সমললৈ যাওক

হৰিভক্ত কটুৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Hari Bhakta Katuwalৰ পৰা পুনঃনিৰ্দেশিত)
হৰিভক্ত কটুৱাল
স্থানীয় নাম हरिभक्त कटुवाल
জন্ম হম বাহাদুৰ কটুৱাল
২ জুলাই, ১৯৩৫
বগীবিল, ডিব্ৰুগড়, অসম
মৃত্যু ১০ ছেপ্টেম্বৰ, ১৯৮০ (৪৫ বছৰ)
ডিব্ৰুগড়, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম প্ৰবাসী
শিক্ষা বি.এ.
পেচা কবি, গীতিকাৰ
উল্লেখযোগ্য কৰ্ম য়ো জিন্দগী খৈ কে জিন্দগী
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰয়েল নেপাল একাডেমীৰ পদক

হৰিভক্ত কটুৱাল (নেপালী: हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।

১৯৩৫ চনৰ ২ জুলাই তাৰিখে অসমৰ ডিব্ৰুগড়ত হৰিভক্ত কটুৱালে জন্মগ্ৰহণ কৰিছিল৷[1] ভাৰতত তেওঁ "প্ৰবাসী" ছদ্মনামেৰে কবিতা লিখিছিল। নেপালৰ ৰজা মহেন্দ্ৰৰ আমন্ত্ৰণ পোৱাৰ পিছত তেওঁ লিখা-মেলাৰ ওপৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ কাঠমাণ্ডুলৈ গুচি যায়৷[1][2]

লিখন শৈলীৰ বাবে বিখ্যাত কটুৱালে ভিত্ৰী মাঞ্চে বোলনা খোজছা, য়ো জিন্দগী খৈ কে জিন্দগী, আৰু সম্ঝনাকে ধৰি বহুতো উল্লেখযোগ্য কবিতাপুথি প্ৰকাশ কৰে।[1][3]

তেওঁ ভালেসংখ্যক গীতৰ কথাও লিখিছিল যিবোৰত বিশিষ্ট আৰু প্ৰবীণ নেপালী কণ্ঠশিল্পী নাৰায়ণ গোপাল, অম্বৰ গুৰুং আৰু অৰুণা লামাই কণ্ঠ নিগৰাইছে৷[4]

১৯৮০ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে অসমত কটুৱালৰ মৃত্যু হয়।[1][5] ব্ৰহ্মপুত্ৰ নৈৰ পাৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷[6]

২০১৫ চনত মুক্তি লাভ কৰিছিল কটুৱালৰ জীৱন সম্পৰ্কীয় তথ্যচিত্ৰ অনি হৰি ভক্ত ফৰকিয়েনন[7] ২০১৭ চনত তেওঁৰ ৮২তম জন্মবাৰ্ষিকীৰ বাবে তেওঁৰ কবিতাৰ আধাৰত সৰ্বনাম থিয়েটাৰত এখন নাটক মঞ্চস্থ কৰা হৈছিল।[8] ২০২১ চনত ভাৰত-ভূটান সীমান্তৰ সমীপৰ জয়গাঁৱত কটুৱালৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল৷[9]

উল্লেখযোগ্য ৰচনাৰাজি

[সম্পাদনা কৰক]
  • সম্ঝনা (গীতৰ সংকলন)
  • ভিত্ৰী মাঞ্চে বোলনা খোজছা
  • সুধা (চুটি-মহাকাব্য)
  • পূৰ্ব কিৰণ (কবিতা সংকলন)
  • য়ো জিন্দগী খাই কে জিন্দগী (কবিতা সংকলন)
  • বদনাম মেৰা য়ী আঁখাহাৰু (গীত আৰু কবিতা সংকলন)
  • ঐতিহাসিক কাহিনীসংগ্ৰহ (অন্যান্য সাহিত্যিকসকলৰ সহযোগত)
  • স্পষ্টিকৰণ
  • ম মৰেকো ছৈনা (নাটক)[10]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "स्मृतिमा हरिभक्त कटुवाल" (ne ভাষাত). Shilapatra. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104154941/https://shilapatra.com/detail/11576 আহৰণ কৰা হৈছে: 4 January 2022. উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":0" defined multiple times with different content.
  2. "हरिभक्त खोज्दै इन्टरनेटमा हराउँदा" (ne ভাষাত). Pahilo Post. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104162457/https://pahilopost.com/content/-5481.html আহৰণ কৰা হৈছে: 4 January 2022.
  3. "Haribhakta Katuval (1935–1980)". Himalayan Voices. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104164716/https://publishing.cdlib.org/ucpressebooks/view?docId=ft729007x1&chunk.id=d0e9707&toc.depth=1&toc.id=d0e9589&brand=ucpress আহৰণ কৰা হৈছে: 4 January 2022.
  4. "एक थिए हरिभक्त" (ne ভাষাত). Gorkhapatra. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104162247/https://gorkhapatraonline.com/saturday/2019-09-21-1648 আহৰণ কৰা হৈছে: 4 January 2022.
  5. (ne ভাষাত) Nepālī kavitā. Sājhā Prakāśana. 1989. পৃষ্ঠা. 108. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104164208/https://books.google.com/books?id=Bn11AAAAIAAJ&newbks=0 আহৰণ কৰা হৈছে: 4 January 2022.
  6. "किन पिउँथे कवि हरिभक्त कटुवाल ?" (ne ভাষাত). Nagarik. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104160904/https://nagariknews.nagariknetwork.com/arts/231991-1591405471.html আহৰণ কৰা হৈছে: 4 January 2022.
  7. "Katuwal remembered on 80th birth anniv" (en ভাষাত). The Himalayan Times. 5 July 2015. https://thehimalayantimes.com/lifestyle/katuwal-remembered-on-80th-birth-anniv আহৰণ কৰা হৈছে: 4 January 2022.
  8. "Play in honour of poet Katuwal" (English ভাষাত). The Kathmandu Post. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104161053/https://kathmandupost.com/art-entertainment/2017/07/04/play-in-honour-of-poet-katuwal আহৰণ কৰা হৈছে: 4 January 2022.
  9. "पश्चिम बंगालमा कवि हरिभक्त कटुवालको सालिक" (ne ভাষাত). Kantipur. Archived from the original on 4 January 2022. https://web.archive.org/web/20220104165311/https://ekantipur.com/literature/2021/10/01/163305209129737624.html আহৰণ কৰা হৈছে: 4 January 2022.
  10. "Poet and Lyricist Haribhakta Katuwal" (en-US ভাষাত). The Gorkha Times. 24 November 2020. https://thegorkhatimes.com/2020/11/24/poet-and-lyricist-haribhakta-katuwal/ আহৰণ কৰা হৈছে: 5 January 2022.

অধিক পঢ়ক

[সম্পাদনা কৰক]