সমললৈ যাওক

আচৰানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Asraniৰ পৰা পুনঃনিৰ্দেশিত)
আচৰানী

ইটছ অনলি চিনেমা আলোচনীৰ উন্মোচনী অনুষ্ঠানত আচৰানী
জন্ম গোৱৰ্ধন আচৰানী
১ জানুৱাৰী, ১৯৪১ (৮৫ বছৰ)
জয়পুৰ, জয়পুৰ,ব্ৰিটিছ ৰাজ[1][2] বৰ্তমানৰ ৰাজস্থান, ভাৰত
মৃত্যু ২০ অক্টোবৰ ২০২৫
শিক্ষানুষ্ঠান চেণ্ট জেভিয়াৰ্ছ স্কুল, জয়পুৰ;
ৰাজস্থান মহাবিদ্যালয়;
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান, পুণে
পেচা অভিনেতা, প্ৰযোজক, চিত্ৰনাট্যলেখক, পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৬৭-বৰ্তমানলৈকে
দাম্পত্যসঙ্গী মঞ্জু আচৰানী
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ কমেডিয়ানৰ বাবে ফিল্মফেয়াৰ বঁটা

গোৱৰ্ধন আচৰানী (ইংৰাজী: Govardhan Asrani) [3] (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু পৰিচালক৷ তেওঁৰ বলিউডত কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। আছৰানীয়ে ৩৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁ মুখ্য চৰিত্ৰ, কমেডী চৰিত্ৰ আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে। শ্বোলে ছবিত জেইলাৰ হিচাপে অভিনয় কৰি তেওঁ ভাৰতজোৰা খ্যাতি অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত ১৯৭২ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত ৰাজেশ খান্নাৰ সৈতে ২৫খন ছবিত আগবঢ়োৱা বিভিন্ন চৰিত্ৰ-অভিনয়ৰ বাবেও তেওঁ পৰিচিতি লাভ কৰে৷

‘চালা মুৰাৰী হিৰো বন্নে’ আৰু ‘ছালাম মেমছাব’ৰ দৰে কেইখনমান হিন্দী ছবিত তেওঁ মূল নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। গুজৰাটী ছবিত ১৯৭২ চনৰ পৰা ১৯৮৪ চনলৈ মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ১৯৮৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৪ চনৰ পৰা ১৯৯৭ চনৰ ভিতৰত তেওঁ ছখন ছবিও পৰিচালনা কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জয়পুৰৰ এটা মধ্যবিত্তীয়, সিন্ধী হিন্দু পৰিয়ালত আচৰানীৰ জন্ম হৈছিল।[2] দেউতাকে কাৰ্পেটৰ দোকান এখন খুলিছিল। তেওঁৰ চাৰিগৰাকী ভগ্নী আৰু তিনিজন ভাতৃ আছিল৷ দুজন ডাঙৰ আৰু এজন সৰু। আচৰানী ব্যৱসায়ৰ প্ৰতি আগ্ৰহহীন আৰু গণিতত দুৰ্বল আছিল। ছেইণ্ট জেভিয়াৰ স্কুলৰ পৰা মেট্ৰিক সম্পূৰ্ণ কৰি জয়পুৰৰ ৰাজস্থান কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। একেসময়তে তেওঁ জয়পুৰৰ অল ইণ্ডিয়া ৰেডিঅ’ত কণ্ঠশিল্পী হিচাপে কাম কৰি শিক্ষাৰ খৰচ বহন কৰিছিল।

আজ কি তাজা খবৰ আৰু নমক হাৰামৰ দৰে ছবিত একেলগে কাম কৰাৰ সময়ত তেওঁ অভিনেত্ৰী মঞ্জু বানছালৰ সৈতে প্ৰেমত পৰিছিল। বিয়াৰ পিছত দম্পতীটোৱে তপস্যা, চণ্ডী সোনা, জান-ই-বহাৰ,জুৰমানা, নলায়ক, চৰকাৰী মেহমান, নাৰদ বিবাহ আৰু চোৰ ছিপাহী ছবিত অভিনয় কৰে। আজ কি তাজা খবৰত আছৰানীয়ে চম্পক বুমিয়া / অমিত দেশাই আৰু মঞ্জুৱে কেছাৰী দেশাইৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰৰ বাবে আছৰানীয়ে শ্ৰেষ্ঠ কমেডিয়ানৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[4]পিছলৈ এই দম্পতীটোৱে ১৯৮০ চনত আছৰানীয়ে পৰিচালনা কৰা ঘৰুৱা প্ৰযোজনা হম নহী সুধৰেংগেত অভিনয় কৰে।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক সফলতা

