সমললৈ যাওক

দো আঁখেঁ বাৰহ হাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Do Aankhen Barah Haathৰ পৰা পুনঃনিৰ্দেশিত)
দো আঁখে বাৰহ হাথ

ছবিখনৰ পোষ্টাৰ
পৰিচালক ভি শান্তাৰাম
ৰচনা জি.ডি. মাদগুলকাৰ
প্ৰযোজক ভি. শান্তাৰাম
অভিনয়ত ভি. শান্তাৰাম
সন্ধ্যা
চিত্ৰগ্ৰহণকাৰী জি.বালকৃষ্ণ
সম্পাদনা চিন্তমণি বোৰ্কাৰ
সংগীত পৰিচালক বসন্ত দেশাই
প্ৰযোজনা
কোম্পানী
মুক্তি
১৯৫৭ (1957)
দৈৰ্ঘ্য
১৪৩ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

দো আঁখেঁ বাৰহ হাথ (ইংৰাজী: Do Aankhen Barah Haath ) ১৯৫৭ চনত মুক্তি পোৱা, ভি শান্তাৰাম পৰিচালিত এখন ড্ৰামা হিন্দী চলচ্চিত্ৰ। পৰিচালক শান্তাৰামে নিজেই ছবিখনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছিল। মানৱীয় মনস্তত্ত্ব বিষয়ক কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনক এখন ধ্ৰুপদী হিন্দী ছবি বুলি গণ্য কৰা হয়। ই ৮ম আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত চিলভাৰ বিয়েৰ আৰু যুক্তৰাষ্ট্ৰৰ বাহিৰত প্ৰযোজনা কৰা শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰূপে গোল্ডেন গ্লোৱ বঁটাৰ এটা নতুন শিতান চেমুৱেল গোল্ডৱিন আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[1][2] এই ছবিখনক ভৰত ব্যাস ৰচিত আৰু লতা মংগেশকাৰে কণ্ঠদান কৰা অয়ে মালিক তেৰে বন্দে হ্যায় হম শীৰ্ষক গীতটোৰ বাবেও স্মৰণ কৰা হয়।

দো আঁখেঁ বাৰহ হাথত মৌৰিচ ফ্ৰাইডমে’ন নামৰ ব্যক্তি এগৰাকীৰ এক সঁচা সম্পৰীক্ষাৰ প্ৰভাৱ পৰিছে। অথচ ছবিৰ শেষত কিন্তু ফ্ৰাইডমে’নে তেওঁৰ নামৰ কৃতিত্ব ল’বলৈ অস্বীকাৰ কৰিছিল। ফ্ৰাইডমে’নে আনকি সকিয়নি দিছিল যে যদিহে শান্তাৰামে ক’ৰবাত হ’লেও তেওঁৰ নাম উল্লেখ কৰে, তেন্তে শান্তাৰামক আদালতৰ মজিয়া পৰ্যন্ত পোৱাবগৈ। মৌৰিচ ফ্ৰাইডমে’নৰ অসাধাৰণ জীৱন আৰু ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা ডেভিদ গডমেনৰ এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ পাইছিল।[3]

দেশীয় ৰাজ্য অওঁধৰ সাতাৰা চহৰৰ ওচৰৰ এক মুক্তাংগন কাৰাগাৰ সম্পৰীক্ষা: স্বতন্ত্ৰপুৰৰ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই ছবিখন নিৰ্মাণ কৰা হৈছিল। বৰ্তমান স্বতন্ত্ৰপুৰ মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ আটাপাড়ি তহচিলৰ এটা অংশ। স্বতন্ত্ৰপুৰৰ কাহিনীটো ভি শান্তাৰামক বৰ্ণনা কৰিছিল চিত্ৰনাট্যকাৰ গজানন দিগম্বৰ মাদগুলকাৰে।[4] ২০০৫ চনত ইণ্ডিয়া টাইমচ-এ এই ছবিখনক বলীউডৰ নিশ্চিতভাবে চাবলগীয়া শীৰ্ষৰ ২৫খন ছবিৰ তালিকাভূক্ত কৰিছিল।[5] ছবিখনৰ দৃশ্যগ্ৰহণ চলি থকা অৱস্থাত ভি শান্তাৰামে এটা ষাড়ৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল। তেওঁৰ চকু এটা আঘাতপ্ৰাপ্ত হৈছিল যদিও চকুৰ দৃষ্টিশক্তি ৰক্ষা পৰিছিল।[6] দো আঁখেঁৰ ১৯৭৫ চনত পাল্লান্দু ভাঝগা নামেৰে এটা তামিল ৰিমেক আৰু ১৯৭৬ চনত মা দৈৱম নামেৰে এটা তেলেগু ৰিকেম কৰা হৈছিল।[7] মূল প্লটটোৰ ১৯৫২ চনৰ ইংৰাজী চলচ্চিত্ৰ মাই চিক্স কনভিক্টচৰ সৈতে সাদৃশ্য দেখা যায়।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ছবিখনত আদিনাথ নামৰ এজন আদৰ্শবাদী যুৱ জেইল ৱাৰ্ডেনৰ বিষয়ে চিত্ৰিত কৰা হৈছে, যিয়ে পেৰোলত মুক্তি পোৱা ছয়জন বিপজ্জনক কাৰাবন্দীৰ পুনৰ্বাসন কৰে।

