সমললৈ যাওক

তাপাঘাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Heat strokeৰ পৰা পুনঃনিৰ্দেশিত)
তাপাঘাত
অন্য নাম হিট ষ্ট্ৰ'ক (Heat stroke), ছান ষ্ট্ৰ'ক (Sun-stroke), ছিৰিয়েছিছ (siriasis)[1]
১৯৪৩ চনত ইৰাকত চেঁচা পানী ছটিয়াই তাপাঘাতত ভোগা লোকক কৰা চিকিৎসা
বিভাগ আকস্মিক ৰোগ
লক্ষণ হাইপাৰথাৰ্মিয়া,ছাল ৰঙা পৰা, মূৰৰ বিষ, মূৰ ঘূৰণি বিভ্ৰান্তি, বমি[2]
জটিলতা ছিজাৰ, ৰেব্‌ড’মায়’লাইছিছ, বৃক্ক অসাৰ
প্ৰকাৰ দ্ৰুপদী, শ্ৰমজনিত/>
কাৰণ উচ্চ পাৰিবেশিক তাপ, অত্যাধিক শ্ৰম[3][4]
আশংকাৰ কাৰণ শিশু বা বৃদ্ধ, হিট ৱেভ, অতিপাত আৰ্দ্ৰতা, কিছুমান ঔষধ, হৃদৰোগ, ছালৰ ৰোগ[3]
ৰোগ নিৰূপণ লক্ষণক ভিত্তি কৰি[3]
একেধৰণৰ ৰোগ নিউৰ’লেপ্টিক মেলিগ্‌নেণ্ট ছীণ্ড্ৰ’ম, মেলেৰিয়া, মেনিন্‌জাইটিছ[3]
চিকিৎসা শৰীৰৰ দ্ৰুত শীতলতা আৰু সহায়ক যত্ন[4]
আৰোগ্য সম্ভাৱনা মৃত্যুৰ আশংকা <৫% (শ্ৰমজনিত), ৬৫% লৈকে (অশ্ৰমজনিত)[3]
মৃত্যু ভাৰতত বছৰি প্ৰায় ১১০০ লোক

তাপাঘাত বা হিট ষ্ট্ৰ'ক এক গুৰুতৰ তাপজনিত ৰোগ যাৰ ফলত শৰীৰৰ তাপমাত্ৰা ৪০° চেণ্টিগ্ৰেডতকৈ অধিক হয়[4] লগতে ছাল ৰঙা পৰা, মূৰৰ বিষ, মূৰ ঘূৰণি আৰু বিভ্ৰান্তিৰ সৃষ্টি হয়।[2] সাধাৰণতে শ্ৰমজনিত তাপাঘাতত ঘাম ওলায়, কিন্তু দ্ৰুপদী তাপাঘাতত নহয়।[5] হিট ষ্ট্ৰ'কৰ আৰম্ভণি আকস্মিক বা ক্ৰমান্বয়ে হ'ব পাৰে।[3] ইয়াৰ ফলত বহু-অংগ বিকল হৈ জীৱনলৈ ভাবুকি আহিব পাৰে[6] আৰু চিজাৰ বা বৃক্ক অসাৰৰ দৰে জটিলতা হ’ব পাৰে৷[3]

উচ্চ বাহ্যিক উষ্ণতা আৰু/বা শাৰীৰিক শ্ৰমৰ বাবে তাপাঘাত হয়।[3][4] ই সাধাৰণতে প্ৰতিৰোধযোগ্য অত্যাধিক পৰিৱেশগত বা অত্যাধিক শ্ৰমজনিত তাপৰ দীৰ্ঘম্যাদী সংস্পৰ্শত সংঘটিত হয়।[6] অৱশ্যে, কিছুমান স্বাস্থ্যজনিত অৱস্থাই তাপাঘাতৰ আশংকা বৃদ্ধি কৰিব পাৰে বিশেষকৈ কিছুমান জিনগত প্ৰবৃত্তি থকা শিশু তুলনামূলকভাৱে মৃদু পৰিস্থিতিত তাপাঘাতৰ প্ৰতি সংবেদনশীল হয়।[7]

প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থ সেৱন কৰা আৰু অত্যাধিক তাপ পৰিহাৰ কৰা।[8] শৰীৰটোৰ দ্ৰুত শীতলতা আৰু সহায়ক যত্ন ইয়াৰ চিকিৎসা।[4] ব্যক্তিজনক পানী ছটিয়াই দিয়া আৰু ফেন ব্যৱহাৰ কৰা, ব্যক্তিক বৰফৰ পানীত ভৰাই দিয়া, বা চেঁচা আন্তঃশিৰা তৰল দিয়া আদি কামৰ পৰামৰ্শ দিয়া হয়।[4] এজন ব্যক্তিৰ চাৰিওফালে বৰফৰ পেক যোগ কৰাটো যুক্তিসংগত কিন্তু ই নিজেই দ্ৰুততম শীতলীকৰণ কৰিব নোৱাৰে।[4]

২০১২ চনৰ পৰা ২০২১ চনলৈকে ভাৰতত হিট ষ্ট্ৰ’কৰ ফলত ১১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷ কেৱল ২০১৫ চনতে ১,৯০৮ গৰাকী লোকৰ এই কাৰণত মৃত্যু হৈছিল৷[9] সম্পূৰ্ণৰূপে ব্যায়াম-প্ৰণোদিত হিট ষ্ট্ৰ'ক যদিও এক চিকিৎসা জৰুৰীকালীন অৱস্থা, ই স্ব-সীমিত হোৱাৰ প্ৰৱণতা থাকে (ৰোগীয়ে ক্ৰেম্প বা ক্লান্তিৰ বাবে ব্যায়াম কৰা বন্ধ কৰে আৰু ৫% তকৈ কম ক্ষেত্ৰত মাৰাত্মক হয়। ক্লান্তি নোহোৱা হিট ষ্ট্ৰ'ক মাৰাত্মক৷ আনকি স্বাস্থ্যৱান ব্যক্তিজনক যদি চিকিৎসাৰ সহায় অবিহনে হিট ষ্ট্ৰ’ক হ’ব পৰা পৰিৱেশত এৰি দিয়া হয়, তেন্তে স্বাস্থ্যৰ অৱনতি হৈ থাকিব আৰু গুৰুতৰ ৰোগীৰ ৬৫%ই চিকিৎসা লাভ কৰিলেও মৃত্যু হ’ব৷[3]

চিহ্ন আৰু লক্ষণ

[সম্পাদনা কৰক]

হিট ষ্ট্ৰ'কত সাধাৰণত ৪০.৬°C (১০৫ °F) ৰ অধিক হাইপাৰথাৰ্মিয়াৰ লগতে ব্যক্তিজনে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷[5][10] সাধাৰণতে ক্লাছিক হিট ষ্ট্ৰ'কত ঘাম নোলায়, আনহাতে সাধাৰণতে শ্ৰমজনিত হিট ষ্ট্ৰোকত প্ৰচুৰ ঘাম ওলায়৷[5]

হিট ষ্ট্ৰ'কৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত আছে আচৰণগত পৰিৱৰ্তন, বিভ্ৰান্তি, অস্থিৰতা, মূৰ ঘূৰোৱা, দুৰ্বলতা, উত্তেজনা, অস্পষ্ট কথা, বমি বমি ভাব আৰু বমি।[5] শ্ৰমজনিত হিট ষ্ট্ৰ'কত ভোগা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ছিজাৰ আৰু প্ৰস্ৰাৱ বা শৌচ ওলোৱাৰো তথ্য আছে।[5] ইয়াৰ উপৰিও শ্ৰমজনিত হিট ষ্ট্ৰ'কত আক্ৰান্ত ব্যক্তিজনৰ অত্যাধিক ঘাম ওলাব পাৰে।[11] পেশী বিকল হৈ ওলোৱা উপাদানবোৰ ৰক্ত প্ৰৱাহত সোমাই অংগৰ বিকলতা সৃষ্টি কৰিব পাৰে৷ ৰেব্‌ড’মায়’লাইছিছ বোলা এই অৱস্থা শ্ৰমজনিত হিট ষ্ট্ৰ’কত দেখা যায়।[5]

যদি চিকিৎসা বিলম্বিত হয়, ৰোগীৰ গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি, অচেতনতা আৰু আনকি অংগ বিকল হ’ব পাৰে। দ্ৰুত আৰু পৰ্য্যাপ্ত চিকিৎসাৰ অভাৱত হিট ষ্ট্ৰ’ক মাৰাত্মক হ’ব পাৰে৷[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Heat illness in the athlete: siriasis is serious". Alabama Medicine খণ্ড 55 (10): 28, 33-28, 37. April 1986. PMID 3706086.
  2. 1 2 "Warning Signs and Symptoms of Heat-Related Illness" (en-us ভাষাত). www.cdc.gov. https://www.cdc.gov/disasters/extremeheat/warning.html আহৰণ কৰা হৈছে: 17 July 2017.
  3. 1 2 3 4 5 6 7 8 9 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "Le2015" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. 1 2 3 4 5 6 7 "Cooling Methods in Heat Stroke". The Journal of Emergency Medicine খণ্ড 50 (4): 607–616. April 2016. doi:10.1016/j.jemermed.2015.09.014. PMID 26525947.
  5. 1 2 3 4 5 6 "Heatstroke". The New England Journal of Medicine খণ্ড 380 (25): 2449–2459. June 2019. doi:10.1056/NEJMra1810762. PMID 31216400.
  6. 1 2 "Heat stroke". The New England Journal of Medicine খণ্ড 346 (25): 1978–1988. June 2002. doi:10.1056/nejmra011089. PMID 12075060.
  7. "Adaptive thermogenesis enhances the life-threatening response to heat in mice with an Ryr1 mutation". Nature Communications খণ্ড 11 (1): 5099. October 2020. doi:10.1038/s41467-020-18865-z. PMID 33037202.
  8. "Tips for Preventing Heat-Related Illness|Extreme Heat" (en-us ভাষাত). www.cdc.gov. 19 June 2017. https://www.cdc.gov/disasters/extremeheat/heattips.html আহৰণ কৰা হৈছে: 17 July 2017.
  9. 23 June 2023. "In numbers: Heat strokes killed more than 2,500 people in UP, Bihar in 10 years". India Today. https://www.indiatoday.in/diu/story/heat-strokes-killed-more-than-2500-people-in-up-bihar-ten-years-2396923-2023-06-23 আহৰণ কৰা হৈছে: 25 May 2024.
  10. "Hyperpyrexia in the emergency department". Emergency Medicine খণ্ড 13 (1): 116–120. March 2001. doi:10.1046/j.1442-2026.2001.00189.x. PMID 11476402.
  11. "InfoSheet: Protecting Workers from Heat Illness". OSHA–NIOSH. 2011. https://www.cdc.gov/niosh/docs/2011-174/pdfs/2011-174.pdf আহৰণ কৰা হৈছে: February 10, 2015.
  12. Fauci, Anthony (2008). Harrison's Principles of Internal Medicine (17th সম্পাদনা). McGraw-Hill Professional. পৃষ্ঠা. 117–121. ISBN 978-0-07-146633-2.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
বৰ্গীকৰণ
বাহ্যিক সমল