সমললৈ যাওক

অক্ষয়কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Akṣayakumāraৰ পৰা পুনঃনিৰ্দেশিত)


অক্ষয়কুমাৰ
Aksha Shelke Kumar
অক্ষয় কুমাৰ
পিতৃ-মাতৃ ৰাৱণ (পিতৃ) মন্দোদৰী (মাতৃ)
সহোদৰ ইন্দ্ৰজিৎ, অতিকায়, নৰান্তক-দেৱান্তক, ত্ৰিশিৰা, প্ৰহস্ত

অক্ষয়কুমাৰ বা অক্ষকুমাৰ (ইংৰাজী: Akṣayakumāra, সংস্কৃত: अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ[1] তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ পঠিয়াইছিল। মাত্ৰ ষোল্ল বছৰ বয়সতে তেওঁৰ দেউতাক ৰাৱণৰ আদেশ মৰ্মে তেওঁ ৰথত উঠি যুদ্ধলৈ যায়। তেওঁ হনুমানক লক্ষ্যভেদ কৰি বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ কৰিছিল। হনুমানে যুৱ ৰাজকুমাৰৰ বীৰত্ব আৰু দক্ষতাৰ প্ৰতি আকৃষ্ট হ’লেও শেষত হনুমানে তেওঁক হত্যা কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]