সমললৈ যাওক

গন্ধৰ্ব (জনগোষ্ঠী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Gandarbhaৰ পৰা পুনঃনিৰ্দেশিত)
নেপালী সাংৰগী বজাই এজন গন্ধৰ্ব লোকে গীত গাইছে
সাৰংগী সংগীত (বলৰাম গন্ধৰ্ব)
বলৰাম গন্ধৰ্বৰ এটা গীত

গন্ধৰ্ব জাতি (নেপালী: गन्धर्व जाति) বা গাইনে (নেপালী: गाईने) নেপালৰ মধ্য, পাহাৰীয়া অঞ্চলৰ ভাৰত-আৰ্য্য জনগোষ্ঠীৰ অন্তৰ্গত এটা জনজাতীয় সম্প্ৰদায়। এই জনগোষ্ঠীটো "পেছাদাৰী সংগীতজ্ঞৰ জাতি" আৰু "ভ্ৰমণকাৰী কবি" বুলিও কোৱা হয়।[1][2] পৰম্পৰা অনুসৰি তেওঁলোকে গন্ধৰ্ব গীত বা গাইনে গীত নামৰ এক প্ৰকাৰৰ লোক-গীত পৰিবেশন কৰি জীৱিকা নিৰ্বাহ কৰে। গন্ধৰ্বসকলে পৰম্পৰাগতভাৱে ভ্ৰমণকাৰী সংগীতজ্ঞ হিচাপে কাম কৰে আৰু পৰম্পৰাগত লোক আৰু ঐতিহাসিক গীত সমূহ পৰিবেশন কৰে।[2] তেওঁলোকে গীতবোৰ উন্নীত কৰে, সেৱা হিচাপে বাৰ্তাসমূহো অন্তৰ্ভুক্ত কৰে, যাৰ বিনিময়ত তেওঁলোকে খাদ্য বা অন্যান্য বস্তুৰ অনুদান লাভ কৰে।[2] তেওঁলোকে নেপালী সাৰংগী নামৰ এক প্ৰকাৰৰ ভায়লিন সদৃশ বাদ্যক মূল বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।[1] সাৰংগী গন্ধৰ্ব জনগোষ্ঠীৰ সৈতে চিনাক্ত কৰা এক চিনাকি বাদ্যযন্ত্ৰ।[2] এই বাদ্যযন্ত্ৰ তেওঁলোকে বজোৱা আৰবাজো নামৰ এটা বৃহৎ বাদ্যযন্ত্ৰৰ সলনি ব্যৱহাৰ কৰে, আৰবাজো "অধিক জটিল" বাদ্যযন্ত্ৰ আছিল।[1] তেওঁলোকে নিজস্ব ভাষাত কথা কয় যাক পাৰ্চে কুৰা বুলি কোৱা হয়।

নেপালত বহুতো জাতিভিত্তিক বৈষম্যৰ বাবে ১৯৬৩ খ্ৰীষ্টাব্দত নেপাল চৰকাৰে জাতি-ব্যৱস্থাক আইনগতভাৱে বিলুপ্ত কৰি "অস্পৃশ্যতা" (এটা নিৰ্দিষ্ট জাতিৰ বহিষ্কাৰ)কে ধৰি যিকোনো জাতিভিত্তিক বৈষম্যক অপৰাধমূলক বুলি গণ্য কৰে।

ভৌগোলিক বিতৰণ

[সম্পাদনা কৰক]

শেহতীয়াকৈ নেপালৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰোৱে গাইনে/গন্ধৰ্বসকলক পাহাৰীয়া দলিতৰ বহল সামাজিক গোটৰ ভিতৰত শ্ৰেণীভুক্ত কৰিছে।[3] ২০১১ চনৰ নেপালৰ লোকপিয়লৰ সময়ত ৬,৭৯১ জন লোক (নেপালৰ জনসংখ্যাৰ ০.০%) গাইনে/গন্ধৰ্ব আছিল।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 James McConnachie; Rough Guides (Firm) (2000). World music: the rough guide. Rough Guides. পৃষ্ঠা. 198–. ISBN 978-1-85828-636-5. https://books.google.com/books?id=QzX8THIgRjUC&pg=PA198। আহৰণ কৰা হৈছে: 24 March 2012. 
  2. 2.0 2.1 2.2 2.3 Kadel, Ram Prasad (2007). Musical Instruments of Nepal. প্ৰকাশক Katmandu, Nepal: Nepali Folk Instrument Museum. পৃষ্ঠা. 246. ISBN 978-9994688302. 
  3. Population Monograph [1]
  4. "2011 Nepal Census, District Level Detail Report". Archived from the original on 2023-03-14. https://web.archive.org/web/20230314170005/https://cbs.gov.np/wp-content/upLoads/2018/12/Volume05Part02.pdf। আহৰণ কৰা হৈছে: 2023-04-06.