সমললৈ যাওক

শ্ৰীমদ্ভগৱতগীতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bhagawad Gitaৰ পৰা পুনঃনিৰ্দেশিত)
শ্ৰীমদ্ভগৱদ্গীতা  
লেখক মহৰ্ষি বেদব্যাস
ভাষা সংস্কৃত
শৃংখলা মহাভাৰত (ভীষ্মপৰ্ব)
কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ৰথ, ওঠৰ-উন্নৈশ শতিকাৰ এখন চিত্ৰকলা

শ্ৰীমদ্ভাগৱতগীতা (সংস্কৃত: भगवद्गीता, ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যাদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত।[1] ই বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাব্য মহাভাৰতৰ 'ভীষ্মপৰ্ব'ৰ এটা গুৰুত্বপূৰ্ণ অংশ। কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যি দিব্য উপদেশ দিছিল, সেয়াই হ’ল গীতৰূপী অমৃতবাণী। শ্ৰীমদ্ভগৱদ্গীতা ভগৱানৰ সাক্ষাৎ দিব্য বাণী হোৱাৰ বাবে ইয়াৰ শ্লোকসমূহক মন্ত্ৰৰ মৰ্যাদা দিয়া হৈছে।[2]

শ্ৰীকৃষ্ণ স্বয়ং এই গ্ৰন্থৰ বক্তা। তেওঁৰ মতে, "গীতা মোৰ হৃদয়।" গীতাক 'সৰ্বশাস্ত্ৰময়ী' বুলি কোৱা হয়, কাৰণ সকলো শাস্ত্ৰ মন্থন কৰি এই অমৃতময়ী গীতাৰ উদয় হৈছে। ইয়াৰ দিব্য জ্ঞান কোনো বিশেষ জাতি বা সম্প্ৰদায়ৰ বাবে নহৈ সমগ্ৰ মানৱজাতিৰ বাবে উদ্দেশ্য কৰি কোৱা হৈছে। প্ৰস্থানত্ৰয়ীৰ (তিনখন মুখ্য গ্ৰন্থ) অন্তৰ্গত ভগৱদ্গীতা, ব্ৰহ্মসূত্ৰ আৰু উপনিষদ পৰে। গীতাত ব্ৰহ্মসূত্ৰ আৰু উপনিষদ— এই দুয়োৰে তাৎপৰ্য নিহিত হৈ আছে।

স্বয়ং বেদব্যাস ঋষিয়ে কৈছে:

গীতা সুগীতা কৰ্তব্যা কিমন্যৈঃ শাস্ত্ৰ বিস্তৰৈঃ।
যা স্বয়ং পদ্মনাভস্য মুখপদ্মাদ্বিনিঃসৃতা॥

—  মহাভাৰত (ভীষ্মপৰ্ব ৪৩/১)

[3]

গীতাৰ মহিমা

[সম্পাদনা কৰক]

শাস্ত্ৰত গঙ্গা স্নানক মুক্তিৰ পথ বুলি কোৱা হৈছে, কিন্তু গঙ্গাত স্নান কৰাজনে কেৱল নিজকহে মুক্ত কৰিব পাৰে। আনহাতে, গীতৰূপী গঙ্গাত অৱগাহন কৰাজনে নিজেও মুক্ত হয় আৰু আনকো মুক্ত কৰিবলৈ সমৰ্থ হয়। বৰাহ পুৰাণৰ মতে, যি ব্যক্তিয়ে গীতাৰ পুথি হাতত লৈ প্ৰাণত্যাগ কৰে, তেওঁ বৈকুণ্ঠ ধাম লাভ কৰে।[4]

গঠন আৰু সাৰাংশ

[সম্পাদনা কৰক]

গীতাত মুঠ ১৮টা অধ্যায় আৰু ৭০০টা শ্লোক আছে। এই শ্লোকসমূহৰ জৰিয়তে জ্ঞানযোগ, কৰ্মযোগ আৰু ভক্তিযোগৰ বিষয়ে বৰ্ণনা কৰা হৈছে।[5]

শ্লোক বিভাজন

[সম্পাদনা কৰক]

গীতাত থকা ৭০০ শ্লোকৰ বক্তাসকল হ'ল:

বক্তা শ্লোকৰ সংখ্যা
ভগৱান শ্ৰীকৃষ্ণ ৫৭৪
অৰ্জুন ৮৪
সঞ্জয় ৪১
ধৃতৰাষ্ট্ৰ
মুঠ ৭০০

গীতাৰ মতে প্ৰতিটো প্ৰাণী প্ৰকৃতিৰ কঠোৰ নিয়মৰদ্বাৰা আবদ্ধ। যিহেতু জীৱ হৈছে ভগৱানৰ অংশ-স্বৰূপ, সেয়েহে জীৱৰ স্বাভাৱিক ধৰ্ম হ’ল ভগৱানৰ সেৱা কৰা। মানুহে নিজৰ ভৌতিক ইন্দ্ৰিয়ক তুষ্ট কৰাৰ পৰিৱৰ্তে ভগৱানক সন্তুষ্ট কৰিবলৈ যত্ন কৰাই জীৱনৰ সৰ্বোচ্চ সিদ্ধি।

হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিষ্ঠিত।[6] গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়।[6] সেয়েহে গীতাক ‘শ্ৰীভগৱান’ বুলিও নামকৰণ কৰা হৈছে।[7]

