সমললৈ যাওক

অসমী দুৰা কাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Assam roofed turtleৰ পৰা পুনঃনিৰ্দেশিত)
অসমী দুৰা কাছ
সংৰক্ষণ স্থিতি
CITES Appendix II (CITES)[2]
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Reptile
পৰিয়াল: Tortoise
উপবৰ্গ: Cryptodira
পৰিয়াল: Geoemydidae
গণ: Pangshura
প্ৰজাতি: P. sylhetensis
দ্বৈৰাশিক নামকৰণ
Pangshura sylhetensis
Jerdon, 1870
সমাৰ্থক[3]
  • Pangshura sylhetensis Jerdon, 1870
  • Jerdonella sylhetensis Gray, 1870
  • Kachuga sylhetensis Boulenger, 1889

অসমী দুৰা কাছ (বৈজ্ঞানিক নাম: Pangshura sylhetensis) বা ছিলেটী দুৰা কাছ হʼল জিঅ’ইমিডিডে (Geoemydidae) পৰিয়ালৰ অন্তৰ্গত এবিধ কাছ প্ৰজাতি। ভাৰত (অসম) আৰু পূব বাংলাদেশৰ কিছু অংশত ব্ৰহ্মপুত্ৰ-মেঘনা জলনিৰ্গমনস্থলীত এইবিধ কাছ পোৱা যায়। পূৰ্বতে ইয়াক বটাগুৰ (Batagur) গণ আৰু বিলুপ্ত হৈ যোৱা কচুগা (Kachuga) গণত স্থান দিয়া হৈছিল।

অসম, ভাৰত
খোলকৰ বিন্যাস

এই কাছ প্ৰজাতিটোৰ খোলকটো ত্ৰিভুজাকাৰ আৰু ওখ; যʼত এটি তীক্ষ্ণ কীল আৰু ২৬টা শক্তিশালী দাঁতযুক্ত প্ৰান্তীয় প্লেট থাকে।[4] ইয়াৰ খোলকটো জলফাই-মটিয়া ৰঙৰ, ওপৰৰ অংশটো পাতলীয়া (হালধীয়া-বেইজ) ৰঙৰ। মূৰটো সৰু আৰু ওপৰৰ হনুটো দুৰ্বলভাৱে হুকযুক্ত; প্ৰতিটো চকুৰ পিছফালৰপৰা মূৰৰ পিছফালৰ মাজলৈকে এটি সংকীৰ্ণ গুলপীয়া পটি বা ৰেখা থাকে। প্ৰাপ্তবয়স্কবোৰৰ সৰ্বাধিক দৈৰ্ঘ্য ২০.৫ চেমি পৰ্যন্ত হʼব পাৰে,[5] অৱশ্যে শৰীৰৰ আকাৰ ১৬ চেমি অধিক সচৰাচৰ হয়।[6][5]

এই প্ৰজাতিটোৰ স্থানীয় নামসমূহ হ'ল দূৰা কাছ (অসমীয়া), ছিলটি খাটুয়া (ꠍꠤꠟꠐꠤ ꠇꠣꠐꠥꠀ) (ছিলঠীয়া), কাঁটা কাছিম (বঙালী)।[6]

বিতৰণ আৰু বাসস্থান

[সম্পাদনা কৰক]

এই কাছ প্ৰজাতিটো বাংলাদেশৰ উত্তৰ-পূব আৰু দক্ষিণ-পূব অংশত, ভাৰতত (অসম) আৰু সম্ভৱতঃ ভূটানত পোৱা যায়। ই স্থলজ প্ৰাণী; মিঠা পানীৰ বাসস্থান, উচ্চভূমিৰ গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ অৰণ্য, দ্ৰুতগতিত বৈ যোৱা নৈ আৰু সম্ভৱতঃ সৰু নদী থকা অঞ্চলত পোৱা যায়। অশ্বখুৰাকৃতিৰ হ্ৰদতো ইহঁতৰ বসতি থাকিব পাৰে, কিন্তু খোলকৰ আকৃতিৰপৰা দ্ৰুত বৈ যোৱা পানীৰ লগত খাপ খোৱাৰ কথা অনুমান কৰিব পাৰি।[6]

পৰিস্থিতি বিজ্ঞান

[সম্পাদনা কৰক]

এই কাছ প্ৰজাতিটো উভচৰ। খৰালিৰ শীতল মাহবোৰত, ডিচেম্বৰৰপৰা ফেব্ৰুৱাৰীলৈকে দিনটোৰ বেছিভাগ সময়তে ই ৰʼদত ওলাই থাকে; শীতল পাহাৰীয়া নৈত বাস কৰা কাছবোৰে বছৰজুৰি তেনে কৰে। কাছ প্ৰজাতিটো লাজকুৰীয়া স্বভাৱৰ আৰু কেতিয়াও নদীৰ পাৰত ওলাই নাথাকে, বৰঞ্চ পানীত ওপঙি থকা কাঠৰ টোকোৰা বা শিলতহে ভাহি থাকে। সামান্যতম অশান্তি পালেই ই নদীৰ মাজলৈ ক্ষিপ্ৰতাৰে ডুব মাৰি শিলৰ মাজত লুকাই পৰে। কৈশোৰাৱস্থাৰ কাছবোৰে প্ৰায়ে ছদ্মবেশৰ বাবে মৰা পাতৰ স্তূপবোৰলৈ পলায়ন কৰে আৰু নিশ্চল হৈ থাকে।[6]

