সমললৈ যাওক

গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Gogoiৰ পৰা পুনঃনিৰ্দেশিত)


গগৈ (ইংৰাজী ভাষা:Gogoi, টাই-আহোম: 𑜕𑜥𑜕𑜩𑜨Gu-Goi[1]) হৈছে টাই-আহোমসকলৰ এটা বংশ বিভাজন তথা বৰ্তমানৰ এটা আহোম উপাধি।[2] চুখ্ৰুংফাই টাই-আহোম বংশ স্পষ্ট কৰিবলৈ সাতঘৰীয়া টাই-আহোমক গগৈ আৰু গোহাঁই বুলি ভাগ কৰিছিল। গগৈ শব্দটো গোগৈ (𑜕𑜥𑜕𑜩𑜨 Gu-Goi) টাই-আহোম ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা‌ হৈছে[3][4]

বুৰঞ্জী

[সম্পাদনা কৰক]

গগৈ-গোহাঞি বিভাজন

[সম্পাদনা কৰক]

চাওফা চ্যু-খ্ৰুং-ফাই টাই-আহোম বংশৰ চিন ৰাখিবলৈ সাতঘৰীয়া আহোমক ("সাত ঘৰ টাই-আহোম অভিজাত বংশক") গোহাঞি আৰু গগৈ নামৰ প্ৰধান দুটা ভাগত বিভক্ত কৰিছে।[5] এই নিয়ম অনুসৰী গোহাঞিসকলক বাদ দি আন সকলো সাতঘৰীয়া আহোমৰ বংশধৰে গগৈ উপাধি ব্যৱহাৰ কৰিব লাগিব আৰু সাতঘৰৰ বাহিৰৰ আন কোনো আহোমে গগৈ উপাধি ব্যৱহাৰ কৰিব নোৱাৰিব।[6] তিনিজন গোহাঁই ফৈদৰ বংশধৰ, বৰগোহাঞি, বুঢ়াগোহাঞি আৰু বৰ পাত্ৰ গোহাঞিয়ে কেৱল গোহাঞি উপাধি ব্যৱহাৰ কৰিব পাৰিব।[7]

উপাধিলৈ উন্নীতকৰণ

[সম্পাদনা কৰক]

১৮৯৩ চনৰ আহোম সভাত প্ৰস্তাৱ কৰি গগৈ উপাধিটো সকলোৱে লিখিব পৰা ব্যৱস্থা কৰি দিয়া হয়। যাৰ বাবে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আহোমৰ বিভিন্ন খেলৰ লোকসকলে গগৈটো উপাধি হিচাপে লিখিবলৈ আৰম্ভ কৰে। বিভিন্ন ফৈদৰ আহোম মানুহে গগৈক উপাধি হিচাপে ব্যৱহাৰ কৰে। কিছু বুৰঞ্জীবিদৰ মতে হাবুংৰ বলিয়া বুঢ়াগোহাঁইৰ বংশধৰ সকলে গগৈ উপাধি ব্যৱহাৰ কৰিছিল।

উল্লেখযোগ্য গগৈ উপাধিৰ ব্যক্তি

[সম্পাদনা কৰক]

গগৈ উপাধিৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি হ'ল-

লগতে চাওক

[সম্পাদনা কৰক]

আহোম জনগোষ্ঠী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Barua, Gopal Chandra, Ahom Buranji,p. 303
  2. Kumar, D. P.. Challenge to India's unity : Assam students' agitation and government. প্ৰকাশক Delhi: B.R. Pub. Corp.. ISBN 9788170185932. 
  3. Barua, Gopal Chandra, Ahom Buranji,p. 303,‌ "The son of one Gogoi of Railungia Buragohain family was made Buragohain"
  4. Barua, Gopal Chandra, Ahom Buranji,p. 330,"The king ordered one Dihingia Gogoi to be Borphukan."
  5. "...আৰু স্বৰ্গদেৱে এই নিৰ্বদ্ধ কৰিলে বোলে,আৰু আগলৈ মানুহৰ চিন থাকিব লাগে"(Borboruah 1997:235)
  6. "... আনবোৰ গোহাঁই নাম নলব। ই তিনি বঙ্গহৰ বাহিৰে আন সাতঘৰীয়া আহোমৰ লৰাই গগৈ বুলিব, তাক বাহিৰে আন আহোমে আহোমহে বুলিব গগৈ বুলিব নোৱাৰিব ..."(Borboruah 1997:235)
  7. (Borboruah 1997:235)

উৎস প্ৰসংগ

[সম্পাদনা কৰক]
  • Borboruah, Hiteswar (1997). Ahomar Din Ed. 2nd (in Assamese) (2nd ed.). Publication board of Assam.