দিহিং নদী
| দিহিং নদী | |
| বুঢ়ী দিহিং নদী | |
অৰুণাচল প্ৰদেশৰ নামচাইত দিহিং নদী | |
| প্ৰদেশসমূহ | অসম, অৰুণাচল প্ৰদেশ |
|---|---|
| উৎস | পাটকাই পৰ্বত |
| - উচ্চতা | ২,৩৭৫ মি (৭,৭৯২ ফুট) |
| মোহনা | ব্ৰহ্মপুত্ৰ নদ |
| দৈৰ্ঘ্য | ৩৮০ কিমি (২৩৬ মাইল) |
দিহিং বা বুঢ়ী দিহিং ব্ৰহ্মপুত্ৰ নদৰ এখনি উপনৈ। ই প্ৰায় ৩৮০ কিঃমিঃ দীঘল।[1] ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ উজনি অসম আৰু পূব অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ ই ব্ৰহ্মপুত্ৰত পৰিছে। দিহিং নদী পূব হিমালয়ৰ পাটকাই পৰ্বতশ্ৰেণীৰ ২৩৭৫ মিটাৰ উচ্চতাত উৎপত্তি হৈছে।[1] তাৰপিছত অৰুণাচল প্ৰদেশৰ নামচাইৰ মাজেৰে কিছুদূৰ বৈ আহি তিনিচুকীয়া জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই ডিব্ৰুগড় জিলাত সোমাই দিহিংমুখত ব্ৰহ্মপুত্ৰ নদত পৰিছে। দিহিং অৱবাহিকা প্ৰায় ৬,০০০ বৰ্গ কিঃমিঃ।[1] দিহিং নদীয়ে সঘনে গতিপথ সলনি কৰি কেইবাটাও অশ্বখুৰা হ্ৰদ সৃষ্টি কৰিছে।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]বড়ো-কছাৰী মূলীয় দেউৰী-চুতীয়া, মৰাণ আৰু ডিমাছা ভাষাৰ "দি" বা "ডি" মানে হৈছে পানী বা নদী আৰু "হিং" বা "হং" মানে হৈছে বহল। আক্ষৰিক অৰ্থত দিহিঙৰ অৰ্থ হৈছে "বহল নদী।" প্ৰায় ৩৮০ কিঃমিঃ দীঘল এইখন ব্ৰহ্মপুত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ উপনৈ। ইয়াক বুঢ়ী দিহিং হিচাপেও জনা যায়।
ইতিহাস
[সম্পাদনা কৰক]ঐতিহাসিক আৰু ভৌগোলিক সমলৰ পৰা গম পোৱা গৈছে যে এসময়ত দিহিং নদী গোটেই উজনি অসমত প্ৰসাৰিত হৈ আছিল। সেইসময়ত ইয়াৰ মোহনা গোলাঘাট জিলাৰ বোকাখাটৰ মহুৰামুখত বা লাখৌ অঞ্চলত আছিল। সেই সময়ত দিচাং, দিখৌ, দিচৈ(বৰ্তমান মৰিদিচৈ), ধনশিৰী আদি দিহিং নদীৰ উপনদী আছিল।[2][3] ভৌগোলিক অধ্যয়ন আৰু বুৰঞ্জী সমূহত উল্লিখিত মতে ২৫০ বছৰ আগতে দিহিং নৈ বৰ্তমানৰ শিৱসাগৰৰ জিলাৰ মাজেদি বৈ গৈছিল। ১৭ শতিকাত দিহিং নদী শুকাই যায় আৰু বৰ্তমান দিহিংমুখেৰে ব্ৰহ্মপুত্ৰত পৰে।[4][5]
সেইসময়ত দিখৌ স্বতন্ত্ৰ ভাবে বৈ কলং নদীৰ লগত মিলি নগাঁও জিলাৰ কাজলীমুখত পৰিছিল।[6][7]
অৰ্থনীতি
[সম্পাদনা কৰক]দিহিং নদী উপত্যকা অৰ্থনৈতিক ভাৱে অতি গুৰুত্বপূৰ্ণ। ইয়াত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং-পাটকাই অভয়াৰণ্য অৱস্থিত। কৃষিক্ষেত্ৰৰ বাবে বিশাল সাৰুৱা ধাননি পথাৰ, বাঁহ আৰু তামোলৰ বাৰী আৰু চাহ বাগিচাৰ বাবে দিহিং উপত্যকা বিখ্যাত। খনিজ সম্পদৰ ভিতৰত এই অঞ্চলত কেইবাটাও খাৰুৱা তেলৰ ক্ষেত্ৰ আৰু কয়লাক্ষেত্ৰ আছে। ইয়াৰ পাৰত কেইবাটাও উল্লেখযোগ্য চহৰ যেনে নামচাই, লিডু, মাৰ্ঘেৰিটা, ডিগবৈ, দুলিয়াজান আৰু নাহৰকটীয়া অৱস্থিত।
