বেগম জান (২০১৭ চলচ্চিত্ৰ)
| বেগম জান | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | শ্ৰীজিত মুখাৰ্জী |
| ৰচনা | কৌছৰ মনিৰ (সংলাপ) |
| চিত্ৰনাট্য | শ্ৰীজিত মুখাৰ্জী কৌছৰ মনিৰ |
| কাহিনী | সুমেইৰ মালিক |
| ভিত্তি | ৰাজকাহিনী |
| অভিনয়ত | বিদ্যা বালান, ইলা অৰুণ, নাছিৰুদ্দিন শ্বাহ, ৰজিত কাপুৰ |
| সূত্ৰধাৰ | অমিতাভ বচ্চন |
| সংগীত পৰিচালক | অনু মালিক (গীত) ইন্দ্ৰদীপ দাশগুপ্ত (আৱহ সংগীত) |
মুক্তি |
১৪ এপ্ৰিল ২০১৭ |
দৈৰ্ঘ্য |
১২৭ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| বাজেট | ₹১৯ কোটি[1] |
| সৰ্বমুঠ আয় | ₹30.6 crore[2] |
বেগম জান (ইংৰাজী: Begum Jaan ) ২০১৭ চনৰ ভাৰতীয় হিন্দী পিৰিয়দ নাট্যধৰ্মী ছবি। এইখনৰ পৰিচালনা আৰু সহ-লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক শ্ৰীজিৎ মুখাৰ্জীৰ। বেগম জান মুখাৰ্জীৰ প্ৰথম হিন্দী পৰিচালনা। প্ৰযোজনা কৰিছে মুকেশ ভাট, বিশেষ ভাট আৰু প্লে এণ্টাৰটেইনমেণ্টে। ছবিখনৰ কাৰ্যবাহী প্ৰযোজক সাক্ষী ভাট আৰু শ্ৰী ভেংকটেশ ফিল্মছ; সহযোগী প্ৰযোজক কুমকুম চাইগল। চিনেমেট’গ্ৰাফী গোপী ভগতৰ। গীতৰ কথা, অতিৰিক্ত চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে কৌছাৰ মুনীৰ আৰু ৰাহত ইন্দোৰীয়ে।
২০১৭ চনৰ ১৪ এপ্ৰিলত ছবিখনে মুক্তি পায়।[3] ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত নিৰ্মিত ছবিখনত বিদ্যা বালানে বেশ্যালয়ৰ গৰাকিনীৰ চৰিত্ৰত অভিনয় কৰিছে। এইখন সমালোচকৰ প্ৰশংসিত বাংলা ছবি ৰাজকাহিনীৰ (২০১৫) হিন্দী পুনৰ্নিৰ্মাণ। ছবিখনে নিৰ্মাণ খৰচ ঘূৰাই পাবলৈ সক্ষম হয় আৰু ব্যৱসায়িকভাৱে ইয়াক "এভাৰেজ" বুলি ঘোষণা কৰা হয়।
নিৰ্মাণ
[সম্পাদনা কৰক]বেগম জান ২০১৫ চনত মুক্তি পোৱা এখন বাংলা ছবি ৰাজকাহিনীৰ পুনৰ্নিৰ্মাণ। ২০১৬ চনৰ জুন মাহৰ পৰা ছবিখনৰ মূল চিত্ৰগ্ৰহণ ২০১৬ চনৰ জুন মাহৰ পৰা আৰম্ভ হৈছিল আৰু ২০১৬ চনৰ আগষ্ট মাহত ঝাৰখণ্ডৰ ডুমকা জিলাৰ ৰাণীশ্বৰ ব্লকত সম্পূৰ্ণ হৈছিল।[4][5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Begum Jaan". Box Office India. http://www.boxofficeindia.com/movie.php?movieid=3510/। আহৰণ কৰা হৈছে: 12 July 2018.
- ↑ Bollywood Hungama News Network (15 April 2017). "Box Office: Worldwide collections and day wise break up of Begum Jaan". Bollywood Hungama. Hungama Digital Media Entertainment. https://www.bollywoodhungama.com/news/box-office-special-features/box-office-worldwide-collections-day-wise-break-begum-jaan/। আহৰণ কৰা হৈছে: 12 July 2018.
- ↑ Ray, Dhritiman (14 April 2016). "Mahesh Bhatt's Rajkahini remake being shot in Jharkhand". The Times of India (The Times Group). http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Mahesh-Bhatts-Rajkahini-remake-being-shot-in-Jharkhand/articleshow/52890427.cms.
- ↑ IANS (14 April 2016). "'Begum Jaan' shooting to start in June: Srijit Mukherji". The Indian Express. http://indianexpress.com/article/entertainment/bollywood/begum-jaan-shooting-to-start-in-june-srijit-mukherji-2760007/। আহৰণ কৰা হৈছে: 14 April 2017.
- ↑ ANI (14 August 2016). "Vidya Balan wraps up 'Begum Jaan'". Daily News & Analysis. Diligent Media Corporation. http://www.dnaindia.com/entertainment/report-vidya-balan-wraps-up-begum-jaan-2243801। আহৰণ কৰা হৈছে: 14 April 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Begum Jaan সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত বেগম জান (২০১৭ চলচ্চিত্ৰ)।