গীতাৰ বিষয়-বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্যবিমূঢ় হয় পৰিছিল। সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰ যোগশাস্ত্ৰ[8] আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল। সেইকাৰণে গীতাক হিন্দু ধৰ্মতত্ত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনচৰ্যাৰ এখন ব্যাৱহাৰিক পথ নিৰ্দেশিকা বুলি কোৱা হয়। যোগশাস্ত্ৰ ব্যাখ্যাৰ সময়ত কৃষ্ণই নিজৰ ‘স্বয়ং ভগৱান’ ৰূপটি উন্মোচিত কৰিছিল আৰু বিশ্বৰূপে অৰ্জুনক দৰ্শন দি আশীৰ্বাদ কৰিছিল। গীতাৰ ১১ অধ্যায়ত গীতা জ্ঞানদাতাই নিজৰ বিৰাট ৰূপ দেখুৱাইছিল। তেতিয়া অৰ্জুন ভয়তে কঁপিবলৈ ধৰিলে। শ্ৰী কৃষ্ণ অৰ্জুনৰ জেঠেৰী, কিয়নো শ্ৰীকৃষ্ণই অৰ্জুনৰ ভগ্নী সুভাদ্ৰক বিয়া কৰাইছিল। গীতা জ্ঞানদাতাই নিজৰ বিৰাট ৰূপ প্ৰদৰ্শন কৰোঁতে সহস্ৰ বাহু দেখা গৈছিল। তেতিয়া অৰ্জুনে শ্ৰী কৃষ্ণক কোন বুলি সুধিছিল। (গীতা ১১ অধ্যায়, শ্লোক ৩১)

“শ্ৰীমদ্ভগৱদগীতা মানৱীয় জ্ঞান আৰু উপলব্ধিৰ সৰ্বোত্তম ফল। ইয়াৰ দৰ্শন আৰু সাহিত্য দুয়োটাৰে অবিভাজ্য সংশ্লেষণ ঘটিছে। তত্ত্ব-জিজ্ঞাসুসকলক গীতাই তত্ত্বৰ সন্ধান দিছে আৰু ৰসান্বেসীসকলক দান কৰিছে ৰসৰ সন্ধান। গীতাই কাকো বিমুখ কৰা নাই, কাকো বিমুখ নকৰে। মুখ্যত গীতা দৰ্শন শাস্ত্ৰ। এই গ্ৰন্থ হ’ল উপনিষদ তথা বেদান্তৰ সাৰ। আত্মাৰ অমৰত্ব, নিষ্কাম কৰ্মযোগ আৰু ঈশ্বৰৰ ওচৰত পৰিপূৰ্ণভাৱে আত্মসমৰ্পণ - গীতাই এই মৰ্মবাণী ঘোষণা কৰি আহিছে। গীতা উপনিষদেই; গীত কৰি গাব পৰাকৈ ৰচনা কৰা বাবে ‘গীতা’।” — ড॰ নগেন শ‍ইকীয়া[9]


গীতা অধ্যায়৪ ৪ শ্লোক ৭ ত শ্ৰী ভগৱানে অৰ্জুনক কৈছে যে:-

য়দা,য়দা, হি ধৰ্মস্য, গ্লানি:, ভৱতি, ভাৰত, অভ্যুত্থানম, অধৰ্মস্য, তদা, আত্মানম, সৃজামি, অহম॥৭॥

অৰ্থ:- হে ভাৰত, য'তে, যেতিয়াই ধৰ্মৰ হানি, পতন আৰু অধৰ্মৰ বৃদ্ধি হয় সেই সময়তে মই নিজৰ ৰূপক সৃজন কৰোঁ, অৰ্থাৎ সাকাৰ ৰূপেৰে মানুহৰ আগত প্ৰকট হওঁ।

গীতা অধ্যায়৪ ৪ শ্লোক ৮ -

পৰিত্ৰাণায়, সাধুনাম, বিনাশায়, চ দুষ্কৃতাম, ধৰ্মসংস্থাপনাৰ্থায়, সম্ভৱামি, য়ুগে, য়ুগে॥৮॥

অৰ্থ:- সাধু পুৰুষক উদ্ধাৰ কৰিবলৈ দুষ্টক বিনাশ কৰিবলৈ আৰু ধৰ্মক সংস্থাপন কৰিবলৈ মই যুগে-যুগে প্ৰকট হওঁ।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The phrase marking the end of each chapter identifies the book as Gītopanishad. The book is identified as "the essence of the Upanishads" in the Gītā-māhātmya 6, quoted in the introduction to the book by the founder of ISKCON Bhaktivedanta Swami Prabhupada, A.C. (1983), Bhagavad-gītā As It Is, প্ৰকাশক Los Angeles: The Bhaktivedanta Book Trust, http://vedabase.net/bg .
  2. "Bajali Gita Satra" (en ভাষাত). Bajali Gita Satra Blog. https://bajaligitasatra.blogspot.com/। আহৰণ কৰা হৈছে: 2026-01-08. 
  3. "Bajali Gita Satra" (en ভাষাত). Bajali Gita Satra Blog. https://bajaligitasatra.blogspot.com/। আহৰণ কৰা হৈছে: 2026-01-08. 
  4. "Bajali Gita Satra" (en ভাষাত). Bajali Gita Satra Blog. https://bajaligitasatra.blogspot.com/। আহৰণ কৰা হৈছে: 2026-01-08. 
  5. "Bajali Gita Satra" (en ভাষাত). Bajali Gita Satra Blog. https://bajaligitasatra.blogspot.com/। আহৰণ কৰা হৈছে: 2026-01-08. 
  6. 6.0 6.1 Nikhilananda, Swami, "Introduction", The Bhagavad Gita, p. 1 
  7. "Bhagavan". Bhaktivedanta VedaBase Network (ISKCON). http://www.vedabase.net/b/bhagavan। আহৰণ কৰা হৈছে: 2008-01-14. 
  8. Introduction to the Bhagavad Gita
  9. প্ৰশান্ত কুমাৰ বৰদলৈ (২০০৬). "সহজ অসমীয়াত গীতাৰ শেষপৃষ্ঠা". পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]