সমললৈ যাওক

টাই-আহোম ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ahom languageৰ পৰা পুনঃনিৰ্দেশিত)
টাই-আহোম ভাষা
𑜁𑜨า𑜉𑜫: 𑜄𑜐𑜫: 𑜒า, 𑜑𑜨𑜉𑜫, (khwām Tái Āhom)

সাঁচিপাতৰ পুথি আৰু ৰূপৰ মুদ্ৰাত পুৰণি আহোম লিপিৰ লেখা
থলুৱা অঞ্চল অসম
অঞ্চল অসম, অৰুণাচল
জাতীয়তা টাই-আহোম জনগোষ্ঠী
স্থানীয় ভাষিক
১৫০-৩৬০[1]
ভাষা পৰিয়াল
Tai–Kadai
পূৰ্বসূৰী
মান্য ৰূপ
আধুনিক মানক টাই-আহোম
লিখন প্ৰণালী টাই-আহোম লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
আহোম ৰাজ্য (মুং দুন) (১২২৮—১৮২৬)
ভাষা সংকেত
ISO 639-3 aho
গ্লোটোলগ ahom1240[2]

টাই-আহোম ভাষা (𑜁𑜨า𑜉𑜫: 𑜄𑜐𑜫: 𑜒า, 𑜑𑜨𑜉𑜫, khwām Tái Āhom) অসম আৰু অৰুণাচলৰ টাই-আহোমসকলৰ পৰম্পৰাগত ক্ৰা-দাই পৰিয়ালৰ দক্ষিণ-পশ্চিম টাই ভাষা যাৰ লিপি হৈছে টাই-আহোম লিপি। ই এটা সুৰীয়া ভাষা যত ছয়টা ভিন্ন সুৰ আছে।[3]মধ্যযুগীয় অসম ৰাজ্যৰ ৰাজভাষা আছিল আৰু বুৰঞ্জীসমূহ এই ভাষাতে লিখা হৈছিল।[4] বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰদ্বাৰা টাই আহোম ভাষাৰ পাঠ্যক্ৰম সমূহ পঢ়োৱা হয়।[5] বৰ্তমান ১৫০ৰপৰা ৩৬০ জন ব্যক্তিয়ে টাই-আহোম ভাষা ব্যৱহাৰ কৰে।[6]

বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]

আহোম বৰ্ণ সমূহ তলত দিয়া হৈছে।[7]

ব্যঞ্জনবৰ্ণ

[সম্পাদনা কৰক]

ব্যঞ্জনবৰ্ণ (মে লিক টাই-আহোম; অৰ্থ: টাই-আহোম ভাষাৰ মুখ্য অংশ) তলত দিয়া হৈছে।

আহোম বৰ্ণনামঅসমীয়া সমতুল্য
𑜀কা
𑜁খা
𑜂ঙা
𑜃না
𑜄তা
𑜅টা
𑜆পা
𑜇ফা
𑜈বা
𑜉মা
𑜊য়ায / জ
𑜋চা
𑜌থা
𑜍ৰা
𑜎লা
𑜏চা
𑜐ঞা
𑜑হা
𑜒
𑜓দা
𑜔ধা
𑜕গা
𑜖ঘা
𑜗ঘাঅসমীয়া সমতুল্য নাই
𑜘ভা
𑜙ঝা
𑜚ৱা

স্বৰচিহ্ন, গ্ৰেফিম আৰু দ্বিস্বৰ চিহ্ন

[সম্পাদনা কৰক]

