সমললৈ যাওক

আলি আঃয়ে লৃগাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Ali-Ai-ligangৰ পৰা পুনঃনিৰ্দেশিত)
আলি আঃয়ে লৃগাং

আলি আঃয়ে লৃগাং উপলক্ষে কৰা পূজাৰ দৃশ্য
আৰম্ভ ফাগুন মাহৰ প্ৰথম বুধবাৰ
অন্তৰ বাৰ্ষিক
ঠাই অসম
অংশগ্ৰহণকাৰী মিচিং জনগোষ্ঠী
আলি আঃয়ে লৃগাং উৎসৱ উদযাপন

আলি আঃয়ে লৃগাং (ইংৰাজী: Ali Aye Ligang) হৈছে অসমমিচিং জনগোষ্ঠীৰ লোকসকলৰ এক কৃষি ভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। লৃগাং উৎসৱে বিভিন্নজনৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি কৃষিকৰ্মৰ বাবে নিয়োজিত হ'বলৈ সকলো মিচিং লোককে সক্ৰিয় আৰু কৰ্মঠ কৰি তোলে। উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই 'দ:ঞি-প:ল' (সূৰ্য-চন্দ্ৰ) ৰ নাম লৈ স্তুতি গীত আওৰায়। এই স্তুতি গীত পূৰ্বপুৰুষৰ মৃতআত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয়। লগতে শস্যক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুশল-মংগল হয়, তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয়। সেইদিনা বৰা চাউলৰ পৰা তৈয়াৰী পুৰাং আপিন, কৌপাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰিৰ মাংস, আপং আদিৰে ভোজন পৰ্ব কৰা হয়। এই উৎসৱত প:ৰ: আপং ব্যৱহাৰ কৰা হয়। আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

উৎসৱৰ বিৱৰণ

[সম্পাদনা কৰক]
আলি আঃয়ে লৃগাং অনুষ্ঠান

মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে।

পূৰ্বতে আলি আঃয়ে লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰা হৈছিল। প্ৰথমদিনা ৰীতি অনুসৰি শস্য সিঁচা হয়। পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২-৩ফুট বহল আৰু ৩-৪ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয়। পুৱাতে ঘৰৰ গৃহস্থই 'ইগিন'ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে- পঃৰ আপং (পৰম্পৰাগত পানীয়), পুৰাং (তৰা পাতত সিজোৱা টোপোলা ভাত), আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ (মেগেলা গছ), কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদি ভৰাই লৈ পথাৰলৈ যায়। যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়া, পূৰ্বপুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভকাৰ্যত সফলতা লাভৰ মানসেৰে আৰ্শীবাদ কামনা কৰে। খেতিপথাৰৰ নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত ছটিয়াই চাকিগছি জ্বলাই দি পুৰাং, আপং, মাছ আদি খাদ্য সামগ্ৰীবিলাক আগবঢ়াই দিয়ে। তাৰ পাছত সোঁহাতত আহুধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ চে:দি-মে:ল, আৰাধ্য দেৱ-দেৱী দ:ঞি-প:ল (বেলি-জোন), কাৰ্চিং-কাৰ্তাং (গ্ৰহ-নক্ষত্ৰ)-ক সাক্ষী কৰি ধৰিত্ৰী শস্য-শ্যামলা হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনাই বীজ সিঁচে।

উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং এগে, ৰিঃবি গাচেং, গে'ৰঃ দুমেৰ বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে। গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে। আলি আঃয়ে লৃগাং উপলক্ষে ঘৰে ঘৰে পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, মাছৰ আঞ্জা, গাহৰি মাংসৰ তৰকাৰী আদি প্ৰস্তুত কৰে। পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায়। খোৱা-বোৱাৰ অন্তত নৃত্য-গীত কৰা হয়। ল'ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে উলহ-মালহেৰে অংশ লোৱা এই নৃত্যক 'পাক্ছং-মনাম্' বোলা হয়। এই নৃত্যৰ সৈতে বজোৱা ঢোলৰ বিশেষ ছেওৰ অনুকৰণত এই নৃত্যক গুমৰাগ বুলিও কোৱা হয়। বৃত্তাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্যৰ ভংগীয়ে ঋতু পৰিৱৰ্তন আৰু জীৱন চক্ৰৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে। লোকবিশ্বাস মতে এই নৃত্য নকৰিলে ধানৰ গঁজালি ঠন্ ধৰি নুঠে, থোক লেৰেলি যায় বা পোক-পতংগই ক্ষতি সাধন কৰে। এই উৎসৱত পৰিৱেশন কৰা গীতক 'লৃগাং-নিঃতম' নামেৰে জনা যায়।[1]

বিশ্বাস

[সম্পাদনা কৰক]

আলি আঃয়ে লৃগাং উৎসৱৰ সৈতে বহু বিশ্বাস যুক্ত হৈ আছে। এনে বিশ্বাসমতে শস্য সিঁচিবলৈ যাওঁতে গৃহস্থজনে ধানৰ থোক ঘিলাৰ চেইনৰ দৰে দীঘল আৰু শিলৰ দৰে গধুৰ হোৱাৰ কামনাৰে লগত ঘিলা আৰু শিলগুটি লৈ যাব লাগে। শস্য সিঁচাৰ পাছৰ পৰা কেইদিনমান তেওঁলোকে মাটি নাখান্দে, বাঁহ-বেত, খেৰ-খাগৰি আদি নাকাটে, ভজা-পোৰা নাখায়। অন্যথা শস্যৰ বীজ শুকাই যায় বুলি ভবা হয়। বীজ সিঁচি ঘৰলৈ আহি গৃহস্থজনে এবাটি পঃৰ আপং আৰু পুৰাং খায় আৰু এই কামনা কৰে যাতে খাদ্যবস্তুৰ কোনোদিনে অভাৱ নহয়। শস্য সিঁচাৰ তিনিদিন পাছত ৰীতি-নীতি মতে এই বাধা-নিষেধ ভঙা হয়। মিচিংসকলে বিশ্বাস কৰে যে - দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব। সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

ৰাজ্যিক বন্ধ

[সম্পাদনা কৰক]

২০২৬ চনৰ ১০ মাৰ্চৰ দিনটো মিচিং জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন। কিয়নো এই দিনটোতে অসম চৰকাৰৰ কেবিনেট বৈঠকত আলি আঃয়ে লৃগাঙৰ দিনাখন ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰে। সেইদিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্ংবাদ মেলত সেই সিদ্ধান্ত অৱগত কৰায়। তাৰ পাছতে ১৪ মাৰ্চ তাৰিখে ৰাজ্যপাল এম, এছ, মানিভান্নামে আনুষ্ঠানিক নিৰ্দেশনাৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তক কাৰ্যকৰী হোৱাকৈ এখন অধিসূচনা জাৰি কৰি লৃগাং উপলক্ষে সম্পূৰ্ণ বন্ধৰ দিন (ৰাজপত্ৰিক বন্ধ) হিচাপে ঘোষণা কৰে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. আলি আঃয়ে লৃগাং, লিখক - বিজু বৰি, দৈনিক জনমভূমি, সংগ্ৰহৰ সময়- ১৫ ফেব্ৰুৱাৰী ২০১২
  2. https://gad.assam.gov.in/sites/default/files/public_utility/Notification%20for%20Ali-Aye-Ligang.pdf আহৰণ কৰা হৈছে। স্ংগ্ৰহৰ তাৰিখ ১৮ মে' ২০২৬।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]