সমললৈ যাওক

গিৰীশ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Girish Kumarৰ পৰা পুনঃনিৰ্দেশিত)

[[শ্ৰেণী:সাময়িক সংশোধনৰ প্ৰয়োজন থকা পৃষ্ঠা|{{#if:2024-12-27|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "}"]]


গিৰীশ কুমাৰ

২০১৩ চনত, তেওঁৰ চলচ্চিত্ৰ ৰামাইয়া ৱাস্তাৱৈয়াৰ প্ৰচাৰ কাৰ্যসূচীত গিৰীশ।
জন্ম গিৰীশ কুমাৰ
৩০ জানুৱাৰী, ১৯৮৯ (৩৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১৩–বৰ্তমান
জনা যায় ৰামাইয়া ৱাস্তাৱৈয়া (২০১৩ চলচ্চিত্ৰ)
আত্মীয়-স্বজন ৰমেশ এছ. তৌৰাণী (খুড়া)

গিৰীশ কুমাৰ[1] (ইংৰাজী: Girish Kumar; জন্ম: ৩০ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ৰোমাণ্টিক কমেডীধৰ্মী ছবি ৰামাইয়া ৱাস্তাৱৈয়াত অভিনয়েৰে তেওঁ বলীউডত পদাৰ্পণ কৰে। ২০১৩ চনৰ ১৯ জুলাইত মুক্তি পোৱা এই ছবিখনত তেওঁ অভিনেত্ৰী, শ্ৰুতি হাছানৰ বিপৰীতে অভিনয় কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮৯ চনৰ ৩০ জানুৱাৰী তাৰিখে, গিৰীশে মহাৰাষ্ট্ৰৰ এক হিন্দু ধৰ্মাৱলম্বী সিন্ধি পৰিয়ালত জন্মগ্ৰহণ কৰে।[2] প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত আৰু তেওঁৰ পিতৃ কুমাৰ এছ. তৌৰাণীৰ দ্বাৰা প্ৰযোজিত, বলীউডৰ ৰোমাঞ্চধৰ্মী চলচ্চিত্ৰ ৰামাইয়া ৱাস্তাৱৈয়া (২০১৩)ৰ বাবে তেওঁক চুক্তিবদ্ধ কৰা হৈছিল। তেওঁৰ পিতৃ, কুমাৰ তৌৰাণী টিপছ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ পৰিচালনা সঞ্চালক। চলচ্চিত্ৰখনৰ বাবে তেওঁ প্ৰয়োজনীয় শাৰীৰিক গঠন বজায় ৰাখিছিল। ইয়াৰ বাবে তেওঁ তিনি বছৰৰ বাবে প্ৰশিক্ষণ লʼবলগীয়া হৈছিল আৰু আহাৰৰ এক কঠোৰ নিয়ম ৰক্ষা কৰিব লগা হৈছিল।[3] তেওঁ ছবিখনৰ বাবে চাৰ্ফিঙো শিকিছিল।[4]

বলিউড হাংগামাতৰণ আদৰ্শই তেওঁৰ অভিনয় সন্দৰ্ভত এইদৰে মন্তব্য কৰিছিল: "গিৰীশৰ বাবে এয়া প্ৰথম অভিজ্ঞতা হোৱাৰ বাবে তেওঁৰ অভিনয়ত কিছু ৰুক্ষ প্ৰান্ত আছে যদিও আচল বিষয়টো হʼল, তেওঁ ফটোজেনিক আৰু খুব আত্মবিশ্বাসেৰে অভিনয় সম্পন্ন কৰে।" [5] হিন্দুস্তান টাইমছৰ সৰিৎ ৰায়ে তেওঁৰ চিত্ৰায়নৰ কম অনুকূল পৰ্যালোচনা কৰি কয়, "দুৰ্ভাগ্যবশতঃ তেওঁৰ নৃত্যভাগ, তেওঁৰ অভিনয়তকৈ অলপ কম কঠোৰ।" ছবিখনে সমালোচকসকলৰ পৰা খুব কম প্ৰশংসা অৰ্জন কৰিছিল আৰু বক্স অফিচতো প্ৰদৰ্শন উন্নত নাছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১৬ চনত, গিৰীশে নৱনীত কৌৰ ঢিল্লোঁৰ বিপৰীতে ৰোমাণ্টিক কমেডিধৰ্মী ছবি, লাভশ্বুদাত গৌৰৱৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে সমালোচকসকলৰ পৰা প্ৰতিকূল সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত অসফল হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ পৰৱৰ্তী সময়ত তেওঁ কলেটাৰেল ডেমেজ নামৰ ছবি এখনত অভিনয় কৰে। ই গাঁৱলীয়া জনসমাজত প্ৰচলিত এক পুৰণি প্ৰথাৰ ওপৰত নিৰ্মিত এখন চুটি চলচ্চিত্ৰ। চলচ্চিত্ৰখন ২০১৮ চনৰ ২৯ নৱেম্বৰত, মুক্তি দিয়া হৈছিল আৰু বহুতো চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম ভূমিকা টোকা
২০১৩ ৰামাইয়া ৱাস্তাৱৈয়া ৰাম কাপুৰ মনোনীত – শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ শিতানত স্ক্ৰীণ বঁটা[6]
মনোনীত–বিগ ষ্টাৰ এৱাৰ্ড ফৰ মʼষ্ট এণ্টাৰটেইনিং এক্টৰ (ফিল্ম) ডেবিউ - মেল[7]
মনোনীত–শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ শিতানত অপ্সৰা বঁটা[8]
২০১৬ লাভশ্বুদা গৌৰৱ মেহৰা
২০১৮ কলাটেৰেল ডেমেজ সমীৰ সিং চুটি ছবি

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Girish Kumar – Verified FB Page". Facebook. https://www.facebook.com/pg/Girishkumarofficial/about/?ref=page_internal আহৰণ কৰা হৈছে: 1 February 2019.
  2. "Girish Taurani New Kid On The Bloc!". Stardust. http://www.magnamags.com/stardust/features/girish-taurani-new-kid-on-the-bloc/875.
  3. "Fat to fit: Girish Kumar". http://www.glamsham.com/movies/scoops/13/apr/26-news-girish-kumar-goes-from-fat-to-fit-for-ramaiya-vastavaiya-021303.asp আহৰণ কৰা হৈছে: 5 May 2013.
  4. "Splashing entry by Girish Kumar in Ramaiya Vastavaiya". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/4902 আহৰণ কৰা হৈছে: 5 May 2013.
  5. Adarsh, Taran (19 July 2013). "Ramaiya Vastavaiya (2013) Movie Review". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/criticreview/id/563935 আহৰণ কৰা হৈছে: 15 July 2014.
  6. "Nominations for 20th Annual Screen Awards". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/6002/Nominations%20for%2020th%20Annual%20Screen%20Awards আহৰণ কৰা হৈছে: 21 January 2014.
  7. "Nominations for 4th BIG Star Entertainment Awards". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/5890 আহৰণ কৰা হৈছে: 21 January 2014.
  8. "Nominations for 9th Renault Star Guild Awards". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/6028/Nominations%20for%209th%20Renault%20Star%20Guild%20Awards আহৰণ কৰা হৈছে: 21 January 2014.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]