সমললৈ যাওক

চাক্যাৰ কুথু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Chakyar Koothuৰ পৰা পুনঃনিৰ্দেশিত)
চাক্যাৰ কুথু পৰিৱেশন কৰি থকা অৱস্থাত গুৰু পদ্মশ্ৰী মণি মাধৱ চাক্যাৰ

চাক্যাৰ কুথু (ইংৰাজী: Chakyar Koothu) ভাৰতকেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত প্ৰদৰ্শনকাৰী কলা। ই মূলত এবিধ একক অভিনয় বা একক নাট্য যত অভিনেতাগৰাকীয়ে বিভিন্ন হিন্দু ধৰ্মগ্ৰন্থ (যেনে— ৰামায়ণ আৰু মহাভাৰত) আৰু পুৰাণৰ আখ্যানসমূহ বৰ্ণনা কৰে।[1] কেতিয়াবা এই কলাক বৰ্তমান যুগৰ 'ষ্টেণ্ড-আপ কমেডী'ৰ এক পৰম্পৰাগত ৰূপ বুলিও গণ্য কৰা হয়। কিয়নো ইয়াত সমসাময়িক সামাজিক-ৰাজনৈতিক পৰিস্থিতিক লৈ ধেমেলীয়া ব্যংগ কৰা হয় আৰু দৰ্শককো হাঁহি-ধেমালিৰ মাজলৈ টানি অনা হয়।[2]

পৰিৱেশন শৈলী

[সম্পাদনা কৰক]

"কুথু" শব্দৰ অৰ্থ হৈছে নৃত্য। পিছে এই বাদ্য-নৃত্যত অংগ সঞ্চালন বা কোৰিঅ'গ্ৰাফী অতি কম থাকে। ইয়াৰ পৰিৱৰ্তে মুখৰ অভিব্যক্তি বা ভাব-ভংগীৰ ওপৰতহে আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়। এই কলা 'কুথাম্বালম' নামৰ এক বিশেষ নাট্যশালাত পৰিৱেশন কৰা হয়। এই নাট্যশালাসমূহ কেৰালাৰ হিন্দু মন্দিৰৰ ভিতৰত বিশেষভাৱে কুডিয়াট্টম আৰু চাক্যাৰ কুথু প্ৰদৰ্শনৰ বাবে সজা হয়। সাধাৰণতে মন্দিৰৰ উৎসৱ-পাৰ্বণৰ সময়ত চাক্যাৰ সম্প্ৰদায়ৰ লোকসকলে আম্বালাবাসী নাম্বিয়াৰসকলৰ সংগতত এই অনুষ্ঠান পৰিৱেশন কৰে।

ই এজন কথক বা ব্যাখ্যাকাৰৰদ্বাৰা পৰিৱেশিত এক একক অনুষ্ঠান। অভিনেতাগৰাকীয়ে মূৰত এটা বিশেষ টুপী বা শিৰস্ত্ৰাণ পিন্ধে আৰু মুখত ক'লা গোঁফ আঁকি লয়। তেওঁৰ সমগ্ৰ দেহত চন্দনৰ প্ৰলেপ আৰু ৰঙা ফুট দিয়া থাকে। মূৰৰ টুপীটো দেখিবলৈ এটা সাপৰ ফেটৰ দৰে হয়। ইয়াৰদ্বাৰা হাজাৰটা মূৰ থকা সৰ্পৰাজ অনন্তৰ আখ্যান বৰ্ণনাক প্ৰতীকি ৰূপত বুজোৱা হয়।

চাক্যাৰ শিল্পীগৰাকীয়ে সংস্কৃত সাহিত্যৰ "চম্পু প্ৰবন্ধ" শৈলীৰ আধাৰত কাহিনী কয়। এই শৈলীত গদ্য আৰু পদ্যৰ (শ্লোক) এক সুন্দৰ সংমিশ্ৰণ থাকে। তেওঁ প্ৰথমে মন্দিৰৰ আৰাধ্য দেৱতাৰ চৰণত প্ৰাৰ্থনা জনায়। তাৰ পিছত তেওঁ সংস্কৃতৰ শ্লোক এটা আবৃত্তি কৰে আৰু তাক মালয়ালম ভাষাত বুজাই দিয়ে। এই ব্যাখ্যাৰ মাজতে তেওঁ অতি চতুৰতাৰে ধেমেলীয়া ব্যংগ ব্যৱহাৰ কৰি চলিত সমাজ-ব্যৱস্থা আৰু স্থানীয় পৰিস্থিতিৰ সৈতে তুলনা কৰে।

