সমললৈ যাওক

ৱৰ্কিং উইমেনছ ফ'ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱৰ্কিং উইমেনছ ফ’ৰাম (সংক্ষেপে ডব্লিউডব্লিউএফ) হৈছে দক্ষিণ ভাৰতৰ এটা মহিলাকেন্দ্ৰিক সংস্থা। ইয়াক ১৯৭৮ চনত জয়া অৰুণাচলমে মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)ত প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ মুখ্য লক্ষ্য হৈছে দক্ষিণ ভাৰতৰ দুখীয়া আৰু অনানুষ্ঠানিক খণ্ডত কাম কৰা মহিলাসকলক আৰ্থ-সামাজিকভাৱে সক্ষম কৰা।

সংস্থাটোৱে ক্ষুদ্ৰঋণ (মাইক্ৰ’ক্ৰেডিট), ট্ৰেড ইউনিয়ন সংগঠন, স্বাস্থ্যসেৱা আৰু প্ৰশিক্ষণৰ জৰিয়তে মহিলাসকলক সহায় আগবঢ়ায়। ই মূলতঃ অনানুষ্ঠানিক খণ্ডত কাম কৰা মহিলাসকল—যেনে ৰাস্তাৰ বিক্ৰেত্ৰী, ৰেচম পোক পালনকাৰী, ৰেচম তাঁতী, হস্তশিল্প উৎপাদক, ধুবুনী আৰু মাছমৰীয়া—ইত্যাদিৰ সৈতে কাম কৰে।[1][2][3]

ৱৰ্কিং উইমেনছ ফ’ৰামৰ জৰিয়তে ৭,০০,০০০-তকৈ অধিক মহিলাক ঋণ আৰু অন্যান্য সেৱাৰ সৈতে সংযুক্ত কৰা হৈছে। ঋণৰ উপৰি শিশুযত্ন, পৰিয়াল পৰিকল্পনা আৰু শিক্ষা সেৱাও আগবঢ়োৱা হয়।[4]

মহিলাসকলে এই সংস্থাত যোগদান কৰাৰ অন্যতম মুখ্য কাৰণ হৈছে ঋণ লাভ কৰাৰ সুযোগ, কিয়নো ইয়াত প্ৰদান কৰা ঋণৰ পৰিমাণ অনানুষ্ঠানিক ঋণদাতাৰ তুলনাত অধিক আৰু সুতৰ হাৰো যুক্তিসংগত।[5]

সম্পৰ্কীয় সংস্থা

[সম্পাদনা কৰক]

ৱৰ্কিং উইমেনছ ফ’ৰামৰ সৈতে ওচৰ সম্পৰ্ক থকা দুটা গুৰুত্বপূৰ্ণ সংস্থা হৈছে—[6]

  • ইণ্ডিয়ান ক’অপাৰেটিভ নেটৱৰ্ক ফৰ উইমেন (আইচিএনডব্লিউ) – ঋণ প্ৰদানকাৰী সংস্থা
  • নেচনেল ইউনিয়ন অৱ ৱৰ্কিং উইমেন (এনইউডব্লিউডব্লিউ) – এটা ট্ৰেড ইউনিয়ন

সংস্থাটোৱে কিছুমান শক্তিশালী নীতিগত অৱস্থান গ্ৰহণ কৰিছে—

  • মহিলাকেন্দ্ৰিক (Pro-Women): অনানুষ্ঠানিক খণ্ডত কাম কৰা আৰু পৰিয়ালৰ ভৰণ-পোষণ কৰা মহিলাসকলৰ বাবে বিশেষভাৱে কাম কৰে।
  • যৌতুক-বিৰোধী (Anti-Dowry): যৌতুক প্ৰথাৰ বিৰুদ্ধে গণ-আন্দোলন আৰু সজাগতা।
  • জাতি-বিৰোধী আৰু ধৰ্মনিৰপেক্ষ (Anti-Caste and Pro-Secularism): সকলো জাতি আৰু ধৰ্মৰ মহিলাক সমান সহায়; আন্তঃজাতি বিবাহ সমৰ্থন।
  • দলীয় ৰাজনীতিৰপৰা আঁতৰত (Anti-Politics): ৰাজনৈতিক দল আৰু দলীয় এজেণ্ডাৰ সৈতে সম্পৃক্ততা পৰিহাৰ।

১৯৭০-ৰ দশকৰ মাজভাগত ৩০ গৰাকী সৰু ব্যৱসায় কৰা মহিলাৰ সৈতে সংস্থাটোৰ আৰম্ভণি হৈছিল। সেই সময়ত জয়া অৰুণাচলম মাদ্ৰাজত এগৰাকী সামাজিক আৰু ৰাজনৈতিক কৰ্মী আছিল। এই মহিলাসকলে তেওঁ সহায়ত এটা গোট গঠন কৰি বেংকৰপৰা ঋণ বিচাৰে আৰু প্ৰতিজনীক ₹৩০০ টকাৰ ঋণ লাভ কৰে। ঋণ পৰিশোধৰ হাৰ ৯৫% লৈ বৃদ্ধি পায়।