অক্টোবৰৰ শেষৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত (শীত আৰু খৰালিৰ অনুৰূপ), অসমী দুৰা কাছই বাহ সাজে আৰু ৬টাৰপৰা ১২টালৈকে কণী পাৰে। মূলতঃ মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত, দক্ষিণ-পূব মৌচুমীৰ আৰম্ভণিত পোৱালিবোৰ ওলাই আহে।[6] কণীবোৰ সফলতাৰে ফুটাবলৈ ৬ৰপৰা ৮ সপ্তাহলৈকে শীতল উষ্ণতাত ডায়েপ’জ (Diapause) কৰিবলগীয়া হয়।[4]

সংৰক্ষণ

[সম্পাদনা কৰক]

অসমী দুৰা কাছ এবিধ বিৰল প্ৰজাতিৰ কাছ; সংখ্যাত নিচেই তাকৰ। দক্ষিণ এছিয়াত পোৱা যিকোনো জিঅ’ইমিডিডেৰ ভিতৰত ইয়াৰ বিতৰণ অন্যতম সংকীৰ্ণ বুলি বিশ্বাস কৰা হয়। ইয়াক স্থানীয় খাদ্যৰ বাবে (মাংস আৰু কণীৰ বাবে) শোষণ কৰা হয় আৰু পোহনীয়া প্ৰাণীৰ ব্যৱসায়ৰ বাবেও সংগ্ৰহ কৰা হয়, বিশেষকৈ এছিয়াত যʼত এই কাছই পোহনীয়া প্ৰাণী হিচাপে অধিক মূল্য বহন কৰে। গছ-গছনি কটাৰে বাসস্থান ধ্বংস আৰু মাছ ধৰা সামগ্ৰীত আকস্মিকভাৱে ধৰা পৰা আদিয়ে প্ৰজাতিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ভবা হয়। বৰ্তমান এই প্ৰজাতিটোক আই ইউ চি এনৰদ্বাৰা ঘোৰ সংকটজনক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।[1]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Praschag, P.; Das, I.; Ahmed, M.F.; Singh, S. (2021). Pangshura sylhetensis. 2021. p. e.T10950A499618. doi:10.2305/IUCN.UK.2021-1.RLTS.T10950A499618.en. 
  2. "Appendices | CITES". cites.org. https://cites.org/eng/app/appendices.php। আহৰণ কৰা হৈছে: 2022-01-14. 
  3. Fritz Uwe; Peter Havaš (2007). "Checklist of Chelonians of the World". Vertebrate Zoology খণ্ড 57 (2): 239. doi:10.3897/vz.57.e30895. ISSN 1864-5755. 
  4. 4.0 4.1 "Post" (de ভাষাত). Turtle Island. Archived from the original on 2021-04-19. https://web.archive.org/web/20210419134136/https://www.turtle-island.at/post/copy-of-literacy-program-for-syrian-girls-refugees। আহৰণ কৰা হৈছে: 2019-07-09. 
  5. 5.0 5.1 "Archived copy". www.ijpaz.com. http://www.ijpaz.com/zoology/comparative-morphometry-and-biogeography-of-the-freshwater-turtles-of-genus-pangshura-testudines-geoemydidae-pangshura.pdf। আহৰণ কৰা হৈছে: 30 June 2022. 
  6. 6.0 6.1 6.2 6.3 6.4 Das, I.; Sengupta, S.; Praschag, P. (2010). "Pangshura sylhetensis Jerdon 1870 – Assam Roofed Turtle". In Rhodin, A.G.J.. Conservation Biology of Freshwater Turtles and Tortoises: A Compilation Project of the IUCN/ SSC Tortoise and Freshwater Turtle Specialist Group. Chelonian Research Monographs. 5. পৃষ্ঠা. 046.1–046.6. doi:10.3854/crm.5.046.sylhetensis.v1.2010. ISBN 978-0965354097. 

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • Choudhury, Anwaruddin (1993). "New locality records for Kachuga sylhetensis (Jerdon, 1870)". Hamadryad: The Journal of the Madras Crocodile Bank Trust খণ্ড 18: 43–45. 
  • Das, Indraneil (1997). "Kachuga sylhetensis recorded from northern Bengal, with notes on turtles of Gorumara National Park, Eastern India". Chelonian Conservation and Biology খণ্ড 2 (4): 616–617. 
  • Jerdon, T. C. (1870). "Notes on Indian Herpetology". Proceedings of the Asiatic Society of Bengal খণ্ড March 1870: 66–85. 
  • Praschag, Peter; Fachbach, Günther (2001). "Beiträge zur Kenntnis der Assam-Dachschildkröte, Kachuga sylhetensis (Jerdon 1870) (Reptilia: Testudines: Bataguridae) ["Contributions to the knowledge of the Assam roofed turtle, Kachuga sylhetensis (Jerdon, 1870)"]". Salamandra খণ্ড 37 (3): 129–148. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

সাঁচ:Geoemydidae