উল্লেখযোগ্য উপনৈসমূহ
[সম্পাদনা কৰক]টিৰাপ নৈ
[সম্পাদনা কৰক]বুঢ়ী দিহিঙৰ ডাঙৰ উপনৈ খনে হ’ল টিৰাপ নৈ। অৰুণাচলৰ টিৰাপ জিলাৰ ২৭৮০ মিটাৰ উচ্চতাৰ ৰোহো নামৰ ঠাই পৰা ওলাই ৯৬ কি:মি: উত্তৰ-পূবমুৱা হৈ বৈ আহি চাংলাং জিলাত সোমায়। তাৰ পাচত টিৰাপৰ উত্তৰ আৰু দক্ষিণ সংৰক্ষিত বনাঞ্চৰ মাজেদি ১২ কি:মি: আহি তিনিচুকীয়া জিলাত সোমায়। ইয়াত টিপং নৈৰ সৈতে লগ লাগি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ লেখাপানীৰ পৰা উত্তৰ পশ্চিমমুৱা হৈ ছিপি জানৰ লগ হৈ ৫ কি:মি: বৈ আহি লিডুৰ উত্তৰত টিৰাপ নৈ বুঢ়ী দিহিঙত পৰে। টিৰাপ নৈৰ দীঘ ১৪৫ কি:মি: আৰু অৱবাহিকাৰ কালি ১০৬৪ কি:মি:।
নামদাং নৈ
[সম্পাদনা কৰক]অসম অৰুণাচল সীমান্তৰ হাচংপানী, টিককপানী আৰু জাগুনপানী নামৰ তিনিখন জান মিলি এই নৈৰ নাম নামদাং হৈছে। নৈখন অসমত সোমাই উত্তৰ-পশ্চিমলৈ ৫ কি:মি: আহি মাৰ্ঘেৰিটাৰ পূবত প্ৰধান পথ পাৰ হৈ বুঢ়ী দিহিঙত পৰিছে।
ডিৰাক নৈ
[সম্পাদনা কৰক]অৰুণাচলৰ ভিতৰৰ পৰা ওলাই আহি টিৰাপ জিলাৰ মাজেদি বৈ নামটক চাহ বাগিছাৰ ওচৰেদি তিনিচুকীয়া জিলাত সোমাই ডিৰাক সংৰক্ষিত বনাঞ্চলৰ মাজেদি ৪ কি:মি: ভটিয়াই ডিৰাকমুখত বুঢ়ী দিহিঙত পৰিছে। এই নদী খনৰ দীঘ ৩২ কি:মি:।
নামচাং নৈ
[সম্পাদনা কৰক]এই নৈখন টিৰাপ জিলাৰ সৰুখুনচা নামৰ ঠাই পৰা ওলাই উত্তৰ-পশ্চিম দিশত ২৪ কি:মি: বৈ আহি বাৰিকপানী আৰু বমাট জু নামৰ দুখন জানৰ লগ হৈ ডিব্ৰুগড় জিলাৰ শুকানজুৰি নামৰ ঠাইত ওলাই। তাৰ পাচত দেওমালীৰ কাষেদি বৈ নামচাং নৈখন বুঢ়ী দিহিঙত পৰিছে। এই নৈ খনৰ মুঠ দীঘ ৫১ কি:মি: আৰু অৱ্ৱাহিকাৰ কালি ৩৯৯ বৰ্গ কি:মি:।
ডিগবৈ নৈ
[সম্পাদনা কৰক]এই নৈখন তিনিচুকীয়া জিলাৰ বগাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাৰজান নামেৰে ওলায়। তাৰ পাচত দিহিং বনাঞ্চলৰ মাজেদি আহি দক্ষিণ বালিজান আৰু বৰজান নামৰ দুটা জানৰ সৈতে লগ হৈ ডিগবৈ তেল নলাই দি আহি ডিগবৈ নৈ নাম লয়। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ গৈ ভাদৈ পাঁচ আলি হৈ দুটা মান জানৰ লগ হৈ উষাপুৰেদি এটা অৰ্ধবৃত্তাকাৰ হৈ ডিগবৈ মুখত বুঢ়ী দিহিঙত পৰিছে। এই নৈ দীঘ ৪৮ কি:মি: আৰু অৱবাহিকাৰ কালি ১৬০ বৰ্গ কি:ম:।
টিপলিং নৈ
