ডাফমুট্টু

ডাফমুট্টু (ইংৰাজী: Duffmuttu) বা ডাবমুট্টু দক্ষিণ ভাৰতৰ কেৰালা আৰু কৰ্ণাটক ৰাজ্যৰ মালাবাৰ অঞ্চলত প্ৰচলিত এক কলাৰূপ। ইয়াৰ নামটো কাঠ আৰু গৰুৰ ছালেৰে তৈয়াৰী এক অৱনদ্ধ বাদ্যযন্ত্ৰ ডাফ (daf) ৰপৰা আহিছে। ডাফ শব্দটোৰ উৎপত্তি আৰবী মূলৰ আৰু ইয়াক 'থাপ্পিত্তা' বুলিও কোৱা হয়।[1]
ডাফমুট্টু সামাজিক মনোৰঞ্জন হিচাপে আৰু বিভিন্ন উৎসৱ-পাৰ্বণ, 'উৰুছ' (মছজিদৰ সৈতে জড়িত উৎসৱ) আৰু বিবাহ অনুষ্ঠানৰ স্মৰণত পৰিৱেশন কৰা হয়। ডাফমুট্টু দিনটোৰ যিকোনো সময়তে পৰিৱেশন কৰিব পাৰি। এটা ডাফমুট্টু পৰিৱেশনত সাধাৰণতে ১০ জন সদস্য থাকে। তেওঁলোকে ইজনে সিজনৰ মুখা-মুখিকৈ থিয় হৈ বা বহি গীত গায়। ডাফৰ ছন্দময় প্ৰহাৰৰদ্বাৰা নিৰ্ধাৰিত গীতৰ তাল অনুসৰি তেওঁলোকে নিজৰ শৰীৰটো হেন্দোলদোল কৰে।[2]

ডাফমুট্টু গীতসমূহ ইছলাম ধৰ্মৰ বীৰ আৰু শ্বহীদসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি স্বৰূপ। মূল বাদকজনে গীত গাই দলটোক নেতৃত্ব দিয়ে আৰু বাকীসকলে সমলয় (কোৰাছ) প্ৰদান কৰে। নৃত্যশিল্পীসকলে নিজৰ আঙুলি বা তলুৱাৰে ডাফটো বজায় আৰু ছন্দময়ভাৱে আগবাঢ়ি যোৱাৰ সময়ত প্ৰায়েই বাদ্যটো নিজৰ মূৰৰ ওপৰেৰে ওপৰলৈ দলিয়াই দিয়ে। ইয়াৰ সৈতে ওচৰ সম্পৰ্ক থকা আন এটা কলাৰূপ হৈছে আৰাভানা মুট্টু বা আৰাবানা মুট্টু। ইয়াত আৰাবানা নামৰ এটা ঢোল ব্যৱহাৰ কৰা হয়, যিটো ডাফৰ সৈতে একেই।[3]
চিত্ৰভঁৰাল
[সম্পাদনা কৰক]- কনিষ্ঠ ডাফমুট্টু শিল্পীসকল
- ডাফমুট্টু শিল্পীসকল
- ডাফমুট্টু
- কেৰালা স্কুল কলোৎসৱমৰ কনিষ্ঠ ডাফমুট্টু শিল্পীসকল
- পৰম্পৰাগত ডাফমুট্টু
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "About Duffmuttu". Archived from the original on 7 June 2013. https://web.archive.org/web/20130607131716/http://kannurtourism.in/। আহৰণ কৰা হৈছে: 20 December 2012.
- ↑ "Duff Muttu". http://keralatourism.org। আহৰণ কৰা হৈছে: 20 December 2012.
- ↑ "Duff Muttu and Arabana Muttu - popular Muslim artsforms of Kerala". http://keralatourism.org। আহৰণ কৰা হৈছে: 20 December 2012.