সমললৈ যাওক

গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Gabriel José de la Concordia García Márquezৰ পৰা পুনঃনিৰ্দেশিত)
গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ
জন্ম গেব্ৰিয়েল জোচে দে লা কনকৰ্ডিয়া গাৰ্চিয়া মাৰ্কেজ
৬ মাৰ্চ, ১৯২৭
আৰাকাটাকা, কলম্বিয়া
মৃত্যু ১৭ এপ্ৰিল, ২০১৪ (৮৭ বছৰ)
মেক্সিকো চিটি, মেক্সিকো
ৰাষ্ট্ৰীয়তা কলম্বিয়ান
শিক্ষা কাৰ্টাজেনা বিশ্ববিদ্যালয়
ধৰণ উপন্যাস, চুটিগল্প
সাহিত্যিক বিপ্লৱ লেটিন আমেৰিকান বুম, যাদু বাস্তৱবাদ
উল্লেখনীয় কৰ্মৰাজি ৱান হাণ্ডেদ য়েৰচ্‌ অৱ চলিটিউদ, আটাম অৱ পেট্ৰিয়াৰ্ক, লভ ইন দ্য টাইম অৱ কলেৰা
উল্লেখযোগ্য বঁটা সাহিত্যৰ ন'বেল বঁটা (১৯৮২)
দাম্পত্যসংগী মাৰ্চিডিজ বাৰ্চা পাৰ্ডো
সন্তান ৰড্ৰিগো গাৰ্চিয়া বাৰ্চা,
গনজালো গাৰ্চিয়া বাৰ্চা

প্ৰভাবিত হয়

স্বাক্ষৰ

গাব্ৰিয়েল খ'চে ডে লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (স্পেনিছ উচ্চাৰণ: [ɡaˈβɾjel ɣarˈsi.a ˈmarkes] audioⓘ; (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেওঁক গ্যেব' বা গাবিট' নামে জনা যায়। বিংশ শতিকাৰ এজন উল্লেখযোগ্য লিখক হিচাপে পৰিগণিত মাৰ্কেছক ১৯৭২ চনৰ Neustadt International Prize for Literature আৰু ১৯৮২ চনৰ সাহিত্যৰ ন'বেল পুৰস্কাৰ প্ৰদান কৰা হয়। স্ব নিৰ্দেশিত (self-directed) শিক্ষা গ্ৰহণকাৰী মাৰ্কেছে আইন শিক্ষা এৰি সাংবাদিকতাৰ পেচা গ্ৰহণ কৰে। প্ৰথমৰপৰাই তেওঁ কলম্বিয়াৰ আৰু বিদেশী ৰাজনীতিৰ নিৰ্ভিক সমালোচক আছিল। ১৯৫৮ চনত তেওঁ মাৰ্চিডিজ বাৰ্চাক (Mercedes Barcha) বিয়া কৰায়; তেওঁলোকৰ সন্তান দুজন হৈছে ৰ'ড্ৰিগ' গাৰ্চিয়া (নিৰ্দেশক) (Rodrigo García (director)) আৰু গঞ্জাল' (Gonzalo)[6]

সংবাদসেৱী হিচাপে আত্মপ্ৰকাশ কৰা মাৰ্কেছে অনেক বিখ্যাত অ-কাল্পনিক সাহিত্যকৰ্ম আৰু চুটিগল্প ৰচনা কৰিছে যদিও তেওঁ সাধাৰণতে তেওঁৰ উপন্যাস যেনে Cien años de soledad (One Hundred Years of Solitude) (১৯৬৭), El otoño del patriarca (Autumn of the Patriarch) (১৯৭৫) আৰু El amor en los tiempos del cólera (Love in the Time of Cholera) (১৯৮৫) আদিৰ বাবেহে বেছিকৈ জনাজাত। তেওঁৰ কৰ্মৰাজি অত্যন্ত উচ্চপ্ৰশংসিত আৰু ব্যাবসায়িকভাবেও সফল। তেওঁ বিশেষকৈ "ঐন্দ্ৰজালিক বাস্তৱাদ" (Magical Realism) নামেৰে এক ৰচনাশৈলী জনপ্ৰিয় কৰি তোলে য'ত ঐন্দ্ৰজালিক তত্ত্ব আৰু দৈনন্দিন জীৱন আৰু বাস্তৱতাৰ সমাহাৰ দেখা যায়।