[সম্পাদনা কৰক]তিনিচুকীয়া জিলাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই দক্ষিণ-পশ্চিমমুৱা হৈ নগা জান আৰু ঢেকীয়াজানৰ সৈতে লগ হয়। তাৰ পৰা বৈ আহি দুলীয়াজানৰ ওচৰৰ টিপলিং ঘাটত বুঢ়ী দিহিঙত পৰে। টিপলিং নৈখনৰ দীঘ ২৮ কি:মি:।
টিংৰাই নৈ
[সম্পাদনা কৰক]এই নৈখন বগা পানী ৰেল ষ্টেচনৰ কাষৰ পৰা ওলাই পশ্চিমমুৱা হৈ দিহিং বনাঞ্চলৰ মাজেদি বৈ আহি তিনিচুকীয়া-দুলিয়াজান পথৰ কাষত পাখৰী জানৰ সৈতে লগ লাগি ইটাখুলি চাহ বাগিছাৰ কাষেদি এটা ভাঁজ লৈ বালিজান চাহ বাগিছাৰ উত্তৰত হুগ্ৰীজান নামৰ জান এটাৰ সৈতে লগ লাগি টিংৰাই চাৰি আলিৰ পৰা ৪ কি:মি: দক্ষিণ-পশ্চিম হৈ বুঢ়ী দিহিঙত পৰে। টিংৰাই নৈখৰ দীঘ ৭৬ কি:মি: আৰু অৱবাহিকাৰ কালি ৩৪২ বৰ্গ কি:মি:।
দিচাম নৈ
[সম্পাদনা কৰক]এই নৈখন ডিব্ৰুগড় জিলাৰ জয়পুৰৰ শিলিখা পাহাৰৰ ৪৭৪ মিটাৰ উচ্চতা (নামৰূপৰ পৰ্বতপুৰৰ পৰা ৪ কি:মি: দক্ষিণ-পূবত) পৰা ওলায়। তাৰ পাচত কচুজান হৈ লবংখোলা জান আৰু নাহৰপুং জানৰ সৈতে লগ লাগি আকৌ পানীবুৰা জানৰ লগ হৈ ৬ কি:মি: আহি দিচাম নৈ বুঢ়ী দিহিঙত পৰে। দিচাম নৈ খনৰ দীঘ ৩৮ কি:মি:।
চেঁচা নৈ
[সম্পাদনা কৰক]এই নৈখন ডিব্ৰুগড় জিলাৰ পানীতোলা ৰেল ষ্টেচনৰ ওচৰৰ পৰা ওলাই দক্ষিণ-পশ্চিমমুৱা হৈ বালিজান আৰু ডিকম জানৰ সৈতে লগ হৈ ১৫ কি:মি: বৈ আহি মহমাৰি চাহ বাগিছাৰ ওচৰত ঘুগুৰা জানৰ লগ হয়। তাৰ পাচত ঘোঁৰামৰাৰ পৰা চেঁচা নৈখন দক্ষিণ-পশ্চমমুৱাহৈ ৪ কি:মি: আহি চেঙেলী জানৰ লগ হৈ ৬ কি:মি: ভটিয়াই কোটোহাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ১০ কি:মি: আহি বৰদৈবামৰ ওচৰত বাঘজানৰ সৈতে লগ হয়। তাৰ পৰা ৮ কি:মি: বৈ গৈ নৈ খনে চেঁচামুখত বুঢ়ী দিহিঙত পৰে। চেঁচা নৈ খনৰ দীঘ ১০৯ কি:মি: আৰু অৱবাহিকাৰ কালি ৫০২ বৰ্গ কি:মি:।
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- 1 2 3 Sarma, Jogendra N.; Basumallik, Sudhir (1986). "Channel Form and Process of the Burhi Dihing River, India". Geografiska Annaler. Series A: Physical Geography খণ্ড 68 (4): 373– 81. doi:10.2307/521528.
- ↑ Wilcox, R. (1832). "Memoir of a Survey of Asam and the Neighbouring Countries, Executed in 1825-6-7-8". Asiatic Researches খণ্ড 17: 320. https://brahmaputra.vjf.cnrs.fr/bdd/IMG/pdf/WilcoxSurveyAsam.pdf। আহৰণ কৰা হৈছে: 2026-02-18. "...the Dihing did not disembogue itself where it does now into the Brahmaputra, but turning to the south-east received the Disang, and Dikko, the Jazi, and Disai river, and was discharged into the great river near Mahura.".[সংযোগবিহীন উৎস]
