আৰ্থাৰ গাইটন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Arthur Clifton Guytonৰ পৰা পুনঃনিৰ্দেশিত)
আৰ্থাৰ ক্লিফ্‌টন গাইটন (Arthur Clifton Guyton)

আনুমানিক ১৯৮০ চনত গাইটন
জন্ম ৮ ছেপ্টেম্বৰ, ১৯১৯
অক্সফ'ৰ্ড, মিচিচিপি
মৃত্যু ৩ এপ্ৰিল, ২০০৩ (৮৩ বছৰ)
মিচিচিপি
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ শৰীৰতত্ব
কৰ্মস্থান মিচিচিপি বিশ্ববিদ্যালয়

আৰ্থাৰ ক্লিফ্‌টন গাইটন (৮ ছেপ্টেম্বৰ, ১৯১৯ – ৩ এপ্ৰিল, ২০০৩) এজন আমেৰিকান শৰীৰতত্ববিদ। তেখেত পাছলৈ মিচিচিপি বিশ্ববিদ্যালয়ৰ চিকিৎসা স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Textbook of Medical Physiologyৰ লেখক হিচাপে তেখেতে সুখ্যাতি অৰ্জন কৰিছিল। বহু চিকিৎসা মহাবিদ্যালয়ত এই কিতাপখন শৰীৰতত্বৰ মান্য গ্ৰন্থ ৰূপে স্বীকৃতি দিয়া হৈছিল। ১৯৫৬ চনত ইয়াৰ প্ৰথম সংস্কৰণ আৰু ২০০০ চনত দশম সংস্কৰণ প্ৰকাশ পায় (গাইটনৰ মৃত্যুৰ পূৰ্বে শেষখন)। বৰ্তমান ইয়াৰ ত্ৰয়োদশ সংস্কৰণ উপলব্ধ। এইখন বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা চিকিৎসা শৰীৰতত্বৰ কিতাপ আৰু প্ৰায় ১৩টা ভাষালৈ ইয়াক অনুবাদ কৰা হৈছে।[1][2]

চমু জীৱনী[সম্পাদনা কৰক]

আৰ্থাৰ গাইটনে ১৯১৯ চনত অক্সফ'ৰ্ড, মিচিচিপিত জন্মলাভ কৰিছিল। তেখেতৰ দেউতাক আছিল ই এন টি বিশেষজ্ঞ ড° বিলী এছ গাইটন আৰু মাক অংক আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষয়িত্ৰী কে'ট স্মলউড গাইটন।[1][2]

গাইটনে চিকিৎসা বিজ্ঞান পঢ়ি থকা কালত এজন হৃদ শল্য চিকিৎসক হ'বলৈ বিচাৰিছিল কিন্তু ১৯৪৬ চনত প'লিঅ' ৰোগত ভুগি তেখেত আংশিকভাৱে পংগু হৈ পৰে। সোঁ ভৰি, বাওঁ হাত আৰু দুয়োটা কান্ধৰ দুৰ্বলতাত ভুগি তেখেতে জৰ্জিয়াত নমাহ সময় কটায়। এই সময়ছোৱাত তেখেতে "জয় ষ্টিক"ৰ সহায়ত নিয়ন্ত্ৰণ কৰা মটৰ লগোৱা হুইলচেয়াৰ, ৰোগীক দাঙিবলৈ মটৰ লগোৱা যন্ত্ৰ, বিশেষ ভৰিৰ বন্ধনী (leg brace) আৰু পংগুসকল সহায় কৰা অন্যান্য যন্ত্ৰ উদ্ভাৱন কৰে। এইসমূহৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ প্ৰশংসাপত্ৰ লাভ কৰিছিল।[2][1] ইয়াৰ পাছত অক্সফ'ৰ্ডলৈ ঘূৰি গৈ তেখেতে শৰীৰতত্বৰ গৱেষণা আৰু শিক্ষণত মনোনিৱেশ কৰে। ১৯৪৮ চনৰ পৰা ১৯৮৯ চনলৈকে তেখেত বিভাগীয় মূৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰে আৰু অৱসৰ পাছতো ২০০৩ চনলৈকে এমিৰেটাছ প্ৰফেচৰ হিচাপে কাম কৰে।

২০০৩ চনৰ ৩ এপ্ৰিলত মিচিচিপিৰ জেকচনত এক মটৰ দুৰ্ঘটনাত ৮৩ বছৰীয়া আৰ্থাৰ গাইটনৰ মৃত্যু হয়। একে দুৰ্ঘটনাতে আঘাটপ্ৰাপ্ত তেখেতৰ পত্নী ৰুথৰো কেইদিনমান পাছত মৃত্যু হয়।

তেখেতৰ ১৪ গৰাকী সন্তানেই চিকিৎসক। ইয়াৰে আঠগৰাকীয়ে হাৰ্ৱাৰ্ড মেডিকেল স্কুলত পঢ়িছিল।[2][1]

