অনুৰাধা শৰ্মা পূজাৰী
| অনুৰাধা শৰ্মা পূজাৰী | |
|---|---|
| জন্ম | ১৯৬৪ চন যোৰহাট, অসম |
| পেচা | লেখিকা, সাংবাদিক আৰু সম্পাদক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (২০২১), ৰেনেছাঁ অসম বঁটা, অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা |
| স্বাক্ষৰ | |
অনুৰাধা শৰ্মা পূজাৰী (ইংৰাজী: Anuradha Sharma Pujari, জন্ম: ১৯৬৪ চন) অসমৰ এগৰাকী বিশিষ্ট লেখিকা, সাংবাদিক আৰু সম্পাদক। ১৯৮৭ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ইয়াৰ উপৰি তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰম অধ্যয়ন কৰে।
তেওঁ কমাৰ্চিয়েল আৰ্ট আৰু কম্পিউটাৰ গ্ৰাফিক্সৰো শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ অধীনস্থ এটা প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। তাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত সাংবাদিকতা কৰে। পৰৱৰ্তী সময়ত তেওঁ সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1]
তেওঁৰ চাহেবপুৰাৰ বৰষুণ উপন্যাসখনৰ বাবে ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা লাভ কৰে। ২০২১ চনত ইয়াত এখন অৰণ্য আছিল উপন্যাসখনৰ বাবে তেওঁ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]যোৰহাটত জন্মগ্ৰহণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত স্নাতক পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজশাস্ত্ৰ বিষয়ত অধ্যয়ন কৰি ১৯৮৭ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৯৩ চনত তেওঁ কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্ট ছায়েন্সত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ইয়াৰ উপৰি পশ্চিমবংগ বোলছবি কেন্দ্ৰৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।[3]
অসম বাণী কাকতত প্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ জৰিয়তে তেওঁ সাহিত্যিক আৰু পাঠকসমাজৰ মাজত পৰিচিতি লাভ কৰে।[4]
১৯৯৮ চনত প্ৰথম প্ৰকাশিত এই উপন্যাসখনক সাহিত্যিক হোমেন বৰগোহাঞিয়ে সেই সময়ৰ এখন উল্লেখযোগ্য উপন্যাস হিচাপে অভিহিত কৰিছিল। তেওঁৰ মতে, উপন্যাসখনে আধুনিক অসমীয়া সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল।[5] উপন্যাসখনৰ একাধিক সংস্কৰণ প্ৰকাশিত হৈছিল আৰু ই লেখিকাক সাহিত্যিক তথা বাণিজ্যিক সফলতা প্ৰদান কৰিছিল।[6]
পেছাদাৰী জীৱন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক অৱস্থাত অনুৰাধা শৰ্মা পূজাৰীয়ে কমাৰ্চিয়েল আৰ্ট আৰু কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ অধীনস্থ চিটেক ইনষ্টিটিউটত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত তেওঁ আমাৰ অসম কাকতত সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
পৰৱৰ্তী সময়ত তেওঁ সাদিন গোষ্ঠীত যোগদান কৰে আৰু কাকতখনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদনাৰ সৈতেও জড়িত।[3]
হৃদয় এক বিজ্ঞাপনৰ পিছত তেওঁৰ তিনিখন উপন্যাসৰ সংকলন এজন ঈশ্বৰৰ সন্ধানত ১৯৯৮ চনত প্ৰকাশ পায়। ইয়াৰ পিছত কাঞ্চন, চাহেবপুৰাৰ বৰষুণ আদি উপন্যাস প্ৰকাশিত হয়।
২০০৪ চনত হৃদয় এক বিজ্ঞাপনৰ আভা ভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ Hearts a Showbiz নতুন দিল্লীৰ স্পেকট্ৰাম পাব্লিকেচনৰ পৰা প্ৰকাশ পায়।[3] উপন্যাসখন বঙালী ভাষালৈও অনূদিত হৈছে।
সাহিত্য অকাডেমিৰ আলোচনী Contemporary Indian Literature আৰু জয়ন্ত মহাপাত্ৰ সম্পাদিত ওড়িয়া আলোচনী চন্দ্ৰভাগাতো তেওঁৰ গল্পৰ অনুবাদ প্ৰকাশিত হৈছে।[3]
২০০৬ চনত ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনিৰ্মাণ কেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান অনুষ্ঠানত তেওঁ সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল।[7]
সাহিত্য কৰ্মৰাজি
[সম্পাদনা কৰক]অনুৰাধা শৰ্মা পূজাৰীৰ সাহিত্যকৰ্মৰ ভিতৰত উপন্যাস, গল্প সংকলন আৰু আত্মজীৱনীমূলক ৰচনা উল্লেখযোগ্য।
উপন্যাস
[সম্পাদনা কৰক]- হৃদয় এক বিজ্ঞাপন, ১৯৯৮
- এজন ঈশ্বৰৰ সন্ধানত, ১৯৯৮
- কাঞ্চন, ২০০১
- চাহেবপুৰাৰ বৰষুণ, ২০০৩
- ব'ৰাগী নদীৰ ঘাট, ২০০৪
- নাহৰৰ নিৰিবিলি ছাঁ, ২০০৫
- ৰাগ অনুৰাগ, ২০০৭
- মেৰেং, ২০১০
- সোণ হৰিণৰ চেঁকুৰ, ২০১২
- নীল প্ৰজাপতি, ২০১৩
- জলছবি, ২০১৪
- ইয়াত এখন অৰণ্য আছিল, ২০১৮
- সুখৰ ৰামধেনু, ২০২৩
গল্প সংকলন
[সম্পাদনা কৰক]আত্মজীৱনীমূলক ৰচনা আৰু অন্যান্য গ্ৰন্থ
[সম্পাদনা কৰক]- কলিকতাৰ চিঠি, ১৯৯৯
- ডায়েৰী, ২০০১
- অট'গ্ৰাফ, ২০০৪
- আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু
- অলপ চিন্তা অলপ গদ্য
- প্ৰিয় মানুহ, প্ৰিয় কথা, ২০১৩
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- সাহিত্য অকাডেমি বঁটা, ২০২১ — ইয়াত এখন অৰণ্য আছিল উপন্যাসৰ বাবে।
- ৰেনেছাঁ অসম বঁটা।[8]
- কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা, ২০০৩ — অসম সাহিত্য সভাৰ পৰা চাহেবপুৰাৰ বৰষুণ উপন্যাসৰ বাবে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Anuradha Sharma Pujari". Online Sivasagar. http://onlinesivasagar.com/literature/anuradha-sharma-pujari.html। আহৰণ কৰা হৈছে: 3 February 2013. [সংযোগবিহীন উৎস]
- ↑ "ভালখবৰ! অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা". News18 Assam-NorthEast. https://assam.news18.com/news/assam/2021-sahitya-akademy-award-to-anuradha-sarma-pujari-hb-183267.html.
- 1 2 3 4 কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া, অনুৰাধা শৰ্মা পূজাৰী, বেটুপাতৰ দ্বিতীয় পৃষ্ঠা, ISBN 81-7339-460-1।
- ↑ "Article in Assam Tribune". Archived from the original on 19 February 2012. https://web.archive.org/web/20120219170130/http://www.assamtribune.com/aug2809/mosaic2.html। আহৰণ কৰা হৈছে: 6 January 2013.
- ↑ An Interview With Anuradha Sharma Pujari
- ↑ That Disgusting Photograph – Anuradha Sharma Pujari
- ↑ "Young Bravehearts". The Telegraph. 14 January 2006.
- ↑ "জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা". আমাৰ অসম. ১৩ মাৰ্চ ২০১৫.