- ↑ Gait, Edward,"History of Assam(1926)", p.133, "Lakhau lies at what was then the confluence of the Dihing and the Brahmaputra. At the period in question, the latter river flowed down the course of what is now called the Lohit river, along the north of the Majuli island, while the Dihing followed the present channel of the Brahmaputra to the south of it, and, after receiving the waters of the Disang and the Dikhu, united with the Brahmaputra at its western extremity. At a still earlier period the Dihing is believed to have flowed into the Brahmaputra further east than the Buri Dihing does now."
- ↑ Sarma, Jogendranath, Change of river channel and bank erosion of the burhi dihing river (Assam), assessed using remote sensing data and gis,"But about 250 years ago the Dihing (present Burhi Dihing) flowed westerly through Sibsagar district to meet the Brahmaputra at the extreme western point of Majuli island, which is now nearly 200 km west of present Dihingmukh, i.e. the outfall of the Burhi Dihing"p.95
- ↑ Gait, Edward,"History of Assam(1926)", p.133,"..while the Dihing followed the present channel of the Brahmaputra to the south of it, and, after receiving the waters of the Disang and the Dikhu, united with the Brahmaputra at its western extremity. At a still earlier period the Dihing is believed to have flowed into the Brahmaputra further east than the Buri Dihing does now."
- ↑ Prakash, Col. Ved (2007). Encyclopedia of Northeast India Volume 1. Atlantic Publishers. পৃষ্ঠা. 98. ISBN 978-81-269-0703-8. https://books.google.co.in/books?id=Ic4UCdaxbHIC&printsec=frontcover#v=onepage&q=Disang%20and%20Dikhu&f=false.
- ↑ Gait, Edward,"History of Assam(1926)", p.133,"..At that time, according to native traditions, the Dikhu had an independent course as far as Kajalimukh, part of which still survives in the Majuli as the Tuni river, and part in Nowgong, as the Kallang."