সমললৈ যাওক

বঙালী হিন্দু বিবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bengali Hindu weddingৰ পৰা পুনঃনিৰ্দেশিত)
বঙালী হিন্দু বিবাহত মালা সাল-সলনি কৰা অনুষ্ঠান

বঙালী হিন্দু বিবাহ (বঙালী: বাঙালি হিন্দু বিবাহ) বুলিলে‍ সাধাৰণতে পশ্চিমবঙ্গ, ত্ৰিপুৰাৰ লগতে‍ ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু ধৰ্মালম্বী স্ত্ৰী-পুৰুষৰ মাজত শাস্ত্ৰীয় বিধি আৰু পাৰিবাৰিক ঐতিহ্য অনুসাৰে হোৱা প্ৰথাসম্মত পৱিত্ৰ সামাজিক বিবাহক‍ে বুজায়। মূলতঃ উচ্চবৰ্ণৰ হিন্দু বিবাহত দুই ধৰণৰ আচাৰ উপাচাৰ দেখা যায়, সেয়া হ'ল — বৈদিক আৰু লৌকিক। লৌকিক আচাৰসমূহ ‘স্ত্ৰী আচাৰ’ নামেৰে পৰিচিত।[1] বৈদিক আচাৰত অন্তৰ্ভুক্ত বাধ্যতামূলক প্ৰথাসমূহ হ’ল- কুশণ্ডিকা, লাজহোম, সপ্তপদী গমন, পাণিগ্ৰহণ, ধৃতিহোম আৰু চতুৰ্থী হোম।[1] বৈদিক আচাৰবোৰৰ সৈতে লৌকিক আচাৰবোৰৰ কোনো সম্পৰ্ক নাই।[1] লৌকিক আচাৰবোৰ অঞ্চল, বৰ্ণ বা উপবৰ্ণভেদে ভিন ভিন হয়।[1] নিম্নবৰ্ণৰ হিন্দু সম্প্ৰদায়ৰ মাজত কেৱল লৌকিক আচাৰেই নহয়, বিবাহৰ মৌলিক আচাৰ-অনুষ্ঠানসমূহো সম্প্ৰদায়ভেদে পৃথক পৃথক হোৱা দেখা যায়।[1]বংগৰ হিন্দু সম্প্ৰদায়ৰ মাজৰ এই আচাৰ-আচৰণক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি যেনে, আদিবাসী বঙালী আৰু সাধাৰণ বঙালীৰ আচাৰ-অনুষ্ঠান।

অতীতত বঙালী হিন্দুসমাজত ব্যাপক হাৰত বাল্যবিবাহৰ প্ৰচলন আছিল। বৰ্তমান বাল্যবিবাহ আইনমতে‍ নিষিদ্ধ আৰু ইয়াক এক গুৰুতৰ দণ্ডনীয় অপৰাধ হিচাপে বিবেচনা কৰা হয়। বৰ্তমান পৰিপক্ব বয়সতহে‍ বিবাহ কাৰ্য সম্পন্ন হয়। যদিও পণপ্ৰথা নিবাৰণ আইন বলবৎ, তথাপি‍ বঙালী সমাজৰ বিবাহত পণপ্ৰথা এতিয়াও বহুলভাৱে‍ প্ৰচলিত।

১৮৫৫ খ্ৰীষ্টাব্দত বঙালী হিন্দু সমাজত বিবাহ বিচ্ছেদ বৈধ হৈ পৰে। ১৮৫৬ চনত বিধৱা বিবাহ আইন গৃহীত হয়। আজিও এই দুটা প্ৰথা হিন্দু সমাজৰ বৃহত্তৰ অংশত প্ৰচলিত নহয়।[1] নাগৰিক সমাজত অসবৰ্ণ বিবাহও বৰ্তমান সময়ত প্ৰচলিত হৈছে। বংগত প্ৰথম অপঞ্জীয়নভুক্ত অসবৰ্ণ বিবাহ দেশবন্ধু চিত্তৰঞ্জন দাস আৰু বাসন্তী দেৱীৰ কন্যা অপৰ্ণা দেৱীৰ মাজত অনুষ্ঠিত হৈছিল।

বিবাহ অনুষ্ঠান

[সম্পাদনা কৰক]