স্বৰচিহ্ন (মে কাপ ঙাও; অৰ্থ:শৰীৰে ভেটিটোক লগ পোৱা) সমূহ তলত দিয়া ধৰণৰ।

আহোম চিহ্ননাম চিহ্নৰ ব্যৱহাৰঅসমীয়া সমতুল্য
𑜠আ (চুটি) 𑜀𑜠 (কা ছুটি)অসমীয়া সমতুল্য নাই
আ (দীঘল) 𑜀า (কা দীঘলীয়া)
𑜢ই (চুটি) 𑜀𑜢(কি)ি
𑜣ই (দীঘল) 𑜀𑜣(কী)
𑜤ও (চুটি) 𑜀𑜤 (কু)
𑜥ও (দীঘল) 𑜀𑜥 (কূ)
𑜦এ (চুটি) 𑜀𑜦 (কে)
𑜦𑜧এ (দীঘল) 𑜀𑜦𑜧 (কে দীঘল)অসমীয়া সমতুল্য নাই
𑜦𑜦 এ' (অতি দীঘলীয়া) 𑜀𑜦𑜦 (কে' অতি দীঘলীয়া) অসমীয়া সমতুল্য নাই
𑜧আও 𑜀𑜧 (কাও)অসমীয়া সমতুল্য নাই
𑜨 𑜀𑜨 (ক)অসমীয়া সমতুল্য নাই
𑜦า অ' 𑜀𑜦า(ক') ʼ
𑜩আই 𑜀𑜩 (কাই)অসমীয়া সমতুল্য নাই
𑜥𑜈𑜫 𑜀𑜥𑜈𑜫 (কৌ)
𑜩า আঈ 𑜀𑜩า (কাঈ) আঈ
𑜨𑜩 𑜀𑜩𑜨 (কৈ)
𑜤𑜐𑜫 ওঈ 𑜀𑜤𑜐𑜫 (কুঈ) অসমীয়া সমতুল্য নাই
𑜢𑜤𑜐𑜫 ও'ঈ 𑜀𑜢𑜤𑜐𑜫 (কু'ঈ) অসমীয়া সমতুল্য নাই
𑜢𑜈𑜫 ইউ 𑜀𑜢𑜈𑜫 (কিউ) অসমীয়া সমতুল্য নাই
𑜦𑜈𑜫 এও 𑜀𑜦𑜈𑜫 (কেউ) অসমীয়া সমতুল্য নাই
𑜦𑜦𑜈𑜫 এ'ও 𑜀𑜦𑜈𑜫 (কে'উ) অসমীয়া সমতুল্য নাই
𑜢า ইয়া 𑜀𑜢า(কিয়া) অসমীয়া সমতুল্য নাই
𑜨𑜡 ৱা 𑜀𑜨𑜡 (ক্ৱা) অসমীয়া সমতুল্য নাই
𑜢𑜤 –er 𑜀𑜢𑜤𑜈𑜫 (kér) অসমীয়া সমতুল্য নাই

ব্যঞ্জন চিহ্ন (Medials)

[সম্পাদনা কৰক]
আহোম চিহ্নব্যৱহাৰ উদাহৰণঅসমীয়া সমতুল্য
𑜝ল-যোগ 𑜀𑜝า (ক্লা)সমতুল্য নাই
𑜞ৰ-যোগ 𑜀𑜞า(ক্রা)
𑜟সংযুক্ত ৰ 𑜀𑜟า(ক্ৰা)সমতুল্য নাই

অন্যান্য চিহ্ন

[সম্পাদনা কৰক]
আহোম চিহ্ননাম ব্যৱহাৰঅসমীয়া সমতুল্য
𑜪আম 𑜀𑜪 (কাম)সমতুল্য নাই
𑜫শব্দৰ শেষত লিখা চিহ্ন 𑜉𑜢𑜤𑜂𑜫 (মু'ঙ)সমতুল্য নাই

টাই আহোম সংখ্যা পদ্ধতি তলত দিয়া ধৰণৰ।[8]

টাই-আহোম লিপিত সংখ্যাটাই-আহোম সংখ্যাৰ নামঅসমীয়া সংখ্যা
𑜰ৱা চম
𑜱লুং
𑜲চং
𑜳চাম
𑜴চি
𑜵হা
𑜶ৰুক
𑜷চিত
𑜸পেত
𑜹কাও
𑜺চিপ১০
𑜏𑜰𑜫চ'ও২০

যতি চিহ্ন

[সম্পাদনা কৰক]
আহোম চিহ্নব্যৱহাৰঅসমীয়া সমতুল্য
𑜼বাক্যৰ শেষত লিখা চিহ্ন
𑜽অনুচ্ছেদৰ শেষত লিখা চিহ্নসমতুল্য নাই
𑜾ৰু লাই (প্ৰবন্ধৰ আৰম্ভণিত লিখা চিহ্ন)সমতুল্য নাই
𑜿বিস্ময়সূচক চিন!

টাই-আহোম ভাষাৰ নিজা লিপি আছে আৰু আন টাই ভাষাসমূহৰ দৰে ইয়াৰ কিছুমান অনন্য বৈশিষ্ট্য আছে:

  • বাক্যবিন্যাস সাধাৰণতে কৰ্তা ক্ৰিয়া কৰ্ম/ কৰ্তা কৰ্ম ক্ৰিয়া এইধৰণে হয়।[9][10]
  • স্বৰ।[9][10][11]
  • উচ্চাৰণ অনুসৰি একেটা কথাতে কেইবাটাও অৰ্থ হয়। [9][10][11][12]
  • শব্দ যেনে ক্ৰিয়াবাচক শব্দৰ ৰূপান্তৰ নহয়।[9][11]
  • বিশ্লেষণাত্মক বাক্য ৰচনা[10]

অসমীয়া ভাষালৈ অবদান

[সম্পাদনা কৰক]