মাৰ্কেজ'ৰ কালজয়ী উপন্যাস “Cien años de soledad”(One Hundred Years of Solitude)-ৰ অসমীয়া অনুবাদ “নিঃসঙ্গতাৰ এশ বছৰ”। এই উপন্যাসখনক বিংশ শতিকাৰ বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়। উপন্যাসখন ঐন্দ্ৰজালিক বাস্তৱবাদ শৈলীৰ বাবে অতিকে বিখ্যাত। ইয়াত বাস্তৱ জীৱনৰ খতিয়ানৰ সৈতে অলৌকিক আৰু ঐন্দ্ৰজালিক ঘটনাবোৰক এনেদৰে সংযোজন কৰা হৈছে যে সেইবোৰ যেন অতি স্বাভাৱিক ঘটনাহে। 'মাক'ণ্ড' নামৰ এক কাল্পনিক চহৰৰ পটভূমিত বুএন্দিয়া পৰিয়ালৰ সাতটা প্ৰজন্মৰ উত্থান-পতনৰ ইতিহাস বৰ্ণনা কৰা হৈছে। “নিঃসঙ্গতাৰ এশ বছৰ” শীৰ্ষটোৱেই সূচোৱাৰ দৰে, সমগ্ৰ উপন্যাসখনৰ মূল সূত্ৰটো হৈছে 'নিঃসঙ্গতা' বা একাকিত্ব। পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যই কোনোবা নহয় কোনোবা প্ৰকাৰে এক গভীৰ মানসিক নিঃসঙ্গতাৰ চিকাৰ হয়। “নিঃসঙ্গতাৰ এশ বছৰ”[7] শীৰ্ষক অসমীয়া অনুবাদ ২০১০ চনত এক প্ৰকাশন গৃহই প্ৰকাশৰ প্ৰয়াস কৰাৰ তথা উপন্যাসখনৰ মূল স্বত্বাধিকাৰিৰ প্ৰকাশন নীতিত অসমীয়াত প্ৰকাশনৰ স্বত্বাধিকাৰ প্ৰদানৰ ব্যৱস্থা তৎকালীন বাবে নথকা হেতুকে বাণিজ্যিক বাবে প্ৰকাশন আৰু বিতৰণ নকৰি অসমীয়া অনূদিত পাঠটো কেৱল শৈক্ষণিক সন্দৰ্ভৰ বাবে যুগুত কৰাৰ বিষয়ে জানিবলৈ পোৱা যায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "The Journal of the Plague Year by Daniel Defoe"
  2. ↑ " At the university in Bogotá, I started making new friends and acquaintances, who introduced me to contemporary writers. One night a friend lent me a book of short stories by Franz Kafka. I went back to the pension where I was staying and began to read The Metamorphosis. The first line almost knocked me off the bed."
  3. 1 2 "I had never read Joyce, so I started reading Ulysses. I read it in the only Spanish edition available. Since then, after having read Ulysses in English as well as a very good French translation, I can see that the original Spanish translation was very bad. But I did learn something that was to be very useful to me in my future writing—the technique of the interior monologue. I later found this in Virginia Woolf, and I like the way she uses it better than Joyce."
  4. ↑ "I'm not sure whether I had already read Faulkner or not, but I know now that only a technique like Faulkner's could have enabled me to write down what I was seeing. The atmosphere, the decadence, the heat in the village were roughly the same as what I had felt in Faulkner. It was a banana-plantation region inhabited by a lot of Americans from the fruit companies which gave it the same sort of atmosphere I had found in the writers of the Deep South. Critics have spoken of the literary influence of Faulkner, but I see it as a coincidence: I had simply found material that had to be dealt with in the same way that Faulkner had treated similar material."
  5. ↑ " My influence had been Faulkner; now it was Hemingway."
  6. ↑ Author Gabriel Garcia Marquez dies, BBC News, 17 April 2014.
  7. ↑ মিচিং ময়িং পায়েং,, জ্যোতিষ (2010) (অসমীয়া ভাষাত). নিঃসঙ্গতাৰ এশ বছৰ (১ম সম্পাদনা). প্ৰকাশক ৯৬/জি-১, এম চি ৰোড, উজান বজাৰ, গুৱাহাটী-1 অসম: প্ৰতিশ্ৰুতি প্ৰকাশন (published 12 December 2010). পৃষ্ঠা. ৩৯৪. ISBN 81-88705-05-4.