অক্ষয় তৃতীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Akshaya Tritiyaৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
অক্ষয় তৃতীয়া
পালন কৰে হিন্দুধৰ্মী আৰু জৈনধৰ্মী
প্ৰকাৰ হিন্দু, জৈন
আৰম্ভ হয় বহাগ
তাৰিখ এপ্ৰিলৰ শেষৰফালে-মে'ৰ প্ৰথমফালে
উদযাপন এদিন

অক্ষয় তৃতীয়া (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু ভগৱান গনেশে মিলি মহাভাৰত ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে গঙ্গা নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]