[সম্পাদনা কৰক]

১৯৬০ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁ সাহিত্য কলভাই ঠাক্কৰৰ পৰা অভিনয় শিকিবলৈ আৰম্ভ কৰে।[2] ১৯৬২ চনত তেওঁ অভিনয়ৰ সুযোগ বিচাৰি মুম্বাই ভ্ৰমণ কৰে। ১৯৬৩ চনত কিশোৰ সাহু আৰু হৃষিকেশ মুখাৰ্জীৰ সৈতে হোৱা আকস্মিক সাক্ষাৎকাৰত তেওঁলোকে তেওঁক পেছাদাৰীভাৱে অভিনয় শিকিবলৈ পৰামৰ্শ দিয়ে।

১৯৬৪ চনত আছৰানীয়ে পুনেৰ ফিল্ম ইনষ্টিটিউটত যোগদান কৰি ১৯৬৬ চনত পাঠ্যক্ৰম সমাপ্ত কৰে। ১৯৬৭ চনত হৰে কাঞ্চ কি চূড়িয়া ছবিত অভিনেতা বিশ্বজিতৰ বন্ধুৰ চৰিত্ৰত অভিনয় কৰি হিন্দী ছবিত তেওঁ প্ৰথমবাৰৰ বাবে ভুমুকি মাৰে। চলচ্চিত্ৰ প্ৰতিষ্ঠানত তেওঁ বহুতকে আপ্লুত কৰিছিল আৰু ১৯৬৭ চনত অভিনেত্ৰী ৱাহেদাৰ বিপৰীতে এখন গুজৰাটী চিনেমাত অভিনয় কৰিছিল৷ (ৱাহিদা ৰহমান নহয়)। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেওঁ গুজৰাটী ভাষাত মূলতঃ অভিনেতা বা সহযোগী অভিনেতা হিচাপে আন চাৰিখন চিনেমাত অভিনয় কৰিছিল। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত হিন্দী চলচ্চিত্ৰ জগতৰ পৰা তেওঁ সীমিত প্ৰস্তাৱ লাভ কৰে যদিও তাৰ পিছত তেওঁৰ পুৰণি উপদেষ্টা হৃষিকেশ মুখাৰ্জীয়ে ১৯৬৯ চনত সত্যকাম ছবিখনত সহযোগী অভিনেতাৰ ভূমিকা দিছিল। তেতিয়ালৈকে আচৰানী মেৰেআপনেৰ জৰিয়তে কিছু পৰিচিতি লাভ কৰিছিল। ১৯৭১ চনৰ পৰা ছবিৰ মূল কমেডিয়ান হিচাপে বা মুখ্য অভিনেতাৰ ঘনিষ্ঠ বন্ধু হিচাপে তেওঁ অধিক প্ৰস্তাৱ লাভ কৰিবলৈ আৰম্ভ কৰে।

আশীৰ দশকত

[সম্পাদনা কৰক]

১৯৭১–১৯৭৪ চনৰ সময়ছোৱাত মুখাৰ্জী, আত্মা ৰাম, গুলজাৰৰ দৰে পৰিচালকে বাৰে বাৰে তেওঁক অভিনয়ৰ সুবিধা দিছিল আৰু এই ছবিসমূহৰ জৰিয়তে তেওঁৰ কৰ্ম অইনৰ দৃষ্টিগোচৰ হৈছিল। এই ভূমিকাসমূহে তেওঁৰ কেৰিয়াৰত কেইবাটাও সহায়ক আৰু কমিক চৰিত্ৰৰ পথ নিৰ্ধাৰণ কৰে। ১৯৭০ চনৰ পৰা ১৯৭৯ চনলৈকে তেওঁ ১০১খন ছবিত অভিনয় কৰাৰ বাবে তেওঁৰ চাহিদা তুংগত আছিল। যদিও প্ৰথম অৱস্থাত ৰাজেশ খান্না আৰু আছৰানীৰ মাজত কেৱল বাৱৰচীৰ চেটতহে দেখাদেখি হৈছিল, তথাপিও নমক হাৰামৰ পিছত তেওঁলোকৰ ঘনিষ্ঠ বন্ধুত্ব হৈছিল, আৰু তাৰ পিছত কমেডিয়ান অভিনেতাৰ চৰিত্ৰটোৰ বাবে খান্নাই প্ৰযোজক আৰু পৰিচালকক আছৰানীক তেওঁৰ ছবিৰ অংশ হিচাপে ল'বলৈ জোৰ দিছিল। ১৯৭২ চনৰ পৰা ১৯৯১ চনলৈ বাৱৰচী (১৯৭২)ৰ পৰা ঘৰ পৰিৱৰ (১৯৯১)লৈকে খান্নাৰ সৈতে আচৰানীয়ে ২৫খন ছবিত কাম কৰিছিল।