টাই-আহোম ভাষাই অসমীয়া ভাষাক অধিক চহকী কৰি তুলিছিল।[13] তাৰে দুটামান উদাহৰণ হল:

টাই-আহোম ভাষাঅসমীয়া ভাষা অৰ্থ
𑜆𑜣 𑜀𑜩 (pi-kai)ককাইডাঙৰ সহোদৰ
Ka-Ruenকাৰেংৰাজ পৰিয়াল বাস কৰা ঘৰ
Buronjiবুৰঞ্জীইতিহাস
Khi-Lan-Zi[13]খিলঞ্জীয়াথলুৱা
Lāuলাওসুৰা
Phukফুকমন্ত্ৰ মতা
Rāpৰাপআগ্ৰহ
Khinক্ষীণকম উজনৰ ব্যক্তি
Chaklangচকলংটাই-আহোম বিবাহ পৰম্পৰাৰ মুখ্য নিয়ম
Tsang-meiচাংমাইএটা উপাধি
Chau-dangচাওদাংএটা বিষয়-বাব
Choakচোকাপাকৈত
Mawkজমকউজ্জ্বল
Kai-ki-niকাকিনিএকপ্ৰকাৰৰ তামোল
Māmমামভাত
Lik-Chauলিক-চৌলগুৱা

প্ৰাচীন উৎস

[সম্পাদনা কৰক]

টাই-আহোম ভাষা উৎস হৈছে প্ৰাচীন টাই ভাষা।

অসমৰ টাই-আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ টাই-আহোম ভাষাৰ ঠাইত অসমীয়াই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী টাই-আহোম ম'-লৌঙ সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰত টাই-আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়। বৰ্তমান টাই-আহোম ভাষাৰ প্ৰচলন বৰ কাকত ম'-হুং নামেৰে জনাজাত টাই-আহোম-অসমীয়া অভিধান পুথি টাই-আহোম সাম্ৰাজ্যত ব্যৱহৃত টাই-আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে।[14] টাই-আহোম ভাষা তুলনামূলকভাৱে মন-খমেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰপৰা মুক্ত। ত্ৰয়োদশ শতিকাৰপৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল। টাই-আহোম ভাষাই অসমৰ একমাত্ৰ ভাষিক লিপি যি স্বাধীনভাৱে উনিকদত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, আধুনিক প্ৰচলিত টাই ভাষা যেনে শ্যান, খামটি, আইটন আদিৰ সৈতে টাই-আহোম ভাষাৰ মিল আছে আৰু বৰ্ণমালা হিচাপে টাই-আহোম ভাষা এই আটাইকেইটা ভাষাতকৈ চহকী।[15]টাই-কড়াই পৰিয়ালৰ অন্তৰ্গত (সম্ভৱতঃ অষ্ট্ৰ’নেচিয়ান ভাষাৰ সৈতে সম্পৰ্কিত)[10] কাম-টাই ঠালৰ[12] (প্ৰস্তাৱিত কিন্তু দ্বিমত থকা) ২০০০ বছৰ পুৰণি প্ৰ’ট’-টাই ভাষাৰ[11][12] পৰা টাই-আহোম ভাষাৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে কিছু লোকৰ মতে টাই ভাষাসমূহ এক ভিন্ন পৰিয়ালৰ আৰু ইহঁত টাই-কড়াইৰ অংশ নহয়।[11]

টাই-আহোম লোকসকল আৰু তেওঁলোকৰ ভাষাৰ মূল ঠাই হৈছে বৃহত্তৰ চীনৰ য়ুন্নান আৰু তেওঁলোকে উত্তৰ ভিয়েটনাম আৰু গুৱেংজি প্ৰদেশৰ সীমান্তৰ পৰা[11] দক্ষিণ-পূব এচিয় অৱবাহিকা আৰু উত্তৰ বাৰ্মালৈ পৰিব্ৰাজন কৰিছিল। টাই-আহোম ৰাজত্বকালত (১২২৮-১৮২৬) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কথিত ৰূপত টাই-আহোম ভাষাৰ ব্যৱহাৰ কৰা হৈছিল।[9] ১৫-১৬ শতিকাত টাই-আহোম ৰাজসভাত কেৱল টাই-আহোম ভাষাৰ ব্যৱহাৰ হৈছিল। পিছলৈ অসমীয়া ভাষায়ো ৰাজসভাত স্থান পায় আৰু ১৯ শতিকালৈ টাই-আহোম ভাষা এলাগী হৈ পৰে।[12] বৰ্তমান পাৰম্পৰিক আচাৰ-উৎসৱত যেনে চকলং, পূজা-পাতল আদিতহে এই ভাষা ব্যৱহাৰ কৰা হয়।[9]

