সমললৈ যাওক

অমিতাভ বচ্চন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Amitab Bachanৰ পৰা পুনঃনিৰ্দেশিত)
অমিতাভ বচ্চন

অমিতাভ বচ্চন, ২০১৩ চনৰ ডিছেম্বৰত
জন্ম অমিতাভ হৰিবংশ বচ্চন
১১ অক্টোবৰ, ১৯৪২
এলাহাবাদ, উত্তৰ প্ৰদেশ,ভাৰত
বাসগৃহ প্ৰতীক্ষা, মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেতা, প্ৰযোজক, অনুষ্ঠান পৰিবেশক, গায়ক
সক্ৰিয় হৈ থকা সময় ১৯৬৯-বৰ্তমানলৈ
দাম্পত্যসঙ্গী জয়া বচ্চন (১৯৭৩--বৰ্তমানলৈ)
ৱেবছাইট
http://bigb.bigadda.com/

অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।[1][2]

অভিনয়ৰ বাহিৰেও তেখেতে দূৰদৰ্শনত অনুষ্ঠানৰ পৰিবেশনা কৰিছে। কেইখন মান বোলছবিত গান গোৱাৰ উপৰিও তেখেতে অলপ সময়ৰ বাবে ৰাজনীতিত যোগদান কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।

জন্ম আৰু কৈশোৰ

[সম্পাদনা কৰক]

অমিতাভ বচ্চনৰ জন্ম হৈছিল উত্তৰ প্ৰদেশএলাহাবাদ চহৰত এটা হিন্দু কায়স্থ পৰিয়ালত। তেখেতৰ পিতৃ ড॰ হৰিবংশ ৰায় বচ্চন এগৰাকী প্ৰথিতযশা হিন্দী কবি। মাতৃ তেজী বচ্চন। অমিতাভক প্ৰথমে 'ইন্‌কিলাব' নাম দিয়া হৈছিল। পাছলৈ হৰিবংশ ৰায়ৰ বন্ধু কবি সুমিত্ৰানন্দন পণ্ট-ৰ অনুৰোধত নাম সলাই অমিতাভ ৰখা হয়। তেওঁলোকৰ উপাধি শ্ৰীবাস্তৱ আছিল যদিও দেউতাকে ছদ্ম উপাধি লৈছিল 'বচ্চন' (হিন্দী শব্দৰ অৰ্থ শিশুসুলভ)। অমিতাভে এই উপাধিৰেই চলচ্চিত্ৰত প্ৰবেশ কৰে। এই উপাধিকে এতিয়া বচ্চন পৰিয়ালে সমূহীয়াকৈ লিখে। পিতৃৰ মৃত্যু হয় ২০০৩ চনত আৰু ২০০৭ চনত মাতৃৰ পৰলোক প্ৰাপ্তি হয়।[3]

অমিতাভ আছিল দুই ভাতৃৰ ডাঙৰজন। সৰু ভাইটিৰ নাম অজিতাভ। অমিতাভৰ বচ্চনৰ মাতৃ থিয়েটাৰ জগতৰ লগত জড়িত আছিল।[4] অমিতাভ বচ্চনে এলাহাবাদৰ 'জ্ঞান প্ৰবোধিনী' আৰু 'ল'ৰাৰ উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয়ত' শিক্ষা গ্ৰহন কৰিছিল। পাছলৈ তেখেতে নাইনিতালৰ 'শ্বেৰউড মহাবিদ্যালয়' আৰু দিল্লীকিৰোৰীমল মহাবিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। চলচ্চিত্ৰত অভিনয় কৰাৰ আগতে অমিতাভ বচ্চনে কলিকতাৰ 'বাৰ্ড এণ্ড কো.' নামৰ জাহাজৰ কোম্পানী এটাত চাকৰি কৰিছিল।

পৰিয়াল

[সম্পাদনা কৰক]

অমিতাভ বচ্চনে ব্যক্তিগত জীৱনত বিখ্যাত বঙালী লেখক তৰুণ কুমাৰ ভাদুড়ীৰ কন্যা - অভিনেত্ৰী জয়া ভাদুড়ীক বিয়া কৰায়। তেওঁলোকৰ দুটি সন্তান শ্বেতা নন্দা আৰু অভিষেক বচ্চন। অভিষেক বচ্চন পেছাত অভিনেতা আৰু তেওঁ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰথম ভাগ: ১৯৬৯ -১৯৭২

[সম্পাদনা কৰক]

অমিতাভ বচ্চনে প্ৰথমে চলচ্চিত্ৰৰ কাম আৰম্ভ কৰে এগৰাকী নেপথ্য ঘোষকৰ ৰূপত, মৃণাল সেন-ৰ বিখ্যাত ছবি ভূৱন সোমত। তাৰ পাছত খাজা আহমদ আব্বাছসাত হিন্দুস্থানী ছবিত প্ৰথমে অভিনয় কৰে। এই ছবিত অমিতাভ বচ্চনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত 'শ্ৰেষ্ঠ অভিষেক অভিনেতা'-ৰ (Best Newcomer) বঁটা লাভ কৰে।[5]

১৯৭০ চনত নিৰ্মিত আনন্দ বোলছবিত তেওঁ সহ-অভিনেতাৰ ৰূপত ৰাজেশ খান্নাৰ সতে অভিনয় কৰে আৰু 'শ্ৰেষ্ঠ সহ-অভিনেতা'ৰ বঁটা লাভ কৰে। একে বছৰত মুক্তি লভা পৰৱানা ছবিত তেখেতে প্ৰতিনায়কৰ ভূমিকাতো অভিনয় কৰে। ১৯৭২ চনত তেখেতে বোম্বে টু গোৱা নামৰ এখন হাস্যমধূৰ ছবিতো অভিনয় কৰে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