ব্ৰাহ্মণ সমাজত পাঁচটা শাখা আছে‍ — ৰাঢ়ী, বাৰেন্দ্ৰ, বৈদিক, সপ্তশতী আৰু মধ্যশ্ৰেণী। ‌ কায়স্থ সমাজত আছে‍ চাৰিটা শাখা — উত্তৰ ৰাঢ়ী, দক্ষিণ ৰাঢ়ী, বাৰেন্দ্ৰ আৰু বঙ্গজ।[1] এইসমূহ বৰ্ণ আৰু সিবিলাকৰ শাখা আৰু উপশাখাবোৰৰ মাজত বিবাহ প্ৰথাৰ দুটা ভাগ দেখা যায় — বৈদিক আৰু লৌকিক।[1] লৌকিক প্ৰথাবোৰ স্ত্ৰী আচাৰ। বৈদিক আচাৰত সাম, যজুঃ আৰু ঋক্ বেদ অনুসৰণকাৰী ব্ৰাহ্মণসকলৰ মাজৰ বিবাহ প্ৰথাত আকৌ সামান্য পাৰ্থক্য দেখা যায়।[1] হিন্দু বিবাহৰ বৈদিক আচাৰবোৰৰ মাজত অপৰিহাৰ্য হ'ল কুশণ্ডিকা, লাজহোম (লাজ বা আখৈ‍ দি যজ্ঞানুষ্ঠান), সপ্তপদী গমন, পাণিগ্ৰহণ (কন্যাৰ পাণি অৰ্থাৎ হাত গ্ৰহণ), ধৃতিহোম (ধাৰণ কৰাৰ অৰ্থাৎ কন্যাক ধৰি ৰখাৰ যজ্ঞ) আৰু চতুৰ্থী হোম।[1] ইয়াৰ উপৰি পালন কৰা হয় অৰুন্ধতী নক্ষত্ৰ দৰ্শন, ধ্ৰুৱ নক্ষত্ৰ দৰ্শন, শিলাৰোহণ ইত্যাদি কেইটামান বৈদিক প্ৰথাও।[1] বৈদিক প্ৰথাবোৰ বিধিৱদ্ধ শাস্ত্ৰীয় প্ৰথা আৰু বিবাহৰ মূল অঙ্গ।

হিন্দু বিবাহৰ লৌকিক আচাৰ বহুবিধ। এই প্ৰথাবোৰ বৰ্ণ, শাখা, উপশাখা আৰু অঞ্চল ভেদে ভিন ভিনপ্ৰকাৰৰ হয়।

বিবাহ পূৰ্ব আচাৰ-অনুষ্ঠান

[সম্পাদনা কৰক]

পাটিপত্ৰ

[সম্পাদনা কৰক]

পাটিপত্ৰ বঙালী হিন্দু বিবাহৰ প্ৰথম আচাৰ-অনুষ্ঠান। এই আচাৰ-অনুষ্ঠান লগ্নপত্ৰ বা মঙ্গলাচৰণ নামৰেও পৰিচিত। ঘটকৰ মাধ্যমত সম্বন্ধ স্থাপন কৰি‍ বিবাহ স্থিৰ হ'লে নগদ বা গহনাপত্ৰ যৌতুক আৰু অন্যান্য দেনা-পাওনা চূড়ান্তভাৱে স্থিৰ কৰাৰ বাবে যি‍ অনুষ্ঠান অনুষ্ঠিত কৰা হয় তাকেই পাটিপত্ৰ বোলে। এই আচাৰৰ যোগেদিয়েই বিবাহৰ অন্যান্য আচাৰ-অনুষ্ঠানৰ সূচনা ঘটে।[1][2]

পানখিল বঙালী হিন্দু বিবাহৰ দ্বিতীয় আচাৰ-অনুষ্ঠান। এই অনুষ্ঠান পাটিপত্ৰ অনুষ্ঠানৰ ঠিক পাছতেই পালন কৰা হয়। পানখিলৰ অৰ্থ পানত আনুষ্ঠানিকভাৱে‍ চুপাৰ‍ি দিয়া বা ধানখেৰেৰে বন্ধা। এই আচাৰ-অনুষ্ঠান প্ৰথমে দৰাৰ ঘৰত আৰু পাছত কইনাৰ ঘৰত অনুষ্ঠিত হয়। পানখিল আচাৰ-অনুষ্ঠানত ঘৰৰ জীয়ৰী-বোৱাৰী আৰু প্ৰতিবেশী মহিলাসকলে‍ বিয়া নাম গায়। এই নামৰ বিষয়-বস্তু হল ৰাম আৰু সীতাৰ বিবাহ।[1][3]

