দেৱিকা
| দেৱিকা | |
|---|---|
![]() | |
| জন্ম | প্ৰমিলা দেৱী ২৫ এপ্ৰিল, ১৯৪৩ মাদ্ৰাচ, মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ চেন্নাই, তামিলনাডু) |
| মৃত্যু | ০২ মে', ২০০২ (৫৯ বছৰ) চেন্নাই, তামিলনাডু |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৪-১৯৮৬ |
| দাম্পত্যসঙ্গী | দেৱদাস (বি. ১৯৬৮; বিবি. ১৯৯০) |
| সন্তান | কনকা (b.1973) |
দেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; ইংৰাজী: Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলুগুৰ উপৰিও কেইখনমান মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত কাম কৰিছিল। তেওঁ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় মুখ্য অভিনেত্ৰী।[1]
দেৱিকা গজপতি নাইডুৰ কন্যা আৰু তেলুগু চলচ্চিত্ৰৰ দিগগজ আৰু অগ্ৰণী ৰঘুপতি ভেংকয়া নাইডুৰ নাতিনীয়েক। তেওঁৰ এজন খুৰাক চি বাসুদেৱ চেন্নাইৰ মেয়ৰ আছিল। অভিনেত্ৰী কনকা তেওঁৰ একমাত্ৰ কন্যা।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]তামিল চলচ্চিত্ৰৰ তেওঁৰ সময়ৰ সকলো প্ৰধান নায়কৰ সৈতে দেৱিকাই অভিনয় কৰিছে। এ.ভি.এম.ৰ ছবি মুধলালিত তেওঁ আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ এছ এছ ৰাজেন্দ্ৰনৰ সৈতে যুটী বান্ধিছিল। ছবিখনে বছৰটোৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে তামিল ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[2]
আনন্দ যোধীত তেওঁ এম জি ৰামচন্দ্ৰনৰ সৈতে যুটী বান্ধিছিল। তেওঁৰ অভিনয় প্ৰশংসিত হৈছিল আৰু ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।
শিৱাজী গণেশনৰ সৈতে তেওঁ কৰ্ণন, কুলমাগল ৰাধাই, আন্দাবন কট্টলাই, অনবু কাৰংগল, আন্নাই ইল্লাম, পাভা মনিপ্পু, মুৰাদন মুথু, নীলা ভানম আৰু বালে পাণ্ডিয়া ছবিত অভিনয় কৰিছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Blend of grace and charm". Archived from the original on June 21, 2002. https://web.archive.org/web/20020621133928/http://www.thehindu.com/thehindu/fr/2002/05/10/stories/2002051000830500.htm। আহৰণ কৰা হৈছে: March 1, 2025.
- ↑ 2.0 2.1 "Going in search of a yesteryear star actress and what I learnt". The New Indian Express. 24 April 2023. https://www.newindianexpress.com/web-only/2023/apr/24/going-in-search-of-a-yesteryear-star-actress-and-what-i-learnt-2568663.html। আহৰণ কৰা হৈছে: 2023-05-13.
- ↑ "Suguna Sundari Katha" (en ভাষাত). TVGuide.com. https://www.tvguide.com/movies/suguna-sundari-katha/cast/2000129873/। আহৰণ কৰা হৈছে: 2024-01-26.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দেৱিকা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
