সমললৈ যাওক

বীৰবল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Birbalৰ পৰা পুনঃনিৰ্দেশিত)
বীৰবল
সম্ৰাট আকবৰৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী

Birbal
বীৰবল
দাম্পত্য সঙ্গী উৰ্ব্বশী দেৱী
সন্তান
সৌদামিনী
পেছা মগল সম্ৰাট আকবৰৰ প্ৰধান মন্ত্ৰী

বীৰবল (১৫২৮-১৬ ফেব্ৰুৱাৰী, ১৫৮৬) মোগল সম্ৰাট আকবৰৰ দৰবাৰত উপদেষ্টা আৰু মোগল সেনাবাহিনীৰ প্ৰধান সেনাপতি আছিল। ভাৰতৰ বুন্দেলখণ্ডত এগৰাকী ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত তেওঁৰ জন্ম হৈছিল। তেওঁ মহেশ দাস, বীৰবল বা ৰাজা বীৰবল নামেৰেও পৰিচিত। সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল। বীৰবলৰ অৰ্থ হ’ল- জ্ঞানী। তেওঁৰ উপস্থিতি বুদ্ধি, পাণ্ডিত্য, ৰসিকতা আদি সৰ্বগুণৰ বাবে তেওঁক মোগল সম্ৰাট আকবৰে প্ৰধান মন্ত্ৰী পাতিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বীৰবলৰ জন্ম হৈছিল মহেশ দাস নামেৰে ১৫২৮[2] চনত মধ্যপ্ৰদেশৰ[3] সিধিৰ ঘোঘৰা নামৰ এখন গাঁৱত।[4] পিতৃৰ নাম গংগা দাস আৰু মাতৃৰ নাম অনভা দবিতো। তেওঁ আছিল পৰিয়ালটোৰ তৃতীয় পুত্ৰ।[3]

হিন্দী, সংস্কৃত আৰু পাৰ্চী ভাষাত শিক্ষিত হৈ তেওঁ গদ্য ৰচনা কৰিছিল, ব্ৰজ ভাষাত তেওঁ সংগীত আৰু কবিতাৰ বিশেষজ্ঞ আছিল, এইদৰেই তেওঁ খ্যাতি অৰ্জন কৰিছিল।[5] তেওঁ ৰেৱাৰ ৰজা ৰাম চন্দ্ৰৰ ৰাজপুত দৰবাৰত "ব্ৰহ্ম কবি" নামেৰে কাৰ্যনিৰ্বাহ কৰিছিল। এক সন্মানীয় আৰু ধনী পৰিয়ালৰ কন্যাক তেওঁ যেতিয়া বিয়া কৰাইছিল, তেতিয়া তেওঁৰ পৰিস্থিতি সলনি হৈছিল। মোগল সম্ৰাট আকবৰৰ দৰবাৰত কাম কৰাৰ পূৰ্বে‍ তেওঁৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল।[5]

সম্ৰাটৰ সভাত

[সম্পাদনা কৰক]

আকবৰৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ আৰু তেওঁৰ দৰবাৰত নিযুক্তিৰ বছৰটো বিতৰ্কিত যদিও ১৫৫৬ চনৰ পৰা ১৫৬২ চনৰ ভিতৰত তেওঁ আকবৰৰ দৰবাৰত নিযুক্তি পোৱ বুলি অনুমান কৰা হয়।[6] নিযুক্তিৰ কেইবছৰমানৰ ভিতৰতে তেওঁ সম্ৰাটৰ "কবি প্ৰিয়" (ৰাজ কবি) হৈ পৰে।[6] আকবৰে তেওঁক "ৰাজা" উপাধিৰে 'বীৰবল' নাম প্ৰদান কৰিছিল, যাৰ দ্বাৰা তেওঁ তেতিয়াৰ পৰাই পৰিচিত হৈছিল।[5]

বীৰবল নামটো বীৰ বাৰ বা বীৰ ৱাৰৰ পৰা আহিছে যাৰ অৰ্থ হাজিৰ জৱাব বা দ্ৰুত চিন্তাবিদ। আকবৰে তেওঁৰ হিন্দু সভাসদসকলক তেওঁলোকৰ পৰম্পৰা অনুসৰি উপাধি দিছিল আৰু এছ এইচ হোদিভালাই লিখিছে যে এই নামবোৰ লোককথা বেটাল পঞ্চবিংশতিৰ কোনো চৰিত্ৰৰ পৰা লোৱা হ’ব পাৰে। ইয়াত বীৰ ভাৰ নামৰ এজন দৰবাৰী দেখা গৈছিল যিয়ে নিজৰ ৰজাৰ প্ৰতি অতি আনুগত্য প্ৰকাশ কৰিছিল। আকবৰ সাহিত্যৰ প্ৰতিও আকৰ্ষিত আছিল, তেওঁৰ সংস্কৃত আৰু অন্যান্য স্থানীয় ভাষাৰ ৰচনা পাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল।[7]