আইবুড়ো ভাত

[সম্পাদনা কৰক]

বিয়াৰ আগদিনা আইবুড়ো ভাত অনুষ্ঠানটি দৰা আৰু কইনাৰ ঘৰত পৃথকে পৃথকে‍ কৰা হয়। এইটো হ'ল বিয়াৰ আগত শেষবাৰৰ বাবে‍ অবিবাহিত অৱস্থাত খোৱা-বোৱা কৰা এক কাৰ্য বা অনুষ্ঠান। বিয়াৰ পাছত নিজৰ পৰিয়ালৰ সৈতে আপেক্ষিকভাৱে ছোৱালীৰ সম্পৰ্ক শেষ হয়। সেইফালৰপৰা এই সাজ খাদ্যক দেউতাকৰ ঘৰত ছোৱালীৰ কন্যা কালৰ শেষ আনুষ্ঠানিক খোৱা-বোৱা বুলি ক'ব পাৰি।

দধি মঙ্গল

[সম্পাদনা কৰক]

দধি মঙ্গল হ'ল বিবাহৰদিনা দৰা আৰু কইনা উপবাসে থকাৰ এক আচাৰ-অনুষ্ঠান। অৱশ্য‍ে এই উপবাস নিৰ্জলা নহয়। পানী আৰু মিঠাই খোৱাৰ বিধান আছে। সেয়ে‍ ওৰেদিনৰ বাবে‍ সূৰ্য্যোদয়ৰ আগেয়ে দৰা আৰু কইনাক চিৰা আৰু দৈ খাবলৈ দিয়া হয়।

গাত হালধি ঘঁহা

[সম্পাদনা কৰক]

সংস্কৃত ভাষাত এই পৰম্পৰাক গাত্ৰহৰিদ্ৰা বুলি কোৱা হয়। হিন্দু ধৰ্মত কেইবিধমান সামগ্ৰীক শুভ বুলি ধৰা হয়। যেনে, শঙ্খধ্বনি, হালধি‍ ইত্যাদি। প্ৰথমে দৰাক আৰু দৰাৰ সখীয়েকৰ গাত হালধি ঘঁহা হয়। পাছত সেই হালধি দৰাৰ ঘৰৰপৰা এখন নতুন শাড়ী,গামোচা আৰু অন্যান্য সামগ্ৰীসহ কইনাৰ ঘৰলৈ পঠোৱা হয়। কইনাক সেই হালধি ঘঁহ‍ি গা ধুওৱা হয়।[4]

শঙ্খ কঙ্কন

[সম্পাদনা কৰক]
শাঁখা বা শঙ্খ কঙ্কন

শঙ্খ কঙ্কন হ'ল কইনাক শাঁখা পিন্ধোৱা অনুষ্ঠান। বিয়াৰ আগৰদিনা কইনাক শাঁখা পিন্ধোৱা হয়। বিয়লি‍ বিবাহৰ মূল অনুষ্ঠান আৰম্ভ হয়।

বিয়াৰ প্ৰধান অনুষ্ঠান

[সম্পাদনা কৰক]

বৰ যাত্ৰী

[সম্পাদনা কৰক]

বৰ যাত্ৰী হ'ল দৰাৰ পৰিয়ালৰ সদস্যসকলৰ লগতে‍ দৰাৰ বন্ধু-বান্ধৱ‍ে ধুনীয়া পোছাক পিন্ধি‍ কইনাৰ ঘৰলৈ যাত্ৰা কৰাৰ দল। কইনাপক্ষৰপৰা দৰা আৰু বৰযাত্ৰীক নিবলৈ গাড়ী পঠোৱা হয়। দৰাৰ সৈতে‍ কইনাপক্ষৰ এজন লোক, দৰাৰ দেউতাক (বৰকৰ্তা‌), লগতে দৰাৰ পৰিয়ালৰ সৰ্বকনিষ্ঠ পুৰুষ সদস্যজনক নিতবৰ (মিতবৰ) হিচাপে নিয়া হয় (নিতবৰ বহু পৰিমাণে‍ পশ্চিমীয়া ঐতিহ্যৰ "বেষ্ট ম্যান"ৰ নিচিনা)। বিবাহথলিলৈ‍ যোৱাৰ পূৰ্বে‍ দৰাক তেওঁৰ মাকে আশীৰ্বাদ দিয়ে‍ আৰু দৰাই আনুষ্ঠানিকভাৱে তেওঁৰ "অৰ্ধা‌ঙ্গী"ৰ সৈতে‍ নতুন জীৱন আৰম্ভ কৰাৰ বাবে অনুমতি লয়।

