শ্ৰীমদ্ভগৱতগীতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(பகவத் கீதைৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ, ওঁঠৰ-উন্নৈশ শতিকাৰ এখন চিত্ৰকলা

শ্ৰীমদ্ভাগৱতগীতা (সংস্কৃত: भगवद्गीता, ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত।[1]

হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত।[2] গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়।[2] সেয়েহে গীতাক ‘শ্ৰীভগৱান’ বুলিও নামকৰণ কৰা হৈছে।[3]

গীতাৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্যবিমূঢ় হয় পৰিছিল। সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰ যোগশাস্ত্ৰ[4] আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল। সেইকাৰণে গীতাক হিন্দু ধৰ্মতত্ত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনচৰ্যাৰ এখন ব্যৱহাৰিক পথনিৰ্দেশিকা বুলি কোৱা হয়। যোগশাস্ত্ৰ ব্যাখ্যাৰ সময়ত কৃষ্ণই নিজৰ ‘স্বয়ং ভগৱান’ ৰূপটি উন্মোচিত কৰিছিল আৰু বিশ্বৰূপে অৰ্জুনক দৰ্শন দি আশীৰ্বাদ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The phrase marking the end of each chapter identifies the book as Gītopanishad. The book is identified as "the essence of the Upanishads" in the Gītā-māhātmya 6, quoted in the introduction to the book by the founder of ISKCON Bhaktivedanta Swami Prabhupada, A.C. (1983), Bhagavad-gītā As It Is, প্ৰকাশক Los Angeles: The Bhaktivedanta Book Trust, http://vedabase.net/bg .
  2. 2.0 2.1 Nikhilananda, Swami, "Introduction", The Bhagavad Gita, p. 1 
  3. "Bhagavan". Bhaktivedanta VedaBase Network (ISKCON). http://www.vedabase.net/b/bhagavan। আহৰণ কৰা হৈছে: 2008-01-14. 
  4. Introduction to the Bhagavad Gita
  5. প্ৰশান্ত কুমাৰ বৰদলৈ (২০০৬). "সহজ অসমীয়াত গীতাৰ শেষপৃষ্ঠা". পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]