সমললৈ যাওক

ৰসায়ন বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Chemical resourcesৰ পৰা পুনঃনিৰ্দেশিত)

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি। ৰবাৰ্ট বয়ল নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভুত অৰিহণা যোগায় যদিও এণ্টন লেভয়ছিয়াৰকহে আধুনিক ৰসায়নৰ পিতা বুলি অভিহিত কৰা হয়।

ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।