দৰা আদৰা

[সম্পাদনা কৰক]

বৰ বৰণ বা দৰা আদৰা হ'ল দৰাই বিবাহ কৰিবলৈ‍ আহোঁতে‍ তেওঁক কইনাপক্ষৰ তৰফৰপৰা কইনাৰ ঘৰত স্বাগতম জনোৱা কাৰ্য। সাধাৰণতে কইনাৰ মাকে‍ তেওঁৰ জোঁৱায়েকক এখন থালত বন্তি‍, ধান দুৰ্বা আৰু অন্যান্য বৰণ সামগ্ৰীৰে‍ বৰণ কৰে বা আদৰে‍। ইয়াৰ পাছত দৰাক ঘৰৰ ভিতৰলৈ লৈ যোৱা হয় আৰু গাখীৰ আৰু মিঠাই খুওৱা হয়।

পট্টবস্ত্ৰ

[সম্পাদনা কৰক]

পট্টবস্ত্ৰ হ'ল দৰাক হোম জুই জ্বলোৱা ঠাইত বহুওৱা হয়; তাত কেৱল দৰা, কইনা আৰু পুৰোহিত বহে। যিজনে কইনা সম্প্ৰদান কৰিব তেওঁ দৰাক নতুন কাপোৰ-কানি প্ৰদান কৰে‍, সে‍য়েই হ'ল পট্টবস্ত্ৰ। পৰিয়ালৰ হৈ যিজন সদস্যই সম্প্ৰ‌দান কৰে তেওঁ কইনাৰ দায়িত্ব দৰাক প্ৰদান কৰে।

কইনাই পানেৰে‍ নিজৰ মুখ ঢাকি‍ সাতপাক ঘূৰিছে‍

সাত পাক অনুষ্ঠানত বিবাহ থলিলৈ‍ প্ৰথমে দৰাক অনা হয়। ইয়াৰ পাছত কইনাক পিৰাত বহুৱাই অনা হয়। সাধাৰণতে কইনাৰ বিবাহিত বন্ধুসকলে‍ পিৰা ধৰে। কইনাই পানেৰে নিজৰ মুখখন ঢাকি‍ ৰাখে। কইনাক পিৰাত বহুৱাই দৰাৰ চৌপাশে‍ সাতপাক ঘূৰ‍োৱা হয়। পতিয়ে‍ পত্নীক ৭ পাকত ৭টা প্ৰতিশ্ৰুতি দিয়ে‍-

প্ৰথম পাকত পতিয়ে পত্নীক ভৱিষ্যতৰ সন্তানসকলৰ যত্ন লোৱাৰ বাবে অঙ্গীকাৰৱদ্ধ হয়।

দ্বিতীয় পাকত পতিয়ে পত্নীক সকলো ধৰণৰ বিপদৰপৰা ৰক্ষা কৰাৰ দায়িত্ব লয়।

তৃতীয় পাকত পৰিয়ালৰ উন্নতিৰ বাবে অৰ্থ উপাৰ্জনৰ প্ৰতিশ্ৰুতি দিয়ে।

চতুৰ্থ পাকত পৰিয়ালৰ কল্যাণৰ ভাৰ পত্নীৰ হাতত অৰ্পণ কৰে।

পঞ্চম পাকত পত্নীৰপৰা পতিয়ে‍ বিশ্বাসৰ প্ৰতিশ্ৰুতি লয়।

ষষ্ঠ পাকত নিজৰ মাজত বিশ্বাস ৰাখাৰ প্ৰতিশ্ৰুতি লয়।

সপ্তম পাকত পতি-পত্নী উভয়ে বন্ধুভাৱে থকাৰ প্ৰতিজ্ঞাত আবদ্ধ হয়।[5]

শুভদৃষ্টি

[সম্পাদনা কৰক]

শুভদৃষ্টি হ'ল বিবাহ মণ্ডপত ৰাইজৰ উপস্থিতিত দৰা-কইনাই উভয়‍ে উভয়ৰ চকুত চকু থয়।

মালা বদল

[সম্পাদনা কৰক]