পৰম্পৰাগতভাৱে এই কলা কেৱল চাক্যাৰ সম্প্ৰদায়ৰ মাজতে সীমাবদ্ধ। অনুষ্ঠানটোত সহযোগী বাদ্য হিচাপে 'মিঝাভু' নামৰ এটা ডাঙৰ ঢোল আৰু এযোৰ ইলাতালম ব্যৱহাৰ কৰা হয়। এই কলা একে ধৰণৰ আন এবিধ শিল্প 'নাংগিয়াৰ কুথু'ৰপৰা কিছু সুকীয়া। নাংগিয়াৰ কুথু কেৱল নাম্বিয়াৰ জাতিৰ মহিলাসকলেহে (যাক নাংগিয়াৰাম্মা বোলা হয়) পৰিৱেশন কৰে আৰু ই এক অত্যন্ত উচ্চ খাপৰ পৰিশোধিত নাট্য কলা।

মণি মাধৱ চাক্যাৰ

[সম্পাদনা কৰক]

চাক্যাৰ কুথু মূলত কেৱল হিন্দু মন্দিৰৰ কুথাম্বালমসমূহৰ ভিতৰতহে প্ৰদৰ্শন কৰা হৈছিল। পিছে নাট্যাচাৰ্য (নাট্যশৈলীৰ এজন মহান শিক্ষক আৰু সাধক) পদ্মশ্ৰী মণি মাধৱ চাক্যাৰে এই কলাক মন্দিৰৰ চাৰিবেৰৰপৰা বাহিৰলৈ উলিয়াই আনি সাধাৰণ জনতাৰ মাজলৈ লৈ গৈছিল। তেওঁ আছিল অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনত চাক্যাৰ কুথু পৰিৱেশন কৰা প্ৰথমগৰাকী শিল্পী। বহুতে তেওঁক আধুনিক যুগৰ আটাইতকৈ মহান চাক্যাৰ কুথু আৰু কুডিয়াট্টম শিল্পী বুলি গণ্য কৰে।

লোকমুখত প্ৰচলিত এটা কাহিনী অনুসৰি তেওঁৰ গুৰু ৰাম বৰ্মা পৰীক্ষিত থাম্পুৰানে 'প্ৰহ্লাদচৰিত' নামৰ এখন সংস্কৃত চম্পু প্ৰবন্ধ লিখিছিল। তেওঁ কেইবাজনো জ্যেষ্ঠ শিল্পীক এইখন অধ্যয়ন কৰি মঞ্চস্থ কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু জ্যেষ্ঠ শিল্পীসকলে ই অতি কঠিন বুলি এৰি দিছিল। তাৰ পিছত যুৱ মণি মাধৱ চাক্যাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে। তেওঁ মাত্ৰ এটা ৰাতিৰ ভিতৰতে এই প্ৰবন্ধৰ এটা অংশ মুখস্থ কৰিলে আৰু পাছদিনা কচিন ৰাজ্যৰ ৰাজধানী ত্ৰিপুনিথুৰাত সফলতাৰে পৰিৱেশন কৰিলে। এই ঘটনাই তেওঁৰ সংস্কৃত ভাষা আৰু ধ্ৰুপদী কলাৰ ওপৰত থকা গভীৰ পাণ্ডিত্য প্ৰমাণ কৰিলে। ইয়াৰ কেইমাহমানৰ পিছত তেওঁ একেখন মঞ্চতে সমগ্ৰ 'প্ৰহ্লাদচৰিত' প্ৰবন্ধটো অভিনয় কৰি দেখুৱাইছিল।

বিংশ শতিকাৰ এই শিল্প ধাৰাৰ আন দুজন অত্যন্ত গুৰুত্বপূৰ্ণ শিল্পী আছিল প্ৰয়াত আম্মান নুৰ মাধৱ চাক্যাৰ আৰু পাইনকুলাম ৰামন চাক্যাৰ।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]