হত্যাৰ দায়ত অভিযুক্ত, এই কুখ্যাত অপৰাধীসকলক তেওঁ এটা অনুৰ্বৰ অঞ্চললৈ লৈ যায়। তাত তেওঁলোকক কৃষিকাৰ্যত জড়িত কৰোৱা হয়। কঠোৰ পৰিশ্ৰম আৰু সহৃদয় নিৰ্দেশনাৰে তেওঁলোকৰ পুনৰ্বাসন কৰে। ফলস্বৰূপে সেইবেলি সেই বন্দীসকলে এক বৃহৎ পৰিমাণৰ শস্য উৎপাদন কৰাত সফলতা লাভ কৰে।

লাভজনক বজাৰৰ প্ৰতিযোগিতাত নিজৰ আধিপত্য বজাই ৰাখিবলৈ প্ৰচেষ্টা চলোৱা এজন দুৰ্নীতিপৰায়ণ ব্যক্তিৰ ষাড় এটাৰ আক্ৰমণত ৱাৰ্ডেনজনৰ মৃত্যুৰে ছবিৰ সমাপ্তি হয়।[8]

চলচ্চিত্ৰৰ পোষ্টাৰসমূহ আঁকিবলৈ শান্তাৰামে প্ৰখ্যাত চিত্ৰকৰ জি.কাম্বলেক দায়িত্ব দিছিল। কাম্বলেই ১৯৫৭-ত বোম্বে অপেৰা হাউচত আঁৰিবলৈ এখন ৩৫০ ফুট দীঘল বেনাৰ তৈয়াৰ কৰিছিল।[9][10]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ভি শান্তাৰাম (আদিনাথ, জেইল ৱাৰ্ডেন)
  • সন্ধ্যা (চম্পা)
  • বাবুৰাও পেন্ধকাৰ (কাৰাধীক্ষক)
  • উলহাস (শংকৰ পাচি)
  • বি. এম. ব্যাস (জালিয়া নাপিত)
  • পল শৰ্মা
  • এচ. কে. সিংহ
  • গজেন্দ্ৰ
  • জি. ইংগৱালে
  • চন্দ্ৰকৰণ
  • ত্যাগৰাজ
  • আশা দেৱী (কয়েদীৰ মাক)
  • শংকৰৰাও ভোঁসলে
  • সমৰ
  • সুনীল
  • কেশৱৰাও দাটে

ছবিৰ আটাইকেইটা গীতৰে ৰচনা ভৰত ব্যাসৰ। সংগীত ৰচনা বসন্ত দেশাইৰ।

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "অয়ে মালিক তেৰে বন্দে হম"  ভৰত ব্যাসলতা মংগেশকাৰ  
2. "হো উমড় ঘুমড় কৰ আয়ী ৰে ঘটা"  ভৰত ব্যাসলতা মংগেশকাৰ, মান্না দে  
3. "মেঁ গাউঁ তু চুপ হো যা"  ভৰত ব্যাসলতা মংগেশকাৰ  
4. "সেঁইয়া ঝুঠ কা বড়া সৰতাজ নিকলা"  ভৰত ব্যাসলতা মংগেশকাৰ  
5. "টাক টাক ধুম ধুম"  ভৰত ব্যাসলতা মংগেশকাৰ  

লগতে চাওক

[সম্পাদনা কৰক]
  • My Six Convicts (দো আঁখেৰ সৈতে ডোনাল্ড পাৱেল উইলছনৰ আত্মজীৱনীমূলক কাহিনীৰ সৈতে সাদৃশ্য দেখা যায়। )

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 "International Award For Indian Film". Canberra Times (ACT : 1926–1995): পৃষ্ঠা 11. 1959-03-14. http://nla.gov.au/nla.news-article103094302.
  2. "Foreign Press Assn. 'Globes'". Variety. March 8, 1959. পৃষ্ঠা 7. http://www.archive.org/stream/variety214-1959-03#page/n70/mode/1up.
  3. "Maurice Frydman's close encounter with Bollywood". https://www.youtube.com/watch?v=uyC3yBRsBt8&t=1812s.
  4. Ambarish Mishra (28 Sep 2006). "50 years of a Shantaram classic". The Times of India. http://timesofindia.indiatimes.com/india/50-years-of-a-Shantaram-classic/articleshow/2033356.cms আহৰণ কৰা হৈছে: 2014-09-22.
  5. 25 Must See Bollywood Films Archived 15 October 2007 at the Wayback Machine indiatimes.com.
  6. Classics Revisited – Do Aankhen Barah Haath Rediff.com.
  7. http://www.thehansindia.com/posts/index/Hans/2014-03-23/V-Shantsrsm-silver-screens-shining-focus/89926
  8. 1 2 "5th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/2011/5th_nff.pdf আহৰণ কৰা হৈছে: 2 September 2011.
  9. "Film Heritage Foundation Profile-A" (en ভাষাত). Film Heritage Foundation. May 12, 2020. https://www.facebook.com/filmheritagefoundation/posts/2766510253635894.
  10. Devraj, Rajesh; Bouman, Edo; Duncan, Paul (2010) (en ভাষাত). The Art of Bollywood. Taschen. ISBN 978-3-8228-3717-7. https://www.google.com/books/edition/The_Art_of_Bollywood/u12cQQAACAAJ আহৰণ কৰা হৈছে: 23 July 2020.
  11. Awards Internet Movie Database.
  12. "JURIES 1958". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1958/04_jury_1958/04_Jury_1958.html আহৰণ কৰা হৈছে: 7 June 2014.
  13. . https://www.indiatoday.in/magazine/books/story/20150921-its-strictly-professional-v-shantaram-820415-2015-09-09.
  14. "আৰ্কাইভ কপি". Archived from the original on 2017-03-20. https://web.archive.org/web/20170320051924/http://www.goldenglobes.com/film/two-eyes-twelve-hands আহৰণ কৰা হৈছে: 2021-07-26.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]