১৯৭০ চনৰ পৰা ১৯৭৯ চনলৈকে সহযোগী অভিনেতা হিচাপে তেওঁৰ স্মৰণীয় ৰচনাসমূহ হ’ল মেৰে আপনে, কোশিষ, বাৱৰচি, পাৰিচাই, অভিমান, মেহবুবা, পালকন কি ছাও মে, দো লড়কে দোনো কদকে আৰু বন্দীছ। ১৯৭৭ চনত ৰচনা আৰু পৰিচালনা কৰা হিন্দী ছবি চালা মুৰাৰী হিৰো বান্নেত মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে।

সত্তৰৰ দশকৰ পৰা কমেডিয়ান হিচাপে তেওঁৰ উল্লেখযোগ্য ভূমিকাসমূহ হ’ল আজ কি তাজা খবৰ, ৰোটি, প্ৰেম নগৰ, চুপকে চুপকে, ছ’টি ছি বাত, ৰাফু চক্কৰ, শোলয়, বালিকা বধু, ফকিৰা, অনুৰোধ, ছৈল্লা বাবু, চৰাছ, ফাঁচী, দিল্লাগী, হীৰাল পান্নালাল, পাতি পাটনি আৰু ৱহ আৰু হামাৰে তুম্হাৰে।

যদিও তেওঁ বহু ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল, তথাপিও তেওঁ প্ৰথমবাৰৰ বাবে খুন পাচিনাত গুৰুতৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কোশিছ (১৯৭২)ত দুষ্ট ভাতৃৰ ভূমিকা, এল ভি প্ৰসাদৰ বিদাই (১৯৭৪)ত হিপ্পী আৰু গাঁৱৰ মানুহৰ দ্বৈত চৰিত্ৰ, হৃষিকেশ মুখাৰ্জীৰ চৈতালী (১৯৭৫)ত বীডি আৰু গাঞ্জী স্প’ৰ্টছ ৱাষ্ট্ৰেলৰ দৰে অগতানুগতিক চৰিত্ৰত অভিনয় কৰিছিল৷ তেওঁ বি আৰ চোপ্ৰাৰ নিকাহ (১৯৮২)ত ৰোমাণ্টিক চৰিত্ৰত এ কালিৰ অভিনেতা ইয়াকুবৰ দৰে কাৱালী আৰু কে এছ প্ৰকাশ ৰাওৰ প্ৰেম নগৰ (১৯৭৪)ত এজন পিম্পলৰ চৰিত্ৰত অভিনয় কৰিছিল।

সত্তৰৰ দশকত তেওঁৰ বিষয়ে বিপুল চৰ্চা হৈছিল আৰু ৰাজেশ খান্নাৰ অন্যতম ঘনিষ্ঠ বন্ধু আছিল। ১৯৭৪ চনত আজ কী তাজা খবৰ আৰু ১৯৭৭ চনত বালিকা বধুৰ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ কমেডিয়ানৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

১৯৭৪ চনত আচৰানীয়ে নিজেই নায়ক হিচাপে লৈ গুজৰাটী ভাষাত প্ৰথমখন চিনেমা পৰিচালনা কৰে আৰু কিশোৰ কুমাৰে গোৱা "হু আমদাবাদ ন' ৰিক্সাৱালো" গীতটোত আছৰানীক চিত্ৰিত কৰা হয়। আছৰানীৰ দ্বাৰা চিত্ৰিত আৰু কিশোৰ কুমাৰে হিন্দীত গোৱা গীতসমূহ হ'ল হামাৰে তুম্হাৰেৰ "আচ্ছা চালোজী বাবা মাফ কৰ্দো", য়ে কৈছা ইনছাফৰ "পিয়াৰ মই কাৰুংগা"। "মন্নু ভাই মটৰ চলি পাম" কিশোৰ কুমাৰৰ সৈতে তেওঁ গাইছিল আৰু ১৯৭৮ চনত ফুল খিলে হায়ণ গুলশান গুলচনঋষি কাপুৰ আৰু তেওঁৰ ওপৰত চিত্ৰিত হৈছিল৷

