সমললৈ যাওক

কোটোহা বাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bambusa arundinaceaৰ পৰা পুনঃনিৰ্দেশিত)
কোটোহা বাঁহ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
গণ: Bambusa
প্ৰজাতি: arundinacea

কোটোহা বাঁহ (বৈজ্ঞানিক নাম:Bambusa arundinacea) গ্ৰেমিনি (Grsmineae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বাঁহ।[1] এই বাঁহ ঘন ঘনকৈ জোপোহা আকাৰে উৎপন্ন হয়।

কোটোহা বাঁহৰ গাইগুটীয়া গাঁঠিবোৰ ঘন ঘন হয় আৰু দুটা গাঁঠিৰ মধ্যভাগত বিকশিত হোৱা পাব (internode) বিলাকত থকা চুঙাৰ ফোঁপোলা সামান্য হয়। গাঁঠিবিলাকৰ পৰা ওলাই অহা চেকনিবোৰে বাঁহজোপাক মেৰিয়াই ধৰে।[1]

বাঁহৰ মুঢ়াৰ পৰা পোখা ওলাই গাঁজৰ উৎপত্তি হয়। অন্যন্য বাঁহৰ প্ৰজাতিৰ দৰেই এই বাঁহ গাজৰ গাঁঠিবোৰত বৌখাৰ উৎপত্তি হয়। বৌখাৰ উপৰিভাগত চুটি চুটি শুঙৰ আৱিৰ্ভাৱ হয়।

চিত্ৰভঁৰাল

[সম্পাদনা কৰক]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