শেহতীয়া চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰভূমিকাটোকা
২০০৬ফে'মিলী —টাইজ অৱ ব্লাডৱীৰেন চাহি
ডৰণা জৰুৰী হ্যেঁঅধ্যাপক
কভী আলৱিদা না কে'হনাসমৰজিৎ সিং তালৱাৰ (ওৰফে চেক্সী চেম)ফিল্মফেয়াৰ শ্ৰেষ্ঠ সহ-অভিনেতা পুৰস্কাৰৰ বাবে মনোনীত
বাবুলবলৰাজ কাপুৰ
২০০৭একলৱ্য: দ্য ৰয়েল গাৰ্ডএকলৱ্য
নিশব্দ্ৱিজয়
চীনি কুমবুদ্ধদেৱ গুপ্তা/ঘাচপাচ
শ্বুট-আউট এত লোখাণ্ডৱালাবিশেষ আগমণ, ডিংৰা
ঝুম বৰাবৰ ঝুমবিশেষ আগমণ, সূত্ৰধাৰ
ৰাম গোপাল ৱাৰ্মা কী আগবাব্বন সিং
ওঁম শান্তি ওঁমবিশেষ আগমণ,নিজস্ব
২০০৮জোধা আকবৰবৰ্ণনাকাৰ
ভূতনাথভূতনাথ (কৈলাশ নাথ)
চৰকাৰ ৰাজসুভাষ নাগৰে ওৰফে চৰকাৰ
গড তুচ্চি গ্ৰে'ট হ'গড অলমাইটি
দ্য লাষ্ট লিয়েৰহৰিশ 'হে'ৰী' মিশ্ৰ
২০০৯দিল্লী-৬বিশেষ আগমণ, দাদাজী
আলাদিনজিনিয়াছ দ্য জেনী
পাঅ'ৰ'ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ বিজেতা
শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজেতা
২০১০ৰণৱিজয় হৰ্ষৱৰ্হন
তীন পট্টীৱেংকট
কান্দাহাৰলোকনাথন শৰ্মা
২০১১ডিপাৰ্টমেন্ট
বুদ্ধা হ'গা তেৰা বাপ
আৰক্ষণপ্ৰভাকৰ আনন্দফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত
শ্বু-বাইটজ'ন পীৰে'ৰাপ'ষ্ট-প্ৰডাকছন
২০১২তালছিমানশ্বুটিং চলি আছে
২০১২দ্য গ্ৰে'ট গে'তছবীমেয়াৰ ৱল্ফচেমশ্বুটিং চলি আছে

প্ৰযোজক

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰ
১৯৯৬ তেৰে মেৰে স্বপনে
১৯৯৭ উল্লাচাম
মৃত্যুদাতা
১৯৯৮ মেজৰ চাব
১৯৯৮ সাত ৰংগ কে স্বপনে
২০০১ অক্স
২০০৫ বিৰোধ... ফেমিলী কামছ ফাৰ্ষ্ট
২০০৬ ফেমিলী — টাইজ অৱ ব্লাড

নেপথ্য গায়ক

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰ
১৯৭৭ দ্য গ্ৰে'ত গেম্বলাৰ
মিঃ নটৱাৰলাল
১৯৮১ লাৱাৰিছ
নছীৱ
চিলচিলা
১৯৮৩ মহান
পুকাৰ
১৯৮৪ চাৰাবী
১৯৮৯ তুফান
যাদুগৰ
১৯৯২ খুদা গৱাহ
১৯৯৮ মেজৰ চাব
১৯৯৯ সূৰ্যৱংশম
২০০১ অক্স
কভী খুছী কভী গম
২০০২ আঁখে
২০০৩ আৰমান
বাগবান
২০০৪ দেৱ
এইতবাৰ
২০০৬ বাবুল
২০০৭ নিশব্দ্
চীনি কুম
২০০৮ ভূতনাথ
২০০৯ আলাদিন
পা
২০১১ বুদ্ধা হ'গা তেৰা বাপ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Amitabh Bachchan: A Life in Pictures | BAFTA Guru". Bafta.org. 2007-06-16. Archived from the original on 2011-09-03. https://web.archive.org/web/20110903055429/http://www.bafta.org/access-all-areas/videos/screen-icons-amitabh-bachchan,200,BA.html আহৰণ কৰা হৈছে: 2013-03-02.
  2. "FILM | Film legend promotes Bollywood". BBC News. 2002-04-23. http://news.bbc.co.uk/2/hi/entertainment/1945451.stm আহৰণ কৰা হৈছে: 2013-03-02.
  3. "Big B's mother Teji Bachchan is no more". Hindustan Times. 2007-12-21. Archived from the original on 2019-01-05. https://web.archive.org/web/20190105215329/https://www.hindustantimes.com/ আহৰণ কৰা হৈছে: 2013-03-02.
  4. "MouthShut.com". MouthShut.com. Archived from the original on 2014-09-07. https://web.archive.org/web/20140907072622/http://www.mouthshut.com/review/To_Be_or_Not_To_Be_Amitabh_Bachchan_-_Khalid_Mohamed-72513-1.haster_of_Arts আহৰণ কৰা হৈছে: 2013-03-02.
  5. "Entertainment News, Latest Entertainment News, Hollywood Bollywood News | Entertainment - Times of India" (ফৰাছী ভাষাত). Movies.indiatimes.com. Archived from the original on 2007-10-13. https://web.archive.org/web/20071013222608/http://movies.indiatimes.com/articleshow/1905623.cms আহৰণ কৰা হৈছে: 2013-03-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]