সমললৈ যাওক

ৱুৰাওলা এছান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰধান
ৱুৰাওলা এছান
জন্ম ১৯০৯
কালাবাৰ
মৃত্যু ১৯৮৫
ৰাষ্ট্ৰীয়তা নাইজেৰিয়ান
পেচা শিক্ষাবিদ, ৰাজনীতিক
জনা যায় মহিলা সমাজৰ ৰাষ্ট্ৰীয় সংস্থা
পিতৃ-মাতৃ থমাচ আডে-অজো


প্ৰধান ৱুৰাওলা আদেপেজু এছান (ইংৰাজী: Chief Wuraola Adepeju Esan, ১৯০৯–১৯৮৫) এগৰাকী নাইজেৰিয়ান শিক্ষয়িত্ৰী, নাৰীবাদী আৰু ৰাজনীতিবিদ আছিল। ইবাদানৰ ইয়ালোড হিচাপে কাম কৰি তেওঁ নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাক এজন পৰম্পৰাগত অভিজাত ব্যক্তিৰ উচ্চাকাংক্ষাৰ সৈতে সংযুক্ত কৰিছিল।[1]

১৯০৯ চনত কালাবাৰত ইবাদানৰ অজো-বাদান পৰিয়ালত ৱুৰাওলা আদেপেজু এছানৰ জন্ম হৈছিল।[2]

ছোৱালীৰ শিক্ষাৰ বাবে সক্ৰিয় সমৰ্থন আগবঢ়োৱা লাগোছ মহিলা লীগৰ পৰা এছান গভীৰভাৱে অনুপ্ৰাণিত হৈছিল। তেওঁৰ ৰাজনৈতিক সক্ৰিয়তাই গতি লাভ কৰিছিল যেতিয়া তেওঁ আৰু আন কিছুমান মহিলাই নাইজেৰিয়ান যুৱ আন্দোলন আৰু নাইজেৰিয়া আৰু কেমেৰুণৰ ৰাষ্ট্ৰীয় পৰিষদত সক্ৰিয় ভূমিকা পালন কৰিছিল—যিবোৰ সেই সময়ত লাগোছৰ ৰাজনীতিত অতি সক্ৰিয় আছিল। কেইবছৰমানৰ পিছত তেওঁ পুনৰ নিজৰ গৃহ চহৰ ইবাদানলৈ গুচি যায়।[3]

যদিও ঔপনিৱেশিক যুগত মহিলাসকলৰ বাবে উপলব্ধ শিক্ষাৰ সুবিধা সীমিত আছিল। ১৯৪৪ চনত তেওঁ মোলেটত ইবাদান পিপলছ গাৰ্লছ গ্ৰামাৰ স্কুল[4] প্ৰতিষ্ঠা কৰে, যাতে মহিলাসকলক ঘৰুৱা বিজ্ঞানকে ধৰি বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰে। কিন্তু তেওঁৰ মতামত আৰু পৰৱৰ্তী ৰাজনৈতিক ধাৰণাসমূহে বহল সমাজত নাৰীৰ স্থানৰ বিষয়ে বহুত বেছি বিস্তাৰিত দৃষ্টিভংগীৰ পোষকতা কৰা নাছিল।[5]

১৯৫০ চনত দলীয় ৰাজনীতিত প্ৰৱেশ কৰি একচন গ্ৰুপৰ মহিলা শাখাৰ সদস্য আছিল। যদিও মহিলাসকল ভোট সংগ্ৰহৰ গুৰুত্বপূৰ্ণ আহিলা আছিল, তথাপিও কমসংখ্যককহে চৰকাৰী ক্ষমতা আৰু দলব্যাপী দায়িত্ব দিয়া হৈছিল। কিন্তু এছানে ৰেংকৰ মাজেৰে গতি কৰি তেওঁ ইবাডান ৱেষ্টৰ পৰা মনোনীত চিনেটৰ হিচাপে নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰথমগৰাকী মহিলা সদস্য হ’বলৈ সক্ষম হয়। এছান নেচনেল কাউন্সিল অৱ ৱমেন ছ’চাইটিৰ প্ৰতিষ্ঠাপক সদস্যও আছিল। ১৯৭৫ চনত তেওঁ ইয়ালোডে উপাধি গ্ৰহণ কৰে আৰু এইদৰে ইবাদানত উচ্চ মুখীয়ালৰ পদবী লাভ কৰে।[1]

তথসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Roberta Ann Dunbar. Reviewed Work(s): "People and Empires in African History: Essays in Memory of Michael Crowder" by J. F. Ade Ajayi; J. D. Y. Peel; Michael Crowder, The Journal of African History, Vol. 34, No. 3, 1993.
  2. Professor Henry Louis Gates Jr.; Professor Emmanuel Akyeampong; Mr. Steven J. Niven (2 February 2012). Dictionary of African Biography. OUP USA. পৃষ্ঠা. 311–. ISBN 978-0-19-538207-5. https://books.google.com/books?id=39JMAgAAQBAJ&pg=PA301. 
  3. Kathleen E. Sheldon. Historical Dictionary of Women In Sub-Saharan Africa, Scarecrow Press, 2005, p 74. আই.এচ.বি.এন. 0-8108-5331-0
  4. Cheryl Johnson-Odim. For Women and the Nation: Funmilayo Ransome-Kuti of Nigeria, University of Illinois Press, 1997, p 48. আই.এচ.বি.এন. 0-252-06613-8
  5. Karen Tranberg Hansen. African Encounters with Domesticity, Rutgers University Press, 1992, p 133.