১৯৭৮ চনৰ এপ্ৰিল মাহলৈকে প্ৰায় ৮০০ গৰাকী মহিলা ৪০টা গোটত সংগঠিত হৈ ঋণ লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আনুষ্ঠানিকভাৱে ৱৰ্কিং উইমেনছ ফ’ৰামৰ উত্থান ঘটে।

সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। ২০১১ চনৰ জুলাই মাহত ভাৰত ভ্ৰমণকালত আমেৰিকাৰ পূৰ্বতন পৰৰাষ্ট্ৰ সচিব হিলাৰী ক্লিণ্টনে এই সংস্থাটো ভ্ৰমণ কৰে।[7]

বছৰবোৰত সংস্থাটোৱে আৰ্থিক সংকট, সামাজিক চাপ, লিংগ বৈষম্য আৰু স্বাস্থ্য সমস্যাৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল’ব খোজা বহু মহিলাক সহায় কৰিছে।[8]

সংস্থাটোৰ কিছুমান মুখ্য সামাজিক-অৰ্থনৈতিক আৰু ৰাজনৈতিক লক্ষ্য হৈছে—

  • অনানুষ্ঠানিক বা অসংগঠিত খণ্ডত নিয়োজিত মহিলাসকলক সংগঠিত গোটত সংযুক্ত কৰা
  • ঋণ, প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ সেৱাৰ জৰিয়তে উদ্যোগীকৰণ দক্ষতা বৃদ্ধি কৰা
  • অনানুষ্ঠানিক খণ্ডত কাম কৰা মহিলাসকলক চিনাক্ত কৰি সহায় প্ৰদান কৰা
  • মহিলাসকলৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ দাবীত যৌথ কাৰ্যসূচী গ্ৰহণ

প্ৰকাশনা

[সম্পাদনা কৰক]

সংস্থাটোৱে কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু প্ৰকাশনা প্ৰকাশ কৰিছে, যেনে—

  • Reaching out to poor women through Grassroots initiatives: An Indian Experiment (১৯৯২)
  • Dynamic Agents of Population Control and Change Process: An Indian Experiment (১৯৯২)
  • Indian Co-operative Network for Women – An Innovative Approach to Micro-Credit (১৯৯৫)
  • National Union of Working Women – Breaking the Legacy of Invisibility (১৯৯৫)
  • Structuring a Movement and Spreading it On (১৯৭৮–২০০৩), সম্পাদক: জয়া অৰুণাচলম

আমেৰিকাৰ পূৰ্বতন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে তেওঁৰ গ্ৰন্থ Giving (২০০৭)ত জয়া অৰুণাচলমৰ নেতৃত্বত সংস্থাটোৰ কামৰ প্ৰশংসা কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Haviland, Charles (23 August 2002). "Empowering the women of Madras". BBC News. https://news.bbc.co.uk/2/hi/south_asia/2212246.stm. 
  2. Boustany, Nora (6 May 2005). "A Lifelong Champion Of India's Poorest Women". The Washington Post: পৃষ্ঠা A20. https://www.washingtonpost.com/wp-dyn/articles/A41484-2005May6.html। আহৰণ কৰা হৈছে: 2009-08-21. 
  3. Venkatesan, D. (5 June 2005). "Fight against poverty". The Hindu. Archived from the original on 25 January 2013. https://archive.today/20130125081505/http://www.hinduonnet.com/thehindu/mag/2005/06/05/stories/2005060500220400.htm। আহৰণ কৰা হৈছে: 2009-08-21. 
  4. "The Economic Empowerment of Women- The case of Working Women's Forum". 
  5. "Working Women's Forum". www.gdrc.org. http://www.gdrc.org/icm/wwf-intro.html। আহৰণ কৰা হৈছে: 2020-03-10. 
  6. "Mission & Profile". WWF Website. http://www.workingwomensforum.org/wwf_mission.htm। আহৰণ কৰা হৈছে: 2009-08-21. 
  7. Staff Reporter (2019-06-29). "Working Women's Forum founder Jaya Arunachalam passes away". The Hindu. https://www.thehindu.com/news/national/tamil-nadu/working-womens-forum-founder-jaya-arunachalam-passes-away/article28226989.ece. 
  8. "The Working Women's Forum — Through Slum Women's Eyes". feministarchives.isiswomen.org. http://feministarchives.isiswomen.org/13-feminist-archives/women-in-action/women-in-action-1990-1-2/97-the-working-women-s-forum-through-slum-women-s-eyes। আহৰণ কৰা হৈছে: 2020-03-10. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]