সমললৈ যাওক

ব্যাস (জ্যামিতি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Diametreৰ পৰা পুনঃনিৰ্দেশিত)
ব্যাস

চিত্ৰত জ্যা, ব্যাস, ব্যাসাৰ্ধ, স্পৰ্শক আৰু ছেদক

জ্যামিতিত বৃত্তৰ ব্যাস (ইংৰাজী: Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো গ্ৰীক ভাষাδιάμετρος (diametros) শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত δια- (dia-) ৰ অৰ্থ হ'ল "across, through" আৰু μέτρον (metron)ৰ অৰ্থ হ'ল "a measure। "[1]

অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা বৃত্তৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ। ই বৃত্তৰ পৰিধিৰ কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ হ'ব পৰা দূৰত্বৰ সৰ্বোচ্ছ মান।[2] গোলক এটাৰ পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ সৰ্বোচ্ছ দুৰত্বকো ব্যাস বুলি কোৱা হয়। বৃত্তৰ ব্যাস d আৰু পৰিধি C হ'লে C=πd.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Online Etymology Dictionary
  2. "Diameter". mathworld.wolfram.com. http://mathworld.wolfram.com/Diameter.html আহৰণ কৰা হৈছে: November 03, 2012.