ডোগ্ৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dogri languageৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ডোগ্ৰী
डोगरी ڈوگرى ḍogrī
থলুৱা অঞ্চল ভাৰত, পাকিস্তান
অঞ্চল জম্মু, কাশ্মীৰ, হিমাচল প্ৰদেশ, পাঞ্জাৱ
স্থানীয় ভাষিক
২০ লাখ
ভাষা পৰিয়াল
Indo-European
  • ইণ্ডো-ইৰানীয়
    • ইণ্ডো-আৰ্য্য]]
      • উত্তৰ অঞ্চল
        • ডোগ্ৰী
লিখন প্ৰণালী দেৱনাগৰী, তাকৰী লিপি, পাৰ্চী-আৰৱী লিপি
ভাষা সংকেত
ISO 639-2 doi
ISO 639-3 Variously:
doi – ডোগ্ৰী (সাধাৰণ)
dgo – ডোগ্ৰী (বিশেষ)
xnr – কাংৰিi

ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ইণ্ডো-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ জম্মু আৰু কাশ্মীৰজম্মু অঞ্চলত আৰু উত্তৰ পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু কাশ্মীৰেৰ অন্যান্য অঞ্চলত এই ভাষাত কথা কয়। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পাঞ্জাৱী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।

লিপি[সম্পাদনা কৰক]

ডোগ্ৰী আদিতে তাকৰি লিপিত লেখা হৈছিল। তাকৰি লিপিৰ সৈতে কাশ্মিৰী ভাষা লিখতে ব্যৱহৃত কৰা শাৰদা লিপি আৰু পাঞ্জাৱী ভাষা লিখতে ব্যৱহৃত গুৰুমুখী লিপিৰ মিল আছিল। বৰ্তমানে ই দেৱনাগৰী লিপিৰে অথবা নাস্তালিক লিপিৰে (পাকিস্তানে ও পাকিস্তান নিয়ন্ত্ৰিত কাশ্মীৰত) লিখা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]