মালা বদল অনুষ্ঠানত দৰা-কইনাই ডিঙিত পিন্ধি থকা মালা সাল-সলনি কৰে‍। এই ৰীতিৰ অৰ্থ হ'ল দুয়োজনৰ দুয়োজনেই পৰস্পৰক জীৱনসঙ্গী হিসাপে মানি লৈছে। মুছলমানসকলৰ পৰম্পৰা মতে একেধৰণে‍ কইনাই "কবুল" বুলি ক'ব লগা হয়। আকৌ ঠিক একে ধৰণে‍ খৃষ্টানসকলৰ পৰম্পৰা মত চাৰ্ছৰ ফাদাৰৰ সমুখত দৰা-কইনাই বিবাহত সম্মতি জনায়।

সম্প্ৰদান

[সম্পাদনা কৰক]
কইনাৰ দেউতাকে‍ জোঁৱায়েকৰ হাতত কইনা সম্প্ৰদান কৰিছে‍

সম্প্ৰদান হ'ল বেদমন্ত্ৰৰ যোগেদি কইনাৰ দেউতাকে‍ জোঁৱায়েকৰ হাতত কইনা সম্প্ৰদান কৰা কাৰ্য। দৰাও অৱগত হয় যে তেওঁ কইনাৰ ভৰণ-পোষণৰ দায়িত্ব ল'লে‍। বিবাহৰ মন্ত্ৰ হল -
" যদেতৎ হৃদয়ং তব তদস্তু হৃদয়ং মম।
যদিদং হৃদয়ং মম, তদস্তু হৃদয়ং তব॥"

যজ্ঞহ'ল দৰা-কইনাই পৱিত্ৰ অগ্নিৰ সমুখত বহি পুৰোহিতৰ সৈতে‍ মন্ত্ৰ মতা কাৰ্য। অগ্নিদেৱতাক বিয়াৰ ঐশ্বৰিক সাক্ষী কৰা হয়।

সপ্তপদী

[সম্পাদনা কৰক]

সপ্তপদী গমন ভাৰতৰ অন্যান্য অঞ্চলৰ জনপ্ৰিয় "ফেৰে"ৰপৰা সম্পূৰ্ণ পৃথক বঙালী হিন্দু বিবাহৰ এক অনুষ্ঠান। সাতখিলা পান ধাৰাবাহিকভাৱে থোৱ হয়। এই পানৰ ওপৰেদি‍ দৰাক অনুসৰণ কৰি কইনাই খে‍াজ থয়। দৰা আগুৱাই যোৱাৰ সময়ত তেওঁৰ ভৰিৰে‍ এটি বিশেষ শিল "নোড়া"ক (সাধাৰণতে মচলা গুঁডি় কৰা আৰু পিহাৰ বাবে‍ ব্যৱহৃত হয়) আঁতৰায়।[6]

অঞ্জলি / লাজহোম হ'ল দৰা-কইনাই কৰা আখৈৰ অগ্নাহুতি। প্ৰচলিত বাংলা ভাষাত ইয়াক খৈ পোড়া বুলি কোৱা হয়। বৈদিক যুগত মানুহে‍ যেতিয়া নানা ধৰণৰ শক্তিৰ উপাসনা কৰিছিল, তাৰ ভিতৰত অগ্নিও আছিল অন্যতম।

সেন্দূৰ দান

[সম্পাদনা কৰক]

সেন্দূৰ দান আৰু ওৰণি‍ হ'ল বিবাহৰ মূল অনুষ্ঠানৰ শেষ ৰীতি। এই ৰীতি‍ অনুসাৰে দৰাই কইনাৰ সেওঁতাত সেন্দূৰ দিয়ে‍। বঙালী হিন্দু নাৰীয়ে‍ স্বামীৰ মঙ্গল কামনাৰে‍ সেন্দূৰ লয়। সেন্দূৰ দানৰ সময়ত কইনাক দৰাৰ পৰিয়ালৰ তৰফৰপৰা দিয়া নতুন শাড়ীৰে ঢাকি ৰখা থাকে‍। ইয়াকে‍ ওৰণি বা "লজ্জা বস্ত্ৰ " বুলি কোৱা হয়।