বৰ্তমান ব্যৱহাৰ

[সম্পাদনা কৰক]

বৰ্তমান সময়ত টাই-আহোম ভাষাটো পুনৰ ব্যৱহাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত টাই-আহোম ভাষাৰ বিষয় উচ্চতৰ মাধ্যমিক কলা শাখাত যোগদান কৰিছে।[16] আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই--টাই-আহোম ভাষাৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰু কথিত তিনি মাহৰ চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।[17]

টাই-আহোম লিপি সম্ভৱতঃ ইণ্ডিক নাইবা ব্ৰাহ্মী লিপিৰপৰা উদ্ভৱ হৈছে।[9] ২০১৫ চনৰ জুনত টাই-আহোম লিপিক ইউনিকোডত (৮.০ সংস্কৰণ) স্থান দিয়া হয়।[18]

আহোম[1][2]
আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF)
 0123456789ABCDEF
U+1170x 𑜀 𑜁 𑜂 𑜃 𑜄 𑜅 𑜆 𑜇 𑜈 𑜉 𑜊 𑜋 𑜌 𑜍 𑜎 𑜏
U+1171x 𑜐 𑜑 𑜒 𑜓 𑜔 𑜕 𑜖 𑜗 𑜘 𑜙 𑜝 𑜞 𑜟
U+1172x 𑜠 𑜡 𑜢 𑜣 𑜤 𑜥 𑜦 𑜧 𑜨 𑜩 𑜪 𑜫
U+1173x 𑜰 𑜱 𑜲 𑜳 𑜴 𑜵 𑜶 𑜷 𑜸 𑜹 𑜺 𑜻 𑜼 𑜽 𑜾 𑜿
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Issues of language contact and shift in Tai Ahom". http://jseals.org/seals21/buragohain11issuesp.pdf আহৰণ কৰা হৈছে: 28 Apr 2026.
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Ahom". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/ahom1240.
  3. "G.N. Phukan's 'Primer and Grammar of Ahom (Tai) Language". https://shs.hal.science/halshs-02925410/document.
  4. Terwiel, B. J. (1992). Tai Ahoms and the Stars: Three Ritual Texts to Ward off Danger. p.8
  5. Desk, Sentinel Digital (28 Apr 2026). "Gauhati University Launches Tai-Ahom Language and Medieval Manuscriptology Certificate Course to Preserve Linguistic Heritage". The Sentinel - of this Land. https://www.sentinelassam.com/amp/story/cities/guwahati-city/gauhati-university-launches-tai-ahom-language-and-medieval-manuscriptology-certificate-course-to-preserve-linguistic-heritage আহৰণ কৰা হৈছে: 28 Apr 2026.
  6. "Issues of language contact and shift in Tai Ahom". http://jseals.org/seals21/buragohain11issuesp.pdf আহৰণ কৰা হৈছে: 28 Apr 2026.
  7. "Unicode Ahom Block". Unicode Consortium. https://www.unicode.org/charts/nameslist/n_11700.html. "Ahom block: U+11700–U+1174F"
  8. Borah, Udayan; Scholar, Research (1 Oct 2020). "(PDF) Numerals of the Tai-Ahom language". ResearchGate. পৃষ্ঠা: 3624–3630. https://www.researchgate.net/publication/352062461_Numerals_of_the_Tai-Ahom_language আহৰণ কৰা হৈছে: 1 May 2026.
  9. 1 2 3 4 5 6 7 Diller, A. (1993). Tai Languages. In International Encyclopedia of Linguistics (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.
  10. 1 2 3 4 5 Blake, B. J. (1994). Language Classification. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press.
  11. 1 2 3 4 5 6 French, M. A. (1994). Tai Languages. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press.
  12. 1 2 3 4 Hongladarom, K. (2005). Thai and Tai Languages. In Encyclopedia of linguistics (Vol. 2, pp. 1098-1101). New York, NY: Fitzroy Dearborn.
  13. 1 2 The Tai Ahom Language in Assam : Language Shift and The Process of Socio-Cultural Assimilation — Dr. Anita konwar, Asst. Professor, Donation, Cheraidoi
  14. দেওধাই ফুকন,বৰুৱা, বি,এন এন (১৯৬৪) (টাই-আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). টাই-আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ.
  15. টাই-আহোম প্ৰাইমাৰ. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ. ২০১০. পৃষ্ঠা. ১০.
  16. Assam Higher Secondary Education Council to include Tai language in HS level as subject
  17. Dibrugarh University Diploma in Tai Language[সংযোগবিহীন উৎস]
  18. http://www.unicode.org/charts/PDF/U11700.pdf

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. ইংৰাজীৰপৰা টাই-আহোমলৈ অনলাইন অভিধান - গ্ল'চবে