হাড়িয়া মণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Haria Mandalৰ পৰা পুনঃনিৰ্দেশিত)

হাড়িয়া মণ্ডলক (স্থানভেদে হাৰিয়া মণ্ডল বা হাৰিয়া মেছ) অসমকোচসকলৰ আদি পুৰুষ বুলি গণ্য কৰা হয়৷ জনামতে তেওঁ বৰ্তমানৰ গোৱালপাৰা জিলাৰ খুণ্টাঘাট পৰগনাৰ চিকনগ্ৰাম নামৰ গাঁৱৰ বাসিন্দা আছিল৷[1]

চমুজীৱনী[সম্পাদনা কৰক]

হাড়িয়া মণ্ডলৰ দেউতাকৰ নাম দম্বাম্বু মেছ। তেওঁলোক মেছ বা কোঁচংশী মানুহ। হাজো নামৰ কামৰূপৰ এক অংশৰ এজন সৰু শাসনকৰ্তাই জীয়েক হীৰা আৰু জীৰালৈ হাড়িয়া মণ্ডলক চপাই আনে। হীৰা আৰু জীৰাৰ পৰা ক্ৰমে বিশু আৰু শিশু নামৰ দুটি পুত্ৰৰ জন্ম হয়।[2]

হাড়িয়া মণ্ডল তেওঁৰ গাওঁ চিকনগ্ৰামৰ বাৰ ঘৰ মেচ বা কোচ পৰিয়ালৰ ওপৰত মণ্ডল হিচাপে নিযুক্ত হৈছিল৷ এই সময়ছোৱাত তেওঁৰ ফুলগুৰিভূঞাসকলৰ সৈতে সংঘৰ্ষ হয় আৰু তেওঁক ভূঞাসকলে কিছুদিন বন্দী কৰি থয়৷ পৰৱৰ্ত্তী কালত তেওঁ ভূঞাৰ বশ্যতা স্বীকাৰ কৰে আৰু বছৰেকীয়া কৰ পৰিশোধ কৰিবলৈ বাধ্য হয়৷[1]

হাড়িয়া মণ্ডলৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বিশুৱে মণ্ডল পদ লাভ কৰে আৰু ভূঞাসকলক আক্ৰমণ কৰি দমন কৰিবলৈ সক্ষম হয়৷[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা
  2. গোহাঞি বৰুৱা, পদ্মনাথ (১৯৩৭). সচিত্র অসমৰ বুৰঞ্জী. লীলা এজেঞ্চি. পৃষ্ঠা. ১২৫.