স্থিতি আৰু স্বীকৃতি

[সম্পাদনা কৰক]

বীৰবলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই তেওঁক সম্ৰাট আকবৰৰ নজন উপদেষ্টা নৱৰত্নসকলৰ ভিতৰত অন্যতম কৰি তুলিছিল। আন আন ৰত্নসমূহ হ’ল টোদাৰ মল, মান সিং, ভগৱান দাস ইত্যাদি। ক্ৰমান্বয়ে তেওঁ ধৰ্মীয় উপদেষ্টা, সামৰিক বিষয়া আৰু সম্ৰাটৰ ঘনিষ্ঠ বন্ধু হৈ পৰে। প্ৰায় ৩০ বছৰকাল বীৰবলে‍ সম্ৰাটক সেৱা আগবঢ়াইছিল।[8][9]

১৫৭২ চনত সম্ৰাটে তেওঁৰ ডাঙৰ ভাতৃ হাকিম মিৰ্জাৰ আক্ৰমণৰ পৰা শ্বেৰ আফগান কোৱালি খানক ৰক্ষা কৰিবলৈ তেওঁক আৰু বৃহৎ সৈন্যবাহিনীসহ পঠিয়াইছিল। এয়াই আছিল তেওঁৰ প্ৰথম সামৰিক অভিযান। যদিও তেওঁৰ কোনো সামৰিক অভিজ্ঞতা নাছিল, সম্ৰাটে তেওঁক আন উপদেষ্টা যেনে, অৰ্থনীতিৰ উপদেষ্টা টোডৰ মলৰ দৰে বিভিন্ন অভিযানৰ নেতৃত্ব দিবলৈ পঠিয়াইছিল।

আবুল ফজল আৰু আব্দুল কাদিৰ বদৱানী আছিল দৰবাৰৰ ইতিহাসবিদ। যদিও ফজলে বীৰবলক সন্মান কৰিছিল আৰু প্ৰায় পঁচিশটা সন্মানীয় উপাধি প্ৰদান কৰিছিল আৰু দুহাজাৰ অভিযানৰ নেতা হিচাপে স্বীকৃতি দিছিল, কাদিৰে বীৰবলক সহ্য কৰিব নোৱাৰিছিল। এজন ব্ৰাহ্মণ হিন্দু সংগীতজ্ঞ সম্ৰাটৰ ইমান প্ৰিয় আৰু বিশ্বাসী কেনেকৈ হ'ল সেই কথা তেওঁ সহ্য কৰিব পৰা নাছিল।[6] কিন্তু একে সময়তে আকবৰৰ আন সভাসদসকলেও তেওঁৰ প্ৰতিভাৰ বিষয়ে জানিছিল আৰু তেওঁক অপছন্দ কৰিছিল।[9]

ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ আফগানিস্তানৰ সিন্ধু নদীৰ পাৰত মোগল শাসনৰ বিৰুদ্ধে ইউছুফজাই জনগোষ্ঠীয়ে বিদ্ৰোহ কৰিছিল। ১৫৮৬ চনত বহু হতাহতৰ পিছত আকবৰে বীৰবলক তেওঁৰ নতুন দুৰ্গ এটকৰ পৰা সৈন্যবাহিনী লৈ তাৰ কমাণ্ডাৰ জৈন খানক সহায় কৰিবলৈ পঠিয়াইছিল। বীৰবলে পাকিস্তানৰ স্বত উপত্যকাৰ মাজেৰে আগবাঢ়ি গৈছিল।[10] কিন্তু আফগানসকল ইতিমধ্যে তাত সাজু হৈ আছিল। মাৰাত্মক আক্ৰমণত বীৰবলকে ধৰি প্ৰায় ৮ হাজাৰ জোৱান সেই স্থানত মৃত্যুক সাৱটি লয় আৰু বীৰবলৰ মৃতদেহ কেতিয়াও পোৱা নগ’ল।[11]

এয়া আছিল আকবৰৰ আটাইতকৈ ডাঙৰ সামৰিক ব্যৰ্থতা আৰু তেওঁৰ সেনাবাহিনীৰ ধ্বংস। এই ঘটনাৰ ফলত আকবৰ গভীৰ শোকত ভাগি পৰিছিল আৰু তেওঁৰ অতি প্ৰিয় সভাসদৰ মৃত্যুত একেৰাহে দুদিন ধৰি তেওঁ কোনো খাদ্য বা পানীয় গ্ৰহণ কৰা নাছিল৷[6]

হিন্দুপ্ৰথা অনুসাৰে‍ বীৰবলক দাহ কৰাৰ সুযোগ নোপোৱাৰ লগতে বীৰবলক আৰু কেতিয়াও দেখা নোপোৱাৰ বাবে তেওঁ আৰু অধিক দুখী হৈ পৰিল। তেওঁ সিংহাসনত বহাৰ পিছত এই ঘটনাক আটাইতকৈ দুখজনক ঘটনা বুলি অভিহিত কৰে।[7]

লগতে চাওক

[সম্পাদনা কৰক]
  1. আকবৰৰ নৱৰত্ন

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. সুৰেন্দ্ৰ কুমাৰ দাস (দ্বিতীয় সংস্কৰণ ২০১২). বীৰবলৰ সাধু.
  2. "Bīrbal | Mughal Empire, Akbar's Adviser, Poet | Britannica" (en ভাষাত). www.britannica.com. 2024-10-11. https://www.britannica.com/biography/Birbal আহৰণ কৰা হৈছে: 2024-10-21.
  3. 1 2 Meenakshi Khanna, ed (2007). "Section 1: Kingship and Court Mixing the Classic with the Folk". Cultural History of Medieval India. Berghahn Books. পৃষ্ঠা. 24–44. ISBN 978-81-87358-30-5. https://books.google.com/books?id=ZbKv3zyIFD8C&pg=PA24.
  4. Neela Subramaniam. Birbal Stories (32 pp). Sura Books. পৃষ্ঠা. 2. ISBN 978-81-7478-301-1. https://books.google.com/books?id=G5zqiW0Bd1YC&pg=PP2 আহৰণ কৰা হৈছে: 30 June 2013.
  5. 1 2 3 Reddy (1 December 2006). Indian Hist (Opt). Tata McGraw-Hill Education. পৃষ্ঠা. B– 207, 236, D– 13. ISBN 978-0-07-063577-7. https://books.google.com/books?id=CeEmpfmbxKEC&pg=SL2-PA207 আহৰণ কৰা হৈছে: 29 June 2013.
  6. 1 2 3 4 Beatrice K. Otto (1 April 2001). Fools Are Everywhere: The Court Jester Around the World. University of Chicago Press. ISBN 978-0-226-64091-4. https://books.google.com/books?id=2BglxUD6Q6kC&pg=PA16 আহৰণ কৰা হৈছে: 29 June 2013.
  7. 1 2 Janik, Vicki K. (1 January 1998). Fools and Jesters in Literature, Art, and History: A Bio-Bibliographical Sourcebook. Greenwood Publishing Group. পৃষ্ঠা. 91–96. ISBN 978-0-313-29785-4. https://books.google.com/books?id=yLtoRB9Wy-sC&pg=PA91 আহৰণ কৰা হৈছে: 17 August 2020.
  8. S.R. Sharma (1 January 1999). Mughal Empire in India: A Systematic Study Including Source Material. Atlantic Publishers & Dist. পৃষ্ঠা. 787. ISBN 978-81-7156-819-2. https://books.google.com/books?id=4j_VLlGqVSoC&pg=PA787 আহৰণ কৰা হৈছে: 29 June 2013.
  9. 1 2 G. George Bruce Malleson (2001). Akbar and the Rise of the Mughal Empire. Cosmo Publications. পৃষ্ঠা. 131, 160, 161. ISBN 978-81-7755-178-5. https://books.google.com/books?id=GwSF6l59x88C&pg=PA131 আহৰণ কৰা হৈছে: 29 June 2013.
  10. Amita Sarin (21 March 2005). Akbar and Birbal. Penguin Books Limited. পৃষ্ঠা. 64. ISBN 978-81-8475-006-5. https://books.google.com/books?id=LN9ptrHH7EoC&pg=PT64 আহৰণ কৰা হৈছে: 30 June 2013.
  11. Richards, John F. (1995). The Mughal Empire. Cambridge University Press. পৃষ্ঠা. 49–51. ISBN 978-0-521-56603-2. https://books.google.com/books?id=HHyVh29gy4QC&pg=PA49 আহৰণ কৰা হৈছে: 29 June 2013.