কনকাঞ্জলি কনকাঞ্জলি হ'ল কইনাৰ বিদায় অনুষ্ঠান। এইটো আনন্দ আৰু বেদনা মিশ্ৰিত এক মুহূৰ্ত। এই অনুষ্ঠানৰ যোগেদি স্বামীৰ সৈতে‍ নতুন জীৱন আৰম্ভ কৰাৰ বাবে‍ ন কইনাই তেওঁৰ মাক-দেউতাক আৰু আত্মীয়সকলৰপৰা আশীৰ্বাদ লৈ‍ বিদায় লয়। ন কইনাই কিছু চাউল দুৱাৰৰ ওচৰত ৰৈ‍ পিছফালে‍ তেওঁৰ মাকৰ শাড়ীৰ আঁচলত তিনিবাৰ দলিয়াই। এনে কৰাৰ কাৰণ নাৰী হ'ল লক্ষ্মী স্বৰূপা ঠিক তেনেকৈয়ে‍ চাউল‍ো লক্ষ্মী স্বৰূপা। যিহেতু দেউতাকৰ ঘৰৰপৰা লক্ষ্ণী শহুৰেকৰ ঘৰলৈ গৈছে, সেয়ে‍ লক্ষ্মী স্বৰূপা কইনাই লক্ষ্মীৰ সমতুল্য চাউল দেউতাকৰ ঘৰত দি থৈ গৈছে।[7]

বধূ বৰণ

বধূ বৰণ হ'ল ন কইনাক আদৰাৰ অনুষ্ঠান। ন কইনা দৰাৰ ঘৰ গৈ পোৱাৰ পাছত এই অনুষ্ঠান কৰা হয়। এখন থালত আলতা আৰু গাখীৰ দি পূৰ্ণ কৰি নানা উপকৰণেৰে‍ ন কইনাক বৰণ বা আদৰা হয়। ন কইনাই ইয়াত ভৰি থয় আৰু শাহু্ৱ‍েকে‍ আদৰি নিয়াৰ পাছত দৰাৰ সৈতে‍ গৃহপ্ৰৱেশ কৰে।

কাল ৰাত্ৰি

কাল ৰাত্ৰি হ'ল কইনা দৰাৰ ঘৰ গৈ পোৱাৰ পাছত আৰু প্ৰাথমিক আদৰণি অনুষ্ঠান শেষ হোৱাৰ পাছত দৰা-কইনা উভয়ে‍ সেই ৰাতি পৃথকে পৃথকে শোৱে। ই দৰা-কইনা উভয়কে‍ সতেজ নিদ্ৰা প্ৰদান কৰে আৰু পৰৱৰ্তী দিনৰ চূড়ান্ত বিয়াৰ অনুষ্ঠানৰ বাবে প্ৰস্তুত হ'বলৈ সুযোগ দিয়ে।

বৌভাত

বৌভাত হ'ল এনে এক অনুষ্ঠান য'ত ন কইনাই ৰান্ধে আৰু স্বামীৰ পৰিয়ালৰ সদস্যসকলক পৰিৱেশন কৰে। স্বামীয়ে‍ ন কইনাক এখন শাড়ী উপহাৰ দিয়ে‍ আৰু কইনাৰ মৌলিক চাহিদা পূৰণৰ দায়িত্ব লোৱাৰ শপথ লয় ("ভাত কাপড়" - আক্ষৰিক অৰ্থে খাদ্য আৰু পোছাক)। অতিথিসকলৰ বাবে ভোজৰ আয়োজন কৰা হয় আৰু অতিথিয়ে‍ ন কইনাক উপহাৰ প্ৰদান কৰে।

ফুলশয্যা

ফুলশয্যা হ'ল নৱদম্পতীৰ বিছনা ফুলেৰে‍ সজ্জিত কৰি‍ তেওঁলোকক একে ঠাইতে থোৱা হয়।

হিন্দু আইন

[সম্পাদনা কৰক]

