সমললৈ যাওক

বৌদ্ধ ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(BuddHismৰ পৰা পুনঃনিৰ্দেশিত)

বৌদ্ধ ধৰ্ম


ইতিহাস

বৌদ্ধ ধৰ্মৰ সন্মিলন

মুখ্য চৰিত্ৰবোৰ

গৌতম বুদ্ধ
শিষ্যগণ

বিশ্বাস আৰু অনুশীলন

চতুৰাৰ্থ সত্য
অষ্টাঙ্গিক মাৰ্গ
প্ৰতীত্যসমুৎপাদ
সংসাৰপৰিনিৰ্বাণ
স্কন্ধ
কৰ্মজন্মান্তৰ

ধৰ্মচৰ্চা আৰু বোধিলাভ

দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ

বৌদ্ধধৰ্মৰ শাখাসমূহ

থেৰবাদমহাযান
বজ্ৰযান

ধৰ্মগ্ৰন্থ

ত্ৰিপিটকজাতক

অন্যান্য বিষয়সমূহ

তুলনামূলক পাঠ
সাংস্কৃতিক উপাদান

বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হীনযান বা থেৰবাদ (সংস্কৃত ভাষাত: স্থবিৰবাদ)। দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান বা তান্ত্ৰিক মতবাদটো মহাযানৰ এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আৰু কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

আক্ষৰিক অৰ্থত "বুদ্ধ" বুলিলে একজন জ্ঞানপ্ৰাপ্ত, উদ্বোধিত, জ্ঞানী, জাগৰিত মানুহকে বুজায়। উপাসনাৰ মাধ্যমৰে উদ্ভাসিত আধ্যাত্মিক উপলব্ধি আৰু পৰম জ্ঞানকে বোধি বোলা হয় (যিজোপা অশ্বত্থ গছৰ তলত তপস্যা কৰি বুদ্ধদেৱে বুদ্ধত্ব লাভ কৰিছিল সেই জোপা গছৰ নাম আছিল বোধি বৃক্ষ)। সেই অৰ্থত যি কোনো মানুহেই বোধপ্ৰাপ্ত, উদ্বোধিত আৰু জাগৰিত হৱ পাৰে। গৌতম বুদ্ধ বা সিদ্ধাৰ্থ গৌতম সেইযুগৰ তেনে এজন "বুদ্ধ"।

চিত্ৰত, যিডাল বোধি বৃক্ষ গছৰ তলত তপস্যা কৰি বুদ্ধদেৱে বুদ্ধত্ব লাভ কৰিছিল, বোধ গয়া, ভাৰত

গৌতম বুদ্ধৰ জীৱনী

[সম্পাদনা কৰক]

উত্তৰ পূৱ ভাৰতৰ কপিলাবাস্তু নগৰীৰ ৰজা শুদ্ধধনৰ পুত্ৰ আছিল সিদ্ধাৰ্থ (গৌতম বুদ্ধ)। খ্ৰীষ্টপূৰ্ব ৫৬৩ত লুম্বিনি কাননত {যিখন বৰ্তমান নেপালত অৱস্থিত) সিদ্ধাৰ্থই (গৌতম বুদ্ধ) জন্ম গ্ৰহণ কৰে।[1]

তেওঁৰ জন্মৰ ৭ দিন পিছতেই মাতৃ, ৰানী মাহামায়াৰ মৃত্যু হয়। তেওঁৰ জন্মৰ পিছৰছোৱা জনৈক মুনি এজন কপিলাবাস্তু নগৰীলৈ আহি সিদ্ধাৰ্থক দেখি ভৱিষ্যতবাণী কৰে যে,সিদ্ধাৰ্থ ভবিষ্যতে এজন দশোদিশ বিজয়ী ৰজা আৰু লগতে মহান মানৱ হৱ।

বৌদ্ধ দৰ্শন

[সম্পাদনা কৰক]

বৌদ্ধ দৰ্শনৰ উৎপত্তি গৌতম বুদ্ধৰ মতবাদৰপৰা হৈছে। পাতনিৰেপৰাই বৌদ্ধ ধৰ্মত দৰ্শনৰ প্ৰভাৱ লক্ষণীয়। কেইটামান ৰক্ষণশীল দাৰ্শনিক মতবাদৰ বিৰোধিতা কৰি বৌদ্ধ দৰ্শনৰ সৃষ্টি হৈছিল। বুদ্ধই অস্তিত্বৰ (being) ধাৰণাক অনৈদ্দেশ্যিক বুলি কৈছিল, কাৰণ এই ধাৰণাত অস্তিত্বক এক প্ৰামাণ্য ধৰাণা বুলি গণ্য কৰা হৈছিল। এই মূল সিদ্ধান্তৰ ওপৰতে বৌদ্ধ দৰ্শন প্ৰতিষ্ঠিত হৈছে।

ভাৰতীয় দৰ্শনৰ 'কৰ্ম'ৰ ধাৰণা ('কাৰ্য্য আৰু ফলাফল' (cause and effect): প্ৰতিটো হৈ যোৱা কাম আৰু কৰিবলগীয়া কামৰ মাজত সম্বন্ধ থাকে) বৌদ্ধ দৰ্শনতো বিদ্যমান। প্ৰতিটো ঘটনাই আগতে সংঘটিত কৰা অন্য কাৰ্যৰ ফলাফল। কিন্তু বৌদ্ধ মতবাদত 'অজৰ-অমৰ, স্থায়ী' আত্মাৰ কথা স্বীকাৰ কৰা নহয়। [উদ্ধৃতিৰ প্ৰয়োজন]