টেক্স্‌টবুক অৱ মেডিকেল ফীজিঅ'ল'জী[সম্পাদনা কৰক]

Textbook of Medical Physiology বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা শৰীৰতত্ব বিষয়ক গ্ৰন্থ আৰু অন্ততঃ ১৩টা ভাষালৈ অনুদিত হৈছে (ছপা পাঠ্যৰ মতে ১৩,[2] কিন্তু অনলাইন পাঠ্যৰ মতে অন্ততঃ ১৫।[1])

নৱম সংস্কৰণৰ পৰা জন ই হলে (John E. Hall) কিতাপখন লিখা কামত সহযোগ কৰে। ইয়াৰ আগতে ১৯৯১ চনত প্ৰকাশ পোৱা অষ্টম সংস্কৰণলৈকে গাইটনে অকলেই লিখিছিল।[3] পাছৰ সংস্কৰণবোৰ সেইবাবে Guyton and Hall Textbook of Medical Physiology বুলি নামকৰণ কৰা হয়।[4]

শৰীৰতত্বৰ গৱেষণা[সম্পাদনা কৰক]

পঞ্চাছৰ দশকত কাৰ্ডিয়েক আউটপুট (হৃদযন্ত্ৰৰ নিলয়ে মিনিটত পাম্প কৰা তেজৰ পৰিমাণ) আৰু প্ৰান্তীয় সংবহনৰ (peripheral circulation) লগত ইয়াৰ সম্পৰ্ক স্থাপনৰ বিষয়ে কৰা পৰীক্ষাৰ বাবে গাইটন জনাজাত হৈ পৰে (গাইটন ১৯৭৬ৰ ২৩তম পাঠ,[5] বা গাইটন ১৯৯১ আৰু[3]গাইটন-হলৰ ২০তম পাঠ চাওক[2][4]। ইয়াৰ আগতে ধাৰণা আছিল যে হৃদপিণ্ডই নিজেহে কাৰ্ডিয়েক আউটপুট নিয়ন্ত্ৰণ কৰে। কিন্তু গাইটনে প্ৰমাণ কৰিলে যে দেহৰ কলাৰ অম্লজানৰ প্ৰয়োজনীয়তাহে কাৰ্ডিয়েক আউটপুটৰ প্ৰধান নিয়ন্ত্ৰক। সোঁ অলিন্দ আৰু কাৰ্ডিয়েক আউটপুটৰ সম্পৰ্ক দেখুওৱা "গাইটন কাৰ্ভ্‌ছ"সমূহে সংবহনৰ তত্ব বুজাত সকলোকে সহায় কৰিছে।

১৯৬৬ চনত কম্পিউটাৰ মডেলৰ সহায়ত তেখেতে প্ৰমাণ কৰে যে বৃক্কইহে ৰক্তচাপৰ দীৰ্ঘম্যাদী নিয়ন্ত্ৰণ কৰে আৰু আন কাৰকবোৰে হস্ৰম্যাদী নিয়ন্ত্ৰণ কৰে।


টোকা[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Hall, John E.; Cowley, Allen W. Jr.; Bishop, Vernon S.; Granger, D. Neil; Navar, L. Gabriel; Taylor,, Audrey E. (June 2003). "Obituary as published in". The Physiologist খণ্ড 46 (3): 122 124. Archived from the original on 2005-03-17. https://web.archive.org/web/20050317170457/http://www.the-aps.org/publications/tphys/2003html/June03/obit.htm. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Guyton, Arthur C.; Hall, John E. (2006). Guyton and Hall Textbook of Medical Physiology with Student Consult Online Access (11th সম্পাদনা). প্ৰকাশক Philadelphia: Elsevier Saunders. ISBN 0-7216-0240-1. 
  3. 3.0 3.1 Guyton, Arthur C. (1991). Textbook of Medical Physiology (8th সম্পাদনা). প্ৰকাশক Philadelphia: W.B. Saunders. ISBN 0-7216-3994-1. 
  4. 4.0 4.1 Hall, John E. (2011). Guyton and Hall Textbook of Medical Physiology with Student Consult Online Access (12th সম্পাদনা). প্ৰকাশক Philadelphia: Elsevier Saunders. ISBN 978-1-4160-4574-8.  see Table of Contents link
  5. Guyton, Arthur C. (1976). Textbook of Medical Physiology (5th সম্পাদনা). প্ৰকাশক Philadelphia: W.B. Saunders. ISBN 0-7216-4393-0. 

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Reference to Guyton's biographical details in the above text comes primarily from the obituary published in Physiologist magazine, and John E. Hall's memoriam and preface to the 11th edition of Textbook of Medical Physiology both of which contain overlapping statements, sometimes verbatim, sometimes almost verbatim.

অতিৰিক্ত পঠন[সম্পাদনা কৰক]