হিন্দুশাস্ত্ৰমতে, বিবাহ কেৱল চুক্তি নয়, বৰং ই এক ধৰ্মীয় বাধ্যবাধকতা। হিন্দু আইন মূলতঃ হিন্দু ধৰ্মশাস্ত্ৰৰে‍ই প্ৰতিৰূপায়ণ। শাস্ত্ৰ অনুযায়ী পুৰুষসকলৰ পালনীয় দহটা ধৰ্মীয় কৰ্তব্য (Ten sacraments)ৰ ভিতৰত অন্যতম হ'ল বিবাহ। হিন্দু আইনৰ দৃষ্টিত বিবাহ হ'ল ধৰ্মীয় কৰ্তব্য সম্পাদনৰ উদ্দেশ্যৰে‍ নৰ-নাৰীৰ পৱিত্ৰ মিলন। হিন্দু আইন অনুযায়ী কইনাৰ মাক-দেউতাকে‍ দৰাৰ হাতত কইনাক সম্পূৰ্ণভাৱে তুলি দিয়ে৷ হিন্দু আইনত কইনাৰ সম্মতি অথবা অসম্মতিক গুৰুত্ব সহকাৰে‍ বিবেচনা কৰা নহয় আৰু বিবাহ-বিচ্ছেদ আৰু পুনৰ্বিবাহ স্বীকৃত নহয় [যদিও পৰাশৰ সংহিতা বা কিছুমান পুৰাণত নাৰীৰ পুনৰ্বিবাহৰ বিষয়ে সুস্পষ্ট বিধান দিয়া হৈছে‍ :
"নষ্টে মৃতে প্ৰব্ৰজিতে ক্লীবে চ পতিতে পতৌ।
পঞ্চৰাপৎসু নাৰীণাং পতিৰন্যো বিধীয়তে॥"
কিন্তু এই বিধানৰ বহু অপব্যাখ্যা অতীতত কৰা হৈছিল বা "প্ৰক্ষিপ্ত" বুলি‍ নস্যাৎ কৰা হৈছিল], এনেকি‍ ধৰ্ম পৰিৱৰ্তন, বৰ্ণচ্যুতি, ব্যভিচাৰ কিংবা বেশ্যাবৃত্তিও বিবাহ-বিচ্ছেদৰ কাৰণ হ'ব নোৱাৰে‍। হিন্দু শাস্ত্ৰ অনুযায়ী যিহেতু বিবাহ কোনো চুক্তি নহয়, সেয়ে‍ বিবাহৰ বাবে‍ সাবালকত্বক বিবেচনা কৰা নহয় - এই নিয়ম সনাতন হিন্দু আইন অনুসৃত আৰু বাংলাদেশৰ হিন্দুসকলে‍ এই আইন মানি‍ চলে। হিন্দু আইনত বিবাহ ৰেজিষ্ট্ৰেশনৰ কোনো বিধান নাই। হিন্দু আইন অনুযায়ী এজন নপুংসকও বিবাহ কৰাব পাৰে। বাংলাদেশৰ হিন্দু আইনত বৰ্ণপ্ৰথা আছে‍ অৰ্থাৎ আইনগতভাৱে দৰা-কইনা নিশ্চিতভাৱে সমগোত্ৰীয় হ'ব লাগিব৷ ১৮৫৬ চনত বাংলাদেশৰ হিন্দু আইনত ‘বিধৱা বিবাহ’ আইনসম্মতভাৱে স্বীকৃত, অৱশ্য‍ে বাস্তৱত ইয়াৰ প্ৰয়োগ সচৰাচৰ দেখা নাযায়৷ হিন্দু আইন অনুযায়ী পত্নী পতিৰ অনুগত হৈ থাকিব লাগিব আৰু পতি‍ তেওঁৰ পত্নীৰ সৈতে বাস কৰিব লাগিব আৰু ভৰণ-পোষণ দিব লাগিব৷ বাংলাদেশৰ হিন্দু নাৰীয়ে‍ ‘হিন্দু মেৰিড উইমেনছ ৰাইট টু ছেপাৰেট ৰেছ‍িডেন্স এণ্ড মেইনটেনেন্স এক্ট ১৯৪৬’ অনুযায়ী কিছু কিছু ক্ষেত্ৰত পৃথকভাৱে‍ বসবাস কৰাৰ আৰু ভৰণ-পোষণ পোৱাৰ অধিকাৰ লাভ কৰে‍, যেনে, যদি পতি কোনো সংক্ৰামক ৰোগত আক্ৰান্ত হয় আৰু সেই ৰোগ পত্নীৰদ্বাৰা সংক্ৰমিত নহয়, অথবা পতিয়ে যদি তেওঁৰ পত্নীৰ সৈতে‍ বেয়া ব্যৱহাৰ কৰে আৰু সেই বেয়া ব্যৱহাৰ যদি তেওঁৰ পত্নীৰ জীৱনৰ প্ৰতি হুমকিস্বৰূপ হয়; অথবা পতিয়ে যদি দ্বিতীয় বিবাহ কৰ‍ে বা পুনৰায় বিবাহ কৰে; পতিয়ে‍ যদি পত্নীক তেওঁৰ সম্মতি বিহনে ত্যাগ কৰে; অথবা পতিয়ে‍ যদি অন্য ধৰ্ম গ্ৰহণ কৰে অথবা অন্য কোনো আইনগত কাৰণত পত্নী পৃথকভাৱে বসবাস আৰু ভৰণ-পোষণ লাভ কৰাৰ অধিকাৰী হয়।[8]

