দনুৱাৰ জাতি
| দনুৱাৰ শিশু |
| মুঠ জনসংখ্যা |
|---|
| ভাষাসমূহ |
| ধৰ্ম |
|
হিন্দু ধৰ্ম ৮৩.৬%, প্ৰকৃতি ১৫%, খ্ৰীষ্টান ১.১৫%[2] |
দনুৱাৰ জাতি (ইংৰাজী: Danuwar people) বা দনুৱাৰ জনগোষ্ঠী হʼল নেপালৰ অভ্যন্তৰীণ তেৰাই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী।[3] তেওঁলোকে দনুৱাৰ ভাষাত কথা পাতে। মধ্য আৰু পূব নেপালৰ সমগ্ৰ পাহাৰ আৰু তেৰাই অঞ্চলত দনুৱাৰসকলক দেখা যায় যদিও তেওঁলোকে মূলতঃ সিন্ধুলী আৰু উদয়পুৰ জিলাত বাস কৰে।[4] তেৰাইৰ থাৰুসকলৰ লগত তেওঁলোকৰ শাৰীৰিক আৰু সাংস্কৃতিক সাদৃশ্য দেখা যায়।[5] তেওঁলোকৰ বিভিন্ন উপ-গোষ্ঠী আছে, যাৰ ভিতৰত ৰাজহন, কাছাড়ে, ৰায়-দনুৱাৰ আৰু থাৰু দনুৱাৰ আদি উল্লেখযোগ্য।[6][7][8]
ব্যুৎপত্তি
[সম্পাদনা কৰক]দনুৱাৰ শব্দটো ‘দুনা’ শব্দৰপৰা উদ্ভৱ হোৱা বুলি ভবা হয়। ইয়াৰ অৰ্থ হৈছে পাতৰ কাঁহী আৰু ইয়াত খাদ্য গ্ৰহণ কৰা লোকসকলক পাছলৈ দনুৱাৰ বুলি কোৱা হৈছিল। আন এক তত্ত্বৰ মতে ই সংস্কৃত শব্দ 'দ্ৰোণিবাৰ'ৰপৰা উদ্ভৱ হৈছে। ই দুটা পাহাৰৰ কোলাত অৱস্থিত দুখন নদীৰ সংগমস্থলীৰ মাজৰ সমতল ভূমিক বুজায়।[9]
ভাষা
[সম্পাদনা কৰক]দনুৱাৰ জনগোষ্ঠীৰ লোকসকলে বোটে-দৰাই আৰু থাৰু ভাষাৰ নিকট সম্বন্ধীয় দনুৱাৰ ভাষাত (দনৱাৰী বুলিও জনা যায়) কথা পাতে। ২০১১ চনৰ লোকপিয়ল অনুসৰি দনুৱাৰ ভাষাক নিজৰ মাতৃভাষা বুলি গণ্য কৰা মুঠ ৪৬ হাজাৰ লোক আছিল।[10]
ধৰ্ম
[সম্পাদনা কৰক]দনুৱাৰ জনগোষ্ঠীৰ লোকসকলে নিজকে প্ৰকৃতি পূজাৰী বুলি গণ্য কৰে।[11] অৱশ্যে বহুতে হিন্দু ধৰ্ম অনুসৰণ কৰে আৰু কিছুমানে আনকি ব্ৰাহ্মণৰ দৰে ‘লগুণো’ (পৱিত্ৰ সূতা) পিন্ধে।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ National Statistics Office (2021). "National Population and Housing Census 2021, Caste/Ethnicity Report". Government of Nepal. https://censusnepal.cbs.gov.np/results/downloads/caste-ethnicity.
- ↑ Central Bureau of Statistics (2014). Population monograph of Nepal (Report). II. Government of Nepal. https://nepal.unfpa.org/sites/default/files/pub-pdf/Population%20Monograph%20V02.pdf.
- ↑ "Population Monograph of Nepal Volume II (Social Demography)". https://nepal.unfpa.org/sites/default/files/pub-pdf/Population%20Monograph%20V02.pdf.
- ↑ admin (2020-12-18). "Danuwar : Indigenous Inhabitants In Nepal with Mongolian Origin" (en ভাষাত). https://notesnepal.com/archives/7889। আহৰণ কৰা হৈছে: 2023-12-17.
- ↑ 5.0 5.1 Oviedo de Valeria, Jenny (1994-08-02). "Danuwar people". Educación matemática খণ্ড 6 (2): 73–86. doi:10.24844/em0602.06. ISSN 2448-8089. http://dx.doi.org/10.24844/em0602.06.
- ↑ "The Danuwar Rai of Nepal". https://www.ijfm.org/PDFs_IJFM/13_2_PDFs/03_The_Danuwar_Rai.pdf.
- ↑ "The manjani system of the danuwar state of the kamala valley". Archived from the original on 2025-04-20. https://web.archive.org/web/20250420004659/https://himalaya.socanth.cam.ac.uk/collections/journals/contributions/pdf/CNAS_22_01_04.pdf। আহৰণ কৰা হৈছে: 2025-11-07.
- ↑ "A Sociolinguistic Study of Dewas Rai and Danuwar". https://www.sil.org/system/files/reapdata/16/15/29/161529157164195568457019826400695979682/silesr2019_009.pdf.
- ↑ "Danuwar" (Nepali ভাষাত). english.indigenousvoice.com. https://english.indigenousvoice.com/danuwar। আহৰণ কৰা হৈছে: 2023-12-17.
- ↑ "Danwar language". www.omniglot.com. https://www.omniglot.com/writing/danwar.htm। আহৰণ কৰা হৈছে: 2023-12-17.
- ↑ "Janjatis-in-Nepal". https://www.vifindia.org/sites/default/files/Janjatis-in-Nepal.pdf.
| |||||||||||||||||||||||||||||||||||||||||||||||||||||