সমললৈ যাওক

ভাৰত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Hindistanৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰত গণৰাজ্য
भारत गणराज्य
Horizontal tricolour flag bearing, from top to bottom, deep saffron, white, and green horizontal bands. In the centre of the white band is a navy-blue wheel with 24 spokes.
Flag
Three lions facing left, right, and toward viewer, atop a frieze containing a galloping horse, a 24-spoke wheel, and an elephant. Underneath is a motto: "सत्यमेव जयते".
Emblem
Motto: "सत्यमेव जयते" (সংস্কৃত, দেৱনাগৰী)
সত্যমেৱ জয়তে
Anthem: 

জন গণ মন
জাতীয় সংগীত
বন্দে মাতৰম্‌
Image of a globe centred on India, with India highlighted.
গাঢ় সেউজীয়া ৰং ত দেখুওৱা এলেকা ভাৰতৰ দ্বাৰা নিয়ন্ত্ৰিত; পাতল সেউজীয়া ৰং ত দেখুওৱা অঞ্চলবোৰ ভাৰতে দাবী কৰে যদিও নিয়ন্ত্ৰণাধীন নহয়।
ৰাজধানীনতুন দিল্লী
Largest cityমুম্বাই
Official languagesহিন্দী, ইংৰাজী
Recognised regional languages
ৰাষ্ট্ৰীয় ভাষাসংবিধানে নিৰ্ধাৰণ কৰা নাই
Demonymভাৰতীয়
Governmentসংসদীয় গণতন্ত্ৰ
দ্ৰৌপদী মূৰ্মু
নৰেন্দ্ৰ মোদী (বি জে পি)
• লোকসভাৰ অধ্যক্ষ
ঔম বিৰলা (বি জে পি)
সঞ্জীৱ খান্না
Legislatureভাৰতীয় সংসদ
ৰাজ্যসভা
লোকসভা
স্বাধীনতা 
ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা
• স্বাধীনতা লাভ
১৫ আগষ্ট ১৯৪৭
• গণতন্ত্ৰ প্ৰতিষ্ঠা
২৬ জানুৱাৰী ১৯৫০
Area
• Total
32,87,263 বৰ্গ কি.মি. (12,69,219 বৰ্গ মাইল) (সপ্তম)
• Water (%)
9.6
Population
• ২০১১ census
১,৩২৬,৫৭২,০০০ (২য়)
GDP (PPP)২০১৭ estimate
• Total
$৯.৪৮৯ ত্ৰিলিয়ন (৩য়)
• Per capita
$৭,১৫৩
GDP (nominal)২০১৭ estimate
• Total
$২.৪৫৪ ত্ৰিলিয়ন (৬ষ্ঠ)
• Per capita
$১,৮৫০
Gini (২০১৩)৩৩.৯
Error: Invalid Gini value (৭৯তম)
HDI (২০১৫)বৃদ্ধি০.৬২৪[1]
Error: Invalid HDI value (১৩১)
Currencyভাৰতীয় টকা ()
Time zoneUTC+০৫:৩০ (ভাৰতীয় মান সময়)
• Summer (DST)
UTC+০৫:৩০ (পালন কৰা নহয়)
Date formatdd/mm/yyyy
Calling code৯১
Internet TLD.in; .ভাৰত

ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা প্ৰথম তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হ'ল ৭,৫১৭ কিলোমিটাৰ (৪,৬৭১ মাইল)। এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হ'ল- পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইণ্ডোনেছিয়া। ইয়াৰ উপৰিও থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্য পথ আৰু একাধিক বিশাল সাম্ৰাজ্যৰ পটভূমি ভাৰতীয় উপমহাদেশ ইয়াৰ সুদীৰ্ঘ অৰ্থনৈতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে সুপৰিচিত। পৃথিৱীৰ চাৰি প্ৰধান ধৰ্ম- হিন্দু, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু শিখ ধৰ্মৰ উৎপত্তি ভাৰতত। মধ্যযুগৰ আৰম্ভণিতে খ্ৰীষ্টান ধৰ্ম, ইছলাম, ইহুদী আৰু পাৰ্চী ধৰ্মই ভাৰতৰ দক্ষিণ আৰু পশ্চিম উপকূলত প্ৰৱেশ কৰে আৰু বিবিধতাময় ভাৰতীয় সভ্যতাৰ সৃষ্টি কৰে।[2] অষ্টাদশ শতিকাৰ প্ৰথম ভাগত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰে আৰু লাহে লাহে ভাৰতৰ ভূ-খণ্ডক নিজৰ অধীন কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ মাজ ভাগলৈকে সমগ্ৰ ভাৰত ব্ৰিটিছ উপনিবেশত পৰিণত হয়। অৱশেষত অহিংস গৌৰৱময় স্বাধীনতা সংগ্ৰামৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ভাৰত নামটো ভাৰতীয় মহাকাব্য আৰু ভাৰতৰ সংবিধান উভয়তে পোৱা যায়।[3][4] ইয়াক বিভিন্ন ভাৰতীয় ভাষাত বিভিন্ন ৰূপত ব্যৱহাৰ কৰা হয়। ভাৰত হৈছে পুৰণি নাম ভাৰতবৰ্ষৰ আধুনিক ৰূপ। ইয়াৰ মূল অৰ্থ আছিল ভাৰতৰ উত্তৰ অংশ।[5][6] ইয়াৰ পৰা ১৯ শতিকাৰ মাজভাগত ভাৰত নামটো অতি জনপ্ৰিয় নাম হৈ পৰে।[7][8]

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল

[সম্পাদনা কৰক]

ভাৰতত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ৰাজধানী নতুন দিল্লী। ৰাজ্যৰ নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ ৰাজধানীৰ তালিকা দিয়া হৈছে।

কেন্দ্ৰীয় শাসিত অঞ্চল

[সম্পাদনা কৰক]

উল্লেখযোগ্য যে 'দাদৰা আৰু নগৰ হাভেলী' আৰু 'দমন আৰু দিউ' নামৰ কেন্দ্ৰীয় শাসিত অঞ্চল দুটা একেলগ কৰি 'দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ' নামৰ এটা কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ প্ৰস্তাৱৰ কথা ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত ঘোষণা কৰিছিল । উক্ত বিধেয়কখন ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত গৃহীত হয় আৰু ২০২০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় ।[9]

ৰাজধানী

[সম্পাদনা কৰক]

ভাৰতৰ ভাষা