ঘঁৰিয়াল
| ঘঁৰিয়াল সাময়িক পৰিসৰ: Pleistocene–Present, ২.৬–০ নিযুত বছৰ[1] | |
|---|---|
| মতা ঘঁৰিয়াল | |
| মাইকী আৰু কিশোৰ ঘঁৰিয়াল | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Reptile |
| পৰিয়াল: | Gavialidae |
| গণ: | Gavialis |
| প্ৰজাতি: | G. gangeticus |
| দ্বৈৰাশিক নামকৰণ | |
| Gavialis gangeticus (Gmelin, 1789) | |
| ২০১৯ চনত ঘঁৰিয়ালৰ বিচৰণক্ষেত্ৰ (ক’লা ৰঙত) | |
| সমাৰ্থক[3] | |
ঘঁৰিয়াল (ইংৰাজী: Gharial; বৈজ্ঞানিক নামঃ Gavialis gangeticus) হ'ল মিঠা পানীৰ এবিধ বিৰল প্ৰজাতিৰ ক্ৰোকোডাইলিয়া বৰ্গৰ সৰীসৃপ। ই দীঘল তুণ্ডযুক্ত জলচৰ। ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, ম্যানমাৰ, ভূটানত ইহঁতক পোৱা যায়। ভাৰতৰ ঘঁৰিয়ালৰ সৰ্বাধিক ৰাষ্ট্ৰীয় চম্বল অভয়াৰণ্যত আছে, য’ত বিশ্বৰ প্ৰায় ৭৭ শতাংশ প্ৰাপ্তবয়স্ক ঘঁৰিয়াল আছে।[4] ভাৰতৰ বাকী থকা ঘঁৰিয়ালৰ সংখ্যা উত্তৰ প্ৰদেশৰ কাটাৰ্ণিয়াঘাট বন্যপ্ৰাণী অভয়াৰণ্য, ভাৰত-নেপাল সীমান্তৰ গণ্ডক নদী, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, ছন নদী, মহানদী, হস্তিনাপুৰ অভয়াৰণ্যকে ধৰি বিভিন্ন স্থানত পোৱা যায়।[4] কিন্তু বৰ্তমান ঘঁৰিয়াল বিলুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত ঠাই পাইছে। আই ইউ চি এনৰ ৰেড ডাটা বুকত বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে নথিভুক্ত হৈছে।[2] বৰ্তমান (ফেব্ৰুৱাৰী ২০১১) বিশ্বজুৰি প্ৰাকৃতিক পৰিৱেশত প্ৰায় ২০০টা বন্য ঘঁৰিয়াল আছে। ইয়াক বন্যপ্ৰাণী সুৰক্ষা আইন (১৯৭২)ৰ প্ৰথম তফছিলৰ অধীনত তালিকাভুক্ত কৰা হৈছে।[4] সুদীৰ্ঘ ৭৫ বছৰৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নদীত ঘঁৰিয়াল প্ৰত্যক্ষ কৰা হৈছে।[4]
পৰিচিতি
[সম্পাদনা কৰক]ঘঁৰিয়ালক ইংৰাজীত গাভিয়াল (ঘঁৰিয়ালৰ অপভ্ৰংশ) বুলি কোৱা হয়। ঘঁৰিয়ালৰ নাক বা তুণ্ডৰ আগত কলহ সদৃশ আকৃতি থাকে, যিটো মতা ঘঁৰিয়ালত যথেষ্ট ডাঙৰ হয়। ইহঁত পানীৰ পৰা অলপ ওলাই থাকে।
দৈহিক বিৱৰণ
[সম্পাদনা কৰক]মতা আৰু মাইকী ঘঁৰিয়াল দেখাত বেলেগ বেলেগ। মতা ঘঁৰিয়ালৰ দৈৰ্ঘ্য ৬.৫ মিটাৰ আৰু মাইকী ঘঁৰিয়ালৰ দৈৰ্ঘ্য ৪.৫ মিটাৰ।
প্ৰজনন
[সম্পাদনা কৰক]নৱেম্বৰ-জানুৱাৰি ইহঁতৰ প্ৰজনন মাহ। মাইকী ঘঁৰিয়ালে বালিত গাঁত কৰি ৩০-৫০টা কণী পাৰে। কণী বৰ ডাঙৰ। ৩ মাহ উমনি দিয়াৰ পাছত কণী ফুটি পোৱালি জগে।
খাদ্যাভ্যাস
[সম্পাদনা কৰক]প্ৰাপ্তবয়স্ক ঘঁৰিয়ালে প্ৰধানকৈ মাছ খায়, কিন্তু ইহঁতে ভেকুলী আৰু পোক-পৰুৱাও খায়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Rio, J. P.; Mannion, P. D. (2021). "Phylogenetic analysis of a new morphological dataset elucidates the evolutionary history of Crocodylia and resolves the long-standing gharial problem". PeerJ খণ্ড 9: e12094. doi:10.7717/peerj.12094. PMID 34567843.