আশীৰ দশকত তেওঁ ১০৭খন হিন্দী ছবিত অভিনয় কৰিছিল। এটা দশকৰ ভিতৰত সৰ্বাধিক হিন্দী ছবিত চৰিত্ৰ অভিনেতা/কমেডিয়ান হিচাপে অভিনয় কৰাৰ তেওঁ অভিলেখ আছে ৷ ১৯৭০ চনত ১০১খন আৰু আশীৰ দশকত ১০৭খন ছবিত তেওঁ অভিনয় কৰিছিল।

নবৈৰ দশকৰ পৰা একবিংশ শতিকালৈ

[সম্পাদনা কৰক]

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰযোজনা আৰু টি ৰামা ৰাও, কে ৰাঘবেন্দ্ৰ ৰাও, কে বাপাইয়া, নাৰায়ণ ৰাও দাসীৰ দ্বাৰা পৰিচালিত ছবিত আছৰানী-কাদেৰ খান-শক্তি কাপুৰৰ ত্ৰিমূৰ্তি ১৯৮২ চনৰ পৰা ১৯৯৮ চনলৈ নিয়মীয়াভাৱে দেখা গৈছিল আৰু তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল।

১৯৮২ চনত আচৰানীয়ে সহযোগী শিল্পী দীনেশ হিংগু, হৰিশ পেটেল আৰু চেলিম পাৰভেজ (বিখ্যাত সহযোগী অভিনেতা ইউনুছ পাৰভেজৰ পুত্ৰ)ৰ সৈতে এটা সৰু গুজৰাটী প্ৰডাকচন কোম্পানী স্থাপন কৰে। ১৯৯৬ চনত বৃহৎ লাভৰ সৈতে কোম্পানীটো ভংগ হয়। আচৰানীয়েও মূলতঃ কাপোৰত বিনিয়োগ কৰিছিল আৰু আন অভিনেতাৰ বাবে বিনিয়োগকাৰী হিচাপে কাম কৰিছিল৷ ১৯৯১ চনলৈকে তেওঁ বহু ধন হেৰুৱাইছিল। ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ পুনেৰ ফিল্ম ইনষ্টিটিউটৰ পৰিচালক আছিল। নবৈৰ দশকত তেওঁৰ অভিনয়ৰ বাবে ভাল পৰিসৰৰ অভাৱত তেওঁ মাত্ৰ ৭৩খন হিন্দী চিনেমাহে কৰিছিল। মুকাবলাই (১৯৯৩) বহুদিনৰ মূৰত তেওঁক গুৰুতৰ ভূমিকাত দেখা পাইছিল।

সমান্তৰালভাৱে তেওঁ ১৯৭০-১৯৮০ চনত গুজৰাটী ছবিত মুখ্য নায়ক হিচাপে কাম কৰি থাকিল আৰু আমদাবাদ ন’ ৰিক্ষৱালো, সাত কাইদী, সংসাৰ চক্ৰ, পংকি নো মালো, যুগল জোডী, মা বাপ, চেল চাবিলো গুজৰাটী ছবিত মুখ্য নায়ক হিচাপে সফলতা লাভ কৰে। নবৈৰ দশকৰ পৰা তেওঁ মোটা ঘৰ নি ৱাহু, পিয়ু গায়ো পৰদেশ, বাপ ধমল দিখৰা আদি গুজৰাটী ছবিত কমেডিয়ান বা সহযোগী অভিনেতা হিচাপে অভিনয় কৰিছিল।

ডি ৰমনাইডুৱে ১৯৯৫ চনত তাকদীৰৱালাত আছৰানীক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পৰা আকৌ এবাৰ কমেডী চিনেমা নিৰ্মাণ হ’বলৈ ধৰিছিল। ১৯৯৩ চনৰ পৰা ২০১২ চনলৈকে ডেভিদ ধাৱান আৰু প্ৰিয়দৰ্শনৰ পৰিচালনাত তেওঁ ভাল ভূমিকা লাভ কৰিবলৈ আৰম্ভ কৰে। ১৯৯০ চনৰ পৰা কমেডিয়ান হিচাপে তেওঁৰ আটাইতকৈ স্মৰণীয় অভিনয় হৈছে জো জীতা ৱোহি চিকন্দৰ, গাৰ্ডিছ, তকদীৰৱালা, ঘৰৱালী বাহাৰৱালি, বডে মিয়ান চোটে মিয়ান আৰু হিৰো হিন্দুস্তানী

