সমললৈ যাওক

টিহু-দেখাটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Editing Wikipediaৰ পৰা পুনঃনিৰ্দেশিত)

টিহু-দেখাটা (ইংৰাজী: Tihu-dekhata) হৈছে ইতিহাসৰ পাতত নাম নথকা ঐতিহ্যমণ্ডিত এখনি সৰু গাঁও। এই গাঁওখন বৰপেটা জিলাবজালী মহকুমাৰ অন্তৰ্গত সৰিহ মৌজাৰ দক্ষিণ দিশত অৱস্থিত। গাঁওখনৰ আন এটা নাম হৈছে হেলনা, যিটো নামেৰে গাঁওখন জনাজাত; টিহু-দেখাটা গাঁওখনৰ বিভাগীয় নাম। টিহু-দেখাটা নামটো প্ৰকৃততে বড়োমূলীয় ভাষাৰ পৰা অহা। টিহু-দেখাটা > দিহু-দেই-খাট, ’দিহু’ মানে ’জলাহ’, ’দেই’ মানে ’পানী’ আৰু ’খাট’ মানে ’জমা হৈ থকা’ অৰ্থাৎ গাঁওখন পানী জমা হৈ থকা দ জলাহ ঠাই আছিল। গাঁওখনৰ মাজেৰে বৈ যোৱা কালদিয়া নৈৰ বানে ইয়াক কিছুপৰিমাণে পুতি বসবাসৰ উপযোগী কৰি তোলে। গাঁওখনৰ মাটি দক্ষিণ দিশলৈ ক্ৰমে হেলনীয়া। হেলনা নামটোৰ ক্ষেত্ৰত বহুতৰ মতে কালদিয়া নৈখন উত্তৰ পূব পিনৰ পৰা দক্ষিণ পিনে মাগুৰী আৰু পানাৰা বিললৈ এই অঞ্চলটো ক্ৰমে হেলনীয়া হোৱা বাবে গাঁওখনৰ নাম হেলনা হোৱা বুলি কোৱা হয়। কিন্তু নামটোৰ কেতিয়া সৃষ্টি হৈছিল সঠিককৈ কোৱা টান।

চাৰিসীমা

[সম্পাদনা কৰক]

গাঁওখনৰ উত্তৰ দিশত বৰভালুকী গাঁৱৰ একাংশ আৰু জালিখাটা গাঁৱৰ একাংশ। পূবে কোছদিগা আৰু বৰভালুকী গাঁৱৰ একাংশ। দক্ষিণে মাগুৰী আৰু বৰগাণ্ডুৱী গাঁও আৰু পশ্চিমে উপৰনৈ আৰু জালিখাটা গাঁৱৰ একাংশ অৱস্থিত। মাটিকালি হিচাপত গাঁওখন প্ৰায় ডেৰ বৰ্গকিল’মিটাৰ।

হেলনা গাঁওখন মুঠ পাঁচটা চুবুৰীৰে গঠিত -

  1. গাঁওখনৰ উত্তৰ মধ্যদিশৰ চুবুৰীটো হেলনা।
  2. পূৱ দিশৰ চুবুৰীটো "হেলনা ঠাকুৰীয়াপাৰা" (পূৱ হেলনা)।
  3. দক্ষিণ হেলনা বা বড়ো চুবা।
  4. পশ্চিম হেলনা বা নলবাৰী চুবা।
  5. কালদিয়া নৈৰ পশ্চিম পাৰৰ ঘোঁৰামাৰা চুবা।