- ↑ 2.0 2.1 2.2 Choudhury, B. C., Singh, L. A. K., Rao, R. J., Basu, D., Sharma, R. K., Hussain, S. A., Andrews, H. V., Whitaker, N., Whitaker, R., Lenin, J., Maskey, T., Cadi, A., Rashid, S. M. A., Choudhury, A. A., Dahal, B., Win Ko Ko, U., Thorbjarnarson, J., Ross, J. P. (2007). "Gavialis gangeticus". IUCN Red List of Threatened Species. Version 2013.2. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/8966.
- ↑ Gray, J. E. (1869). "Synopsis of the species of recent Crocodilians or Emydosaurians, chiefly founded on the specimens in the British Museum and the Royal College of Surgeons". The Transactions of the Zoological Society of London খণ্ড 6 (4): 125–169.
- ↑ 4.0 4.1 4.2 4.3 state/rare-species-of-creature-found-in-kaziranga-national-park-ass24022204434 "কাজিৰঙাৰ নদীত ঘঁৰিয়ালৰ অৱস্থিতি, পৰ্যটকৰ কেমেৰাত বন্দী ঢেঁকীয়াপতীয়া". https://www.etvbharat.com/as/! state/rare-species-of-creature-found-in-kaziranga-national-park-ass24022204434। আহৰণ কৰা হৈছে: 7 June 2025.[সংযোগবিহীন উৎস]
- ↑ উদ্ভিদ ও প্ৰাণী জ্ঞানকোষ; খণ্ড ২৫; বাংলাদেশ এশিয়াটিক সোসাইটি; পৃষ্ঠা ১৯৯
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ঘঁৰিয়াল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিপ্ৰজাতিত ঘঁৰিয়াল সম্পৰ্কে অধিক তথ্য আছে |
- Joshi, A. R. (2018). "Nepali scientists deploy drones to count endangered crocodiles". Mongabay. https://news.mongabay.com/2018/10/nepali-scientists-deploy-drones-to-count-endangered-crocodiles/.
- "Gavialidae". reptilis.net. http://reptilis.net/crocodylia/gavies/gavialidae.html.
- "Gharial". Arkive. Archived from the original on 2009-02-05. https://web.archive.org/web/20090205184636/http://www.arkive.org/gharial/gavialis-gangeticus/। আহৰণ কৰা হৈছে: 2025-06-09.
- ggan1.htm "Gavialis gangeticus". Adam Britton. http://crocodilian.com/cnhc/! ggan1.htm.[সংযোগবিহীন উৎস]
- "Gharial". National Geographic Society. 5 May 2016. https://www.nationalgeographic.com/animals/reptiles/facts/gharial.
- "Mystery of crocs' mass die-off". BBC News. 2008. http://news.bbc.co.uk/2/hi/science/nature/7755393.stm.
- Lenin, J.. "The song of the Ganges gharial". www.india-seminar.com. http://www.india-seminar.com/2007/577/577_janaki_lenin.htm.