সমললৈ যাওক

কাৰ্বন ডাই অক্সাইড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(CO2ৰ পৰা পুনঃনিৰ্দেশিত)

কাৰ্বন ডাই অক্সাইড (ৰাসায়নিক সংকেত CO2) হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা (সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ। এটা কাৰ্বন (C) পৰমাণু আৰু দুটা অক্সিজেন (O2) পৰমাণু লগ হৈ এই গেছ গঠন হয়।

এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন। এই গেছৰ মাধ্যমেৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ এক জৈৱিক সম্পৰ্ক চলি থাকে। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড (প্ৰাণীৰ দ্বাৰা নিৰ্গত) গ্ৰহণ কৰে আৰু বৰ্জিত দ্ৰব্য হিছাপে অক্সিজেন এৰি দিয়ে (ৰাতিৰ ভাগত)। তদুপৰি কাৰ্বনযুক্ত পদাৰ্থ দহন কৰিলে এই গেছ উৎপন্ন হয়। অগ্নেয়গিৰি উদ্গীৰণ, সামুদ্ৰিক শেলাই, কিছুমান ভেঁকুৰ আৰু সহজিৱই প্ৰাণীৰ পৰাও এই গেছ নিৰ্গত হয়।

এই গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুণ্ডলৰ লগতে ভূ-পৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে। অক্সিজেনৰ সৈতে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।