler (2005), pp. 200–201.
- ↑ 黄龙; Huánglóng)[14]
- ↑ Pregadio (2013), pp. 504–505.
- ↑ [16]
- 1 2 Sun & Kistemaker (1997), p. 121.
- ↑ [18]
- ↑ Qīngshén (青神; "Blue God")
- ↑ Hēidì (黑帝; "Black Deity" or "Black Emperor") or Hēishén (黑神; "Black God"), also known as the cosmological Běidì (北帝; "North Deity") or Běiyuèdàdì (北岳大帝; "Great Deity of the Northern Peak"), and identified as Zhuānxū (颛顼), today frequently worshipped as Xuánwǔ (玄武; "Dark Warrior") or Zhēnwǔ
- ↑ [14] His astral body is Mercury.[18]
- ↑ Chìdì (赤帝; "Red Deity" or "Red Emperor") or Chìshén (赤神; "Red God"), also known as the Nándì (南帝; "South Deity") or Nányuèdàdì (南岳大帝; "Great Deity of the Southern Peak"), as a human was Shénnóng (神农; "Farmer God" or "Plowing God")
- ↑ Báidì (白帝; "White Emperor" or "White Deity") or Báishén (白神; "White God"), also known as the Xīdì (西帝; "West Deity") or Xīyuèdàdì (西岳大帝; "Great Deity of the Western Peak"), as a human was Shǎohào (少昊)