পাৰ্থক্য

[সম্পাদনা কৰক]

জাতিভেদে আৰু অঞ্চলভেদে এই ৰীতি কিছু পৰিৱৰ্তিত হয়। লৌকিক আচাৰবোৰ অঞ্চল, বৰ্ণ বা উপবৰ্ণভেদে ভিন ভিন হয়।[1] নিম্নবৰ্ণীয় হিন্দুসকলৰ মাজত লৌকিক আচাৰৰ লগতে বিবাহৰ মৌলিক আচাৰবোৰৰ ক্ষেত্ৰতো সম্প্ৰদায়ভেদে পাৰ্থক্য পৰি‍লক্ষিত হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 বাংলাৰ লোক-সংস্কৃতি, আশুতোষ ভট্টাচাৰ্য, ন্যাশানাল বুক ট্ৰাষ্ট, ইণ্ডিয়া, নতুন দিল্লি, ২০০৫ মুদ্ৰণ, পৃ. ৫৯-৬৩
  2. "বাঙালিৰ বিয়ে উৎসৱ" (en ভাষাত). 2021-09-02. https://www.jugantor.com/todays-paper/features/out-of-home/123350/বাঙালিৰ-বিয়ে-উৎসৱ.
  3. চক্ৰবৰ্তী, শুভাশিস (2021-09-02). "বিয়েতে হাৰিয়ে যাওয়া ছড়া-গানেৰ লোকাচাৰ". https://www.anandabazar.com/rabibashoriyo/traditional-bengali-marriage-rhymes-and-songs-1.1239174.
  4. amadernotunshomoy.com (2021-09-02). "বাঙালি হিন্দু বিবাহ ও লৌকিক আচাৰ". Archived from the original on 2021-09-02. https://web.archive.org/web/20210902133918/http://amadernotunshomoy.com/newsite/2019/03/30/%E0%A6%AC%E0%A6%BE%E0%A6%99%E0%A6%BE%E0%A6%B2%E0%A6%BF-%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%B9-%E0%A6%93-%E0%A6%B2%E0%A7%8C%E0%A6%95/ আহৰণ কৰা হৈছে: 2025-11-08.
  5. AppsDreamers (2021-09-02). "যে কাৰণে বিয়েৰ সময় সাত পাক ঘোৰা অনিবাৰ্য! সাত পাকেৰ মাহাত্ম্য" (en-US ভাষাত). https://www.banglapanjika.com/blogspost/যে-কাৰণে-বিয়েৰ-সময়-সাত-পাক/.[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ
  6. "Saptapadi in Bengali wedding.". https://www.shutterstock.com/image-photo/indian-wedding-rituals-bengali-bride-removing-1301046391.
  7. "বিয়েৰ পৰ চাল দিয়ে ঋণ শোধ হয়, কিন্তু ‘কনকাঞ্জলি’ৰ আসল মৰ্মাৰ্থ জানেন কি?" (bn ভাষাত). 2021-09-02. Archived from the original on 2024-12-12. https://web.archive.org/web/20241212023415/https://bangla.popxo.com/article/importance-of-kanakanjali-in-hindu-wedding-in-bengali/ আহৰণ কৰা হৈছে: 2025-11-09.
  8. "হিন্দু পাৰিবাৰিক আইনেৰ বিয়ে বিষয়ক বিধান"[সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ, শেখ সাদী ৰহমান; সাপ্তাহিক একুশে (অনলাইন), ২ আগষ্ট ২০১০; পৰিদৰ্শনেৰ তাৰিখ: জানুয়াৰি ২৬, ২০১১ খ্ৰিষ্টাব্দ। [সংযোগবিহীন উৎস]