সমললৈ যাওক

শৰৎ ঋতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Autumnৰ পৰা পুনঃনিৰ্দেশিত)
শৰৎ ঋতুৰ সময়ছোৱাত প্ৰকৃতিৰ বিবিধ ৰংবোৰ। বকুল, নিয়ৰৰে ভিজা বন আৰু শেৱালি, কঁহুৱা ফুলে আদৰি অনা কাতি বিহু আৰু দুৰ্গা পূজাৰ প্ৰতিমা।

শৰৎ ঋতু (ইংৰাজী: Autumn বা Fall) ছয় ঋতুৰ তৃতীয় ঋতু। ভাদ মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ আহিন আৰু কাতি মাহৰ প্ৰায় শেষলৈকে শৰৎ ঋতু অনুভূত হয়। ইংৰাজীত এই ঋতুক Autumn বা Fall বোলে। উত্তৰ গোলাৰ্ধত ছেপ্টেম্বৰ মাহ আৰু দক্ষিণ গোলাৰ্ধত মাৰ্চ মাহৰ পৰা গ্ৰীষ্ম আৰু শীত কালৰ মধ্যৱৰ্তী ঋতু হিচাপে শৰৎ ঋতুৰ আগমন ঘটে।[1] এই সময়ত দিন চুটি আৰু ৰাতি দীঘল হয়। পুৱাৰ ভাগলৈ সামান্য শীতৰ অনুভৱ হয়। দিনৰ প্ৰায় ভাগ সময়ত তাপমাত্ৰা নাতিশীতোষ্ণ। এই ঋতুত বৰষুণৰ পৰিমাণ কমে আৰু বতৰ ফৰকাল হয়। গছৰ  পাত সৰিবলৈ ধৰে।[2] শেৱালি ফুল, বকুল ফুল আদি কেৱল শৰৎ কালত ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলা দেখা যায়। শৰৎ কালত ভাৰতত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন যেনে দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালী পূজা আদি অনুষ্ঠিত হয়। এই সময়ত খেতিয়কৰ অভাৱ অনাটন হয়। অসমত এই সময়ত কাতি বিহু পালন কৰা হয়। প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰৎ ঋতুক ঋতু ৰাণী বুলি অভিহিত কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Weather Centre - Features - Understanding Weather - Autumn Forecasting". BBC. Archived from the original on 4 September 2010. https://web.archive.org/web/20100904052411/http://www.bbc.co.uk/weather/features/understanding/autumn_forecasting.shtml আহৰণ কৰা হৈছে: 2010-08-06.
  2. Arnold, Kathy (11 October 2010). "Travel". Fall in North America: autumn colour in New England and beyond. https://www.telegraph.co.uk/travel/destinations/northamerica/8050370/Fall-in-North-America-autumn-colour-in-New-England-and-beyond.html আহৰণ কৰা হৈছে: 15 October 2015.