ভৰলু নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bharalu Riverৰ পৰা পুনঃনিৰ্দেশিত)
ভৰলু নদী
উপনৈ
দেশ ভাৰত
প্ৰদেশসমূহ অসম, মেঘালয়
চহৰ গুৱাহাটী
উৎস খাচী পাহাৰ
 - অৱস্থান মেঘালয়, ভাৰত
মোহনা ব্ৰহ্মপুত্ৰ নদ
 - অৱস্থান ভৰলুমুখ, গুৱাহাটী

ভৰলু নদী (ইংৰাজী: Bharalu River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। ভৰলু নৈ মেঘালয়ৰ খাচী পাহাৰত উৎপত্তি হৈ কামৰূপ মহানগৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে। অসমত প্ৰৱেশ কৰাৰ পিছত ই গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰ নদীত পৰিছে।[1] ভৰালু নদী অসমৰ আটাইতকৈ প্ৰদূষিত নদীসমূহৰ ভিতৰত অন্যতম।[2]

প্ৰদূষণ[সম্পাদনা কৰক]

ভৰলু নদীয়ে গুৱাহাটী চহৰৰ পৌৰ আৱৰ্জনাৰ এক বৃহৎ অংশ বহন কৰে। ভৰলুৱে গুৱাহাটীৰ প্ৰাকৃতিক জলনিষ্কাশন নৰ্দমা হিচাপে কাম কৰে আৰু নদীখনে বজাৰ, বাণিজ্যিক প্ৰতিষ্ঠান, হোটেল, ৰেষ্টুৰেণ্ট, বিদ্যালয় আদিৰ পৰা বৰ্জনীয় পানী আৰু অপচয় বহন কৰে।[3][4] ২০১৩ চনৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক তথ্যৰ মতে গুৱাহাটীৰ সৰু আৰু মধ্যম সকলো ধৰণৰ উদ্যোগ, কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, অট্টালিকা, গৃহ আদিৰ নিৰ্গত দূষিত পানী আৰু জাৱৰবোৰ ভৰলু নদীত এৰি দিয়া হয়। গুৱাহাটী মহানগৰীৰ ৩৩০টা নলাই কঢ়িয়াই নিয়া দূষিত পানী আৰু জাবৰ,পলিথিন আদিবোৰ গৈ ভৰলুতে পৰিছে।[5] তদুপৰি নুনমাটিত অৱস্থিত খাৰুৱা তেলৰ শোধনাগাৰৰ পৰায়ো আৱৰ্জনা সমূহ ভৰলুত পেলোৱা হয়।

ৰাসায়নিক অৱস্থা[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় নদী সংৰক্ষণ সঞ্চালকালয়ে নিৰ্ধাৰণ কৰা অনুমোদিত সীমা ৩ মিলিগ্ৰাম/লিটাৰৰ তুলনাত ভৰলু নদীৰ জৈৱৰাসায়নিক অক্সিজেনৰ চাহিদা ৫২ মিলিগ্ৰাম/লিটাৰ। জৈৱ আৰু অজৈৱ আৱৰ্জনায়ে ৰাসায়নিক সংৰচনায়ে পানীৰ প্ৰাকৃতিক অৱস্থা সলনি কৰিছে। জৈৱ আৱৰ্জনাৰ পচনৰ ফলত নদীৰ পৰা দুৰ্গন্ধ সৃষ্টি হৈছে।[6]

প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা[সম্পাদনা কৰক]

২০১০ চনত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ভৰলু পৰিষ্কাৰকৰণৰ বাবে এখন আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। ২০১২-১৩ বৰ্ষত ভৰলু পৰিষ্কাৰকৰণৰ কাৰণে গুৱাহাটী পৌৰ নিগমক চৰকাৰে ২ কোটি ৮৮ লাখ ৭৩ হাজাৰ ১০৪ টকা মোকলাই দিছিল।[7] গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ সৈতে সংঘৰ্ষৰ আগত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সমীপত ভৰলুৰ পানীৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰ আছে।[8] ২০২০ চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডসমূহে দেশৰ ৩৫১খন প্ৰদূষিত নদীৰ পাঁচটা বিভাগত ভাগ কৰে। ভৰলু নদীখন ইয়াৰে প্ৰথম শ্ৰেণীত অন্তৰ্ভুক্ত।[9] অসম চৰকাৰে ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভৰলুক চাফা কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Assam: And dirty flows the Bharalu through the heart of Guwahati" (en ভাষাত). Eastmojo. https://www.eastmojo.com/in-depth/2019/09/26/assam-and-dirty-flows-the-bharalu-through-the-heart-of-guwahati। আহৰণ কৰা হৈছে: 26 September 2019. 
  2. "Conservation of River Bharalu, Guwahati -Preparation of Detailed Project Report" (en ভাষাত). Pollution Control Board, Assam. http://www.pcbassam.org/rlcc/BHARALU/Bhalaru%20City%20Sanitation%20Plan_Draft%20Final.pdf। আহৰণ কৰা হৈছে: 19 September 2020. 
  3. "Pollution Brings Threat To Bharalu River" (en ভাষাত). Pratidin Time. https://www.pratidintime.com/pollution-brings-threat-to-bharalu-river/। আহৰণ কৰা হৈছে: 19 September 2019. 
  4. "Submission of Monthly Progress Report by State of Assam for River Stretches under priority I & II" (en ভাষাত). National Mission for Clean Ganga. https://nmcg.nic.in/writereaddata/fileupload/ngtmpr/40_Assam%20MPR%20Feb%202020.pdf। আহৰণ কৰা হৈছে: 19 September 2020. 
  5. "প্ৰাকৃতিক কাৰণত নহয়, নাগৰিকৰ বাবেই অপমৃত্যুৰ দিশে এখন নদী!". https://assam.nenow.in/the-bahinibharalu-river-carries-the-citys-untreated-sewage-and-empties-it-into-the-brahmaputra-river/। আহৰণ কৰা হৈছে: 22 November 2020. 
  6. "Polluted flows the Bharalu" (en ভাষাত). The Sentinel. https://www.sentinelassam.com/top-headlines/polluted-flows-the-bharalu/। আহৰণ কৰা হৈছে: 29 February 2016. 
  7. "ভয়াৱহভাৱে প্ৰদূষিত ভৰলুৰ পানী". janambhumi.in. https://janambhumi.in/VFhwRk5FMTZVVDA9/ভয়াৱহভাৱে-প্ৰদূষিত-ভৰলুৰ-পানী.html। আহৰণ কৰা হৈছে: 22 November 2020. [সংযোগবিহীন উৎস]
  8. "পানীৰ গুণাগুণ নিৰীক্ষণ". environmentandforest.assam.gov.in. https://environmentandforest.assam.gov.in/as/frontimpotentdata/পানীৰ-গুণাগুণ-নিৰীক্ষণ। আহৰণ কৰা হৈছে: 22 November 2020. 
  9. "ভৰলু নদীৰ পানী স্নান কৰাৰ কাৰণে উপযুক্ত হ’বনে?প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষ আঁচনি". sentinelassam.com. https://assamese.sentinelassam.com/news/will-bharalu-water-be-fit-for-bathing/। আহৰণ কৰা হৈছে: 22 November 2020.