হেৰা ফেৰী, চুপ চুপ কে, হুলচুল, দীৱানে হুয়ে পাগল, গৰাম মছলা, মালামাল উইকলি, ভগম ভাগ, দে দনা দন, বল বচ্চন, কমাল ধমাল মালামাল আদি ছবিত আচৰানীয়ে অভিনয় কৰিছিল। কিউ কি ছবিখনত তেওঁ গুৰুতৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০০ চনৰ পিছত ছাজিদ নাদিয়াদৱালা আৰু প্ৰিয়দৰ্শনৰ কমেডী ছবিৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হোৱা আচৰানীক ২০০৯ চনৰ পিছত ক্ৰমান্বয়ে কম ছবিত দেখা গৈছিল।

২০১০ চনৰ ১৭ এপ্ৰিলত নিউ জাৰ্চিত অনুষ্ঠিত হোৱা ১৮ সংখ্যক বাৰ্ষিক নয়া আন্দাজ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আচৰানী আৰু মল্লিকা শ্বেৰাৱতে অংশ লৈছিল৷

২০১৮ চনত জনপ্ৰিয় ৱেব ছিৰিজ পাৰ্মানেণ্ট ৰুমমেটছত আচৰানীয়ে মিকেশৰ ককাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ [6]

১৯৮৫ চনৰ দূৰদৰ্শন টিভিৰ ধাৰাবাহিক নটখাট নাৰদত নাৰদৰ চৰিত্ৰত আচৰানীয়ে অভিনয় কৰিছিল। তেওঁৰ সহ অভিনেতা কেইজনমান আছিল জয়শ্ৰী টি আৰু বিক্ৰম গোখলে

বঁটা-সন্মান

[সম্পাদনা কৰক]
ফিল্মফেয়াৰ বঁটা
বৰ্ষ চলচ্চিত্ৰ শিতান ফলাফল
১৯৭৪ অভিমান শ্ৰেষ্ঠ সহযোগী অভিনেতা মনোনীত
আজ কি তাজা খবৰ কমেডি চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় বিজয়ী
নমক হাৰাম মনোনীত
১৯৭৫ চোৰ মচায়ে শৌৰ মনোনীত
বিদায় মনোনীত
১৯৭৬ ৰফু চক্কৰ মনোনীত
মনোনীত
১৯৭৭ চোতি চি বাত মনোনীত
বালিকা বধু বিজয়ী
১৯৭৯ পতি, পত্নী অঔৰ ৱৌ মনোনীত
১৯৮০ সৰগম মনোনীত
১৯৮১ হাম নহী সুধৰেংগে মনোনীত
১৯৮২ এক দুজে কে লিয়ে মনোনীত
  • ১৯৭৩ – আনহনীৰ বাবে শ্ৰেষ্ঠ কমেডিয়ানৰ বাবে শ্বামা সুছামা বঁটা
  • ১৯৮৬ – গুজৰাট ৰাজ্য চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, সাত কয়দী নামৰ গুজৰাটী চলচ্চিত্ৰৰ বাবে।[1]

পৰিচালক হিচাপে

[সম্পাদনা কৰক]
বৰ্ষ নাম ভাষা
১৯৭৪ আমদাবাদ ন' ৰিক্ষৱালা গুজৰাটী
১৯৭৭ চালা মুৰাৰী হিৰো বান্নে হিন্দী
১৯৭৯ চালাম মেমছাব
১৯৮০ হুম নাহিন সুধৰেংগে
১৯৯২ দিল হি তো হায়
১৯৯৭ উড়ান

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Asrani – Bollywood Actor – Comedian From Pink City Jaipur[usurped]. Rajasthantour4u.com.
  2. 2.0 2.1 2.2 Govardhan Asrani: Sindhi Comedian: Biography: Filmography of Asrani: Film Fare Award: Sholey Archived 9 January 2013 at the Wayback Machine. Thesindhuworld.com.
  3. Seyller, John (2003), "Govardhan", Oxford Art Online (Oxford University Press), doi:10.1093/gao/9781884446054.article.t033867, ISBN 9781884446054, http://dx.doi.org/10.1093/gao/9781884446054.article.t033867, আহৰণ কৰা হৈছে: 2022-12-12 
  4. Asrani Awards, List Of Awards Won By Asrani Archived 12 September 2018 at the Wayback Machine. Gomolo.com.
  5. List of Asrani & Manju Bansal movies together Archived 26 September 2013 at the Wayback Machine. Gomolo.com.
  6. "Johnny Lever to return to small screen after ten years with upcoming comedy show Partners". Firstpost. 2017-10-31. https://www.firstpost.com/entertainment/johnny-lever-to-return-to-small-screen-after-ten-years-with-upcoming-comedy-show-partners-4185381.html। আহৰণ কৰা হৈছে: 2020-08-05. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]