সমললৈ যাওক

পূব কামেং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(East Kameng districtৰ পৰা পুনঃনিৰ্দেশিত)
পূব কামেং জিলা
অৰুণাচল প্ৰদেশত পূব কামেংৰ অৱস্থান
অৰুণাচল প্ৰদেশত পূব কামেংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১ জুন ১৯৮০ (1980-06-01)
সদৰ চেপ্পা
মহকুমা চেপ্পা, চায়াংটাজ’
চৰকাৰ
 • লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 • বিধানসভা সমষ্টি ৫টা (বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা, পাকে-কেছাঙো)
কালি
 • মুঠ
৪,১৩৪ বৰ্গকিমি (১,৫৯৬ বৰ্গমাইল)
জনসংখ্যা
 (2011)[1]
 • মুঠ
৭৮,৪১৩
 • ঘনত্ব ১৯/km (৪৯/sq mi)

পূব কামেং জিলা (East Kameng district /ˈkæmɛŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷

কামেং নৈৰ আশে পাশে থকা উপত্যকা অঞ্চল বহুবাৰ তিব্বতৰ মন সাম্ৰাজ্য আৰু অসমৰ আহোম সাম্ৰাজ্যৰ অধীনলৈ আহিছিল৷ তাৰোপৰি আকা আৰু নিচি জনজাতিৰ নেতৃত্বয়ো মাজেসময়ে এই অঞ্চল শাসন কৰিছিল৷ ১৯৮০ চনৰ ১ জুনত পূৰ্বৰ কামেং জিলাক বিভক্ত কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা গঠন কৰা হয়৷[2]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

পূব কামেং জিলাৰ মুট মাটিকালি ৪,১৩৪ বৰ্গ কিলোমিটাৰ৷[3] এই জিলাৰ জলবায়ু উত্তৰৰ তুন্দ্ৰাৰ পৰা দক্ষিণে অসম সীমান্তৰ সেমেকা অৰ্ধক্ৰান্তীয় হ’ব পাৰে৷

অৰ্থনীতি

[সম্পাদনা কৰক]

এই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন-নিৰ্বাহ কৰে৷ হাবি কাটি জনজাতীয় লোকসকলে ধান আৰু গোমধানৰ খেতি কৰে৷ লগতে বহুতো ফল-মূলৰ খেতিও কৰে৷

প্ৰশাসন

[সম্পাদনা কৰক]

পূব কামেং জিলাৰ মহকুমা দুটা: চেপ্পা (Seppa) আৰু চায়াংটাজ’ (Chayangtajo)৷ এই মহকুমা দুটা পুনৰ তেৰটা চাৰ্কোলত বিভক্ত কৰা হৈছে: Chayangtajo, Sawa, Khenewa, Bameng, Lada, Gyawe Purang, Pipu, Seppa, Richukhrong, Pijirang, Pakke-Kessang, Seijosa আৰু Dissing Passo.

জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ পাঁচটা সমষ্টি আছে: বামেং, চায়াংটাজ’, পূব চেপ্পা, পশ্চিম চেপ্পা আৰু পাকে-কেছাঙো৷ এই গোটেইকেইটা সমষ্টি পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷[4]

জনসংখ্যা

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পূব কামেং জিলাৰ জনসংখ্যা ৭৮,৪১৩ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২৪৷[5] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৯ জন৷[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩৭.১৪%।[5] পূব কামেং জিলাৰ লিংগৰ অনুপাত ১০০০ গৰাকী পুৰুষৰ বিপৰীতে ১০১২ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৬২.৪৮%৷[5]

এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷ তাৰোপৰি জিলাখনত মিজি (Miji), চুলুং (Sulung) আৰু আকা (Aka) জনজাতিৰ কিছু লোকেও বসবাস কৰে৷

স্বাধীনতা লাভৰ পিচত জিলাখনৰ বহুলোকে সদৰ ঠাই চেপ্পালৈ প্ৰব্ৰজন কৰে৷

এই জিলাৰ আকাসকলে ক’ৰ’ নামৰ এটা তিব্বতীয়-বৰ্মা মূলৰ ভাষা ব্যৱহাৰ কৰে৷[6][7] ২০১০ চনত ভাষাবিদ ডেভিদ হেৰিছন আৰু গণেশ মূৰ্মূৰ এটা দলে এটা প্ৰকল্পৰ বাবে আকা আৰু মিজিসকলৰ ভাষাৰ ওপৰত গৱেষণা কৰি ক’ৰ’ ভাষাক এক স্বকীয় ভাষা বুলি স্বীকৃতি দিয়ে৷[6][8]

পৰ্য্যটন

[সম্পাদনা কৰক]

পূব কামেং জিলাৰ কেইবাটাও পৰ্য্যটনৰ আকৰ্ষণ আছে৷ ইয়াৰে এখন হ’ল পাকে ব্ৰাঘ্যপ্ৰকল্প৷ তাৰোপৰি বামেং, চায়াংটাজ’ আৰু পাকে-কেছাঙো হিমালয়ৰ পৰ্য্যটনৰ ক্ষেত্ৰত উল্লেখযোগ্য৷

জৈৱবৈচিত্ৰ্য

[সম্পাদনা কৰক]

১৯৭৭ চনত পূব কামেং জিলাৰ ৮৬২ বৰ্গ কিলোমিটাৰ লৈ পাখুই বন্যপ্ৰাণী অভয়াৰণ্য (Pakhui Wildlife Sanctuary) সৃষ্টি কৰা হয়৷[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 5.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. 6.0 6.1 Morrison, Dan "'Hidden' Language Found in Remote Indian Tribe". National Geographic Daily News, 5 October 2010. Retrieved 5 October 2010
  7. Schmid, Randolph E. "Researchers find previously undocumented language hidden in small villages in India" Archived 2010-10-07 at the Wayback Machine. Sync Retrieved on 5 October 2010
  8. Ethnologue, "Hruso".[1] (Some sound files)
  9. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]