সমললৈ যাওক

কুমাৰ ভাস্কৰ বৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bhaskar Varmanৰ পৰা পুনঃনিৰ্দেশিত)

কুমাৰ ভাস্কৰ বৰ্মা (ইংৰাজী: Kumar Bhaskara Varman) কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মণ ৰাজবংশৰ ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল।[1] তেওঁৰ ভাতৃ সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত বহে। ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবেই তেওঁৰ মৃত্যুৰ পিছত শালস্তম্ভই কামৰূপ ৰাজ্যত শালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিষ্ঠা কৰে।

বংশ পৰিচয়

[সম্পাদনা কৰক]

বিভিন্ন উৎসত ভাস্কৰ বৰ্মা পিতৃ পৰিচয় সামান্য পৃথকভাৱে পোৱা যায়। সকলোবোৰ উৎসতে তেওঁৰ এজন ভাতৃ থকাৰ কথা কোৱা হৈছে।

  • হৰ্ষচৰিতত সুস্থিৰ বৰ্মা আৰু শ্যামাদেৱীৰ পুত্ৰ ভাস্কৰবৰ্মা বা ভাস্কৰদ্যুতি বোলাৰ বিপৰীতে নিৰ্ণয়সাগৰ সংস্কৰণত সুস্থিৰ বৰ্মাৰ বিপৰীতে সুস্থিত বৰ্মা পোৱা যায়।[2]
  • নলন্দ মোহৰত স্থিত বৰ্মা আৰু পত্নী নয়নশোভাৰ পুত্ৰ সুস্থিত বৰ্মা আৰু তেওঁৰ পত্নী শ্যামালক্ষ্মীৰ পুত্ৰ সুপ্ৰস্থিত বৰ্মা আৰু ভাস্কৰ বৰ্মা বুলি উল্লেখ আছে।[2]
  • নিধানপুৰ তামৰ ফলিত পুষ্যবৰ্মাৰ পুত্ৰ সমুদ্ৰ বৰ্মা-পত্নী দত্তদেৱী, তেওঁলোকৰ পুত্ৰ বলবৰ্মা-পত্নী ৰত্নৱতী, তেওঁলোকৰ পুত্ৰ কল্যাণবৰ্মা-পত্নী গন্ধৰ্বৱতী; তেওঁলোকৰ পুত্ৰ গণপতিবৰ্মা-পত্নী যজ্ঞৱতী; তেওঁলোকৰ পুত্ৰ মহেন্দ্ৰবৰ্মা-পত্নী সুব্ৰতা; তেওঁলোকৰ পুত্ৰ নাৰায়ণ বৰ্মা-পত্নী দেৱৱতী; তেওঁলোকৰ পুত্ৰ মহাভূতবৰ্মা-পত্নী বিজ্ঞানৱতী; তেওঁলোকৰ পুত্ৰ চন্দ্ৰমুখবৰ্মা-পত্নী ভোগৱতী; তেওঁলোকৰ পুত্ৰ স্থিতবৰ্মা-পত্নী নয়নদেৱী; তেওঁলোকৰ পুত্ৰ সুস্থিতবৰ্মা বা মৃগাঙ্ক, পত্নী শ্যামাদেৱী; আৰু তেওঁলোকৰ পুত্ৰ সুপ্ৰস্থিতবৰ্মা আৰু ভাস্কৰবৰ্মা বুলি উল্লেখ আছে।[2]

সকলোবোৰ চালি-জাৰি চাই বুৰঞ্জীবিদ ড° সূৰ্য্যকুমাৰ ভূঞাই কুমাৰ ভাস্কৰ বৰ্মাৰ পিতৃৰ নাম আছিল সুস্থিত বৰ্মা বুলি ঠাৱৰ কৰিব পাৰি বুলি মত পোষণ কৰে।[2]

বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা৩৫০৩৭৪
সমুদ্ৰবৰ্মা৩৭৪৩৯৮
বলবৰ্মা৩৯৮৪২২
কল্যাণ বৰ্মা৪২২৪৪৬
গণপতি বৰ্মা৪৪৬৪৭০
মহেন্দ্ৰ বৰ্মা৪৭০৪৯৪
নাৰায়ণ বৰ্মা৪৯৪৫১৮
ভূতি বৰ্মা৫১৮৫৪২
চন্দ্ৰমুখ বৰ্মা৫৪২৫৬৬
১০স্থিত বৰ্মা৫৬৬৫৯০
১১সুস্থিত বৰ্মা৫৯০৫৯৫
১২সুপ্ৰতিস্থিত বৰ্মা৫৯৫৬০০
১৩কুমাৰ ভাস্কৰ বৰ্মা৬০০৬৫০
১৪অৱন্তী বৰ্মা৬৫০৬৫৫

হৰ্ষবৰ্দ্ধনৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]

উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধন বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল। ভাস্কৰ বৰ্মাই হংসবেগ নামৰ কটকী এজন পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল।[1] সেই সময়ত গৌড় দেশত শশাঙ্ক নামৰ ৰজাজনে ৰাজত্ব কৰিছিল। তেওঁৰ হাতত হৰ্ষবৰ্দ্ধনৰ ককায়েক ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল। সেয়ে হৰ্ষবৰ্দ্ধনে ভাতৃহন্তা শশাঙ্কৰ ৰাজ্য আক্ৰমণ কৰে। ভাস্কৰ বৰ্মাই সেই যুদ্ধত হৰ্ষবৰ্দ্ধনক সহায় কৰে। তেওঁলোকৰ হাতত গৌড় ৰজা শশাঙ্ক পৰাস্ত হয়। শশাঙ্কৰ ৰাজ্য কৰ্ণসুবৰ্ণ আৰু গৌড় বা পৌণ্ড্ৰবৰ্দ্ধন ভাস্কৰ বৰ্মনে পায়। ইয়াৰ পিছত ভাস্কৰ বৰ্মা এখন বিশাল ৰাজ্যৰ অধিকাৰী হৈ পৰিছিল। ভাস্কৰ বৰ্মাৰ দিনত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যাৰ ওচৰ পাইছিলগৈ।[1]

কুমাৰ ভাস্কৰ বৰ্মাৰ দিনতেই চীনা পৰিব্ৰাজক হিউৱেন চাঙ অসমলৈ আহিছিল। তেওঁ লিখি থৈ গৈছে যে, কামৰূপ ৰাজ্যৰ বিস্তৃতি ১৬৭৫ মাইল আছিল, ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি ৬ মাইল আছিল।[1] ৰজা হিন্দু যদিও, তেওঁ বৌদ্ধ ধৰ্মৰ লোককো শ্ৰদ্ধা কৰিছিল।[3]

কুমাৰ ভাস্কৰবৰ্মাৰ নিধানপুৰৰ তামৰ ফলি

ৰজা হৰ্ষবৰ্দ্ধনেও ৰজা ভাস্কৰ বৰ্মনক যথেষ্ট সন্মান কৰিছিল। এবাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ সন্মানৰ অৰ্থে হৰ্ষবৰ্দ্ধনে প্ৰয়াগত এখন ডাঙৰ সভাৰ আয়োজন কৰিছিল।[1] তালৈ ভাৰতৰ বিখ্যাত ৰজাসকলক নিমন্ত্ৰণ কৰা হৈছিল। সেই উপলক্ষে তেওঁলোকে এটা ডাঙৰ শোভাযাত্ৰা কৰি দুভাগ হৈ গঙ্গাৰ দুই পাৰেদি যাত্ৰা কৰিছিল। সেই শোভাযাত্ৰাৰ এভাগৰ আগত হৰ্ষবৰ্দ্ধন আৰু আনটো ভাগত ভাস্কৰ বৰ্মা গৈছিল।[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৬, ১৭, ১৮.
  2. 1 2 3 4 ভূঞা, ড° সূৰ্য্যকুমাৰ (১৯৫৫). বুৰঞ্জীৰ বাণী. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪১,-৪৩.
  3. (Gait 1926:23-24)

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • Gait, E A (1906), A History of Assam, Thacker, Spink and Co., Calcutta 
  • Gait, Sir Edward (1926), A History of Assam, Lawyer's Book Stall, Guwahati 
  • Ghosh, Suchandra. Karnasuvarna, Banglapedia.
  • Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India : history, art, traditions by Chandra Dhar Tripathi, Indian Institute of Advanced Study

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]