বুদ্ধৰ দৰ্শনৰ প্ৰধান অংশ হৈছে দুখৰ কাৰণ আৰু সেইবোৰ আতৰোৱাৰ উপায়। বাসনা সকলো দুখৰ মূল। বুদ্ধৰ মতে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তিয়েই হৈছে প্ৰধান লক্ষ্য। এইটোকে নিৰ্বাণ বোলা হয়। নিৰ্বাণ শব্দৰ আক্ষৰিক অৰ্থ হৈছে বিলুপ্তি, বিলয়, অৱসান। এই সম্বন্ধে বুদ্ধদেৱৰ চাৰিটা উপদেশ যিটো আৰ্যসত্য (পালিঃ চত্বাৰি আৰ্য সত্যানি) নামে পৰিচিত। তেখেতে অষ্টবিধ উপায়ৰ মাধ্যমৰে মধ্যপন্থা অৱলম্বনৰ ওপৰতবিশেষ গুৰুত্ব দিছিল।

বৌদ্ধধৰ্মৰ মূলনীতি

[সম্পাদনা কৰক]

চতুৰাৰ্য সত্য

[সম্পাদনা কৰক]
  • যথা দুখ: দুখ‌ আছে
  • দুখ সমুদয়: দুখৰ কাৰণ আছে
  • দুখ নিৰোধ: দুখ ৰোধ কৰিব পাৰি
  • দুখ নিৰোধ মাৰ্গ: দুখ ৰোধ কৰাৰ উপায় আছে

সম্যক ধাৰণা

[সম্পাদনা কৰক]

অষ্টাঙ্গিক মাৰ্গ

[সম্পাদনা কৰক]
  1. সম্যক দৰ্শন
  2. সম্যক সংকল্প
  3. সম্যক বাক
  4. সম্যক আচৰণ
  5. সম্যক জীৱনধাৰণ
  6. সম্যক প্ৰয়াস
  7. সম্যক স্মৃতি
  8. সম্যক সমাধি

ত্ৰিশৰণ মন্ত্ৰ

[সম্পাদনা কৰক]

আৰ্যসত্য আৰু অষ্টবিধ উপায় অৱলম্বনৰ আগেয়ে ত্ৰিশৰণ মন্ত্ৰ গ্ৰহণ কৰিব লাগে। এই মন্ত্ৰৰ তাৎপৰ্য:

  1. বুদ্ধং শৰণং গচ্ছামি – ম‍ই বুদ্ধৰ চৰণত বিলীন। বোধি লাভ জীৱনৰ মুখ্য উদ্দেশ্য। বুদ্ধত্ব মানে পূৰ্ণ সত্য, পবিত্ৰতা, চৰম আধ্যাত্মিক জ্ঞান।
  2. ধম্মং শৰণং গচ্ছামি – ম‍ই ধৰ্মৰ শৰণত বিলীন। যি সাধনা অভ্যাস দ্বাৰা সত্য লাভ হয়, আধ্যাত্মিকতাৰ পূৰ্ণ বিকাশ হয় সেয়াই ধৰ্ম।
  3. সঙ্ঘং শৰণং গচ্ছামি – ম‍ই সঙ্ঘৰ চৰণত বিলীন। য’ত পূৰ্ণ জ্ঞান লাভৰ বাবে ধৰ্মৰ সাধনা সম্যক ভাৱে কৰা যায় সেয়ে সঙ্ঘ।


ধৰ্মগ্ৰন্থ

[সম্পাদনা কৰক]

ত্ৰিপিটক বৌদ্ধধৰ্মৰ অনুসৰণসাৰী সকলৰ মূল ধৰ্ম গ্ৰন্থ। বুদ্ধৰ দৰ্শন আৰু উপদেশ সমূহ ইয়াত লিপিবদ্ধ হৈছে। পালি ভাষাৰ তি-পিটকৰ পৰা অসমীয়া তথা অন্য কিছু ভাষাত ত্ৰিপিটক শব্দৰ প্ৰচলন হৈছে। তিনি পিটকৰ সমন্বিত সমাহাৰকে ত্ৰিপিটক বুজায়। এই তিনিটা পিটক হ’ল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। পিটক শব্দটো পালি ভাষাত পাত্ৰ, বাকচ ইত্যাদি, অৰ্থ য’ত বস্তু সংৰক্ষণ কৰা হয়।[2] খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত সম্ৰাট অশোকৰ ৰাজত্বকালত ত্ৰিপিটক পূৰ্ণাঙ্গ গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰে। এই গ্ৰন্থৰ গ্ৰ্ন্থায়নৰ কাম আৰম্ভ হৈছিল গৌতম বুদ্ধৰ মৃত্যুৰ তিনি মাহ পিছত অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫৪৩ ত আৰু সমাপ্তি ঘটিছিল খ্ৰীষ্টপূৰ্ব প্ৰায় ২৩৬ত। প্ৰায় তিনিশ বছৰত তিনিটা সঙ্ঘায়নৰ মাজেদি ইয়াৰ গ্ৰন্থায়নৰ কাম সমাপ্ত হয়।[3]

সম্পৰ্কীয় আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Info on Bodhgaya". Buddhanet.net. Archived from the original on 2010-09-01. https://web.archive.org/web/20100901113827/http://www.buddhanet.net/e-learning/buddhistworld/bodgaya.htm আহৰণ কৰা হৈছে: 2010-08-25.
  2. DR. Shukomal Barua and Suman Kanti Barua - ত্ৰিপিটক পৰিচিতি, Page 1-3, Bangla Academy December 2000
  3. DR. Shukomal Barua and Suman Kanti Barua - ত্ৰিপিটক পৰিচিতি, Page 14, Chapter - Tripitok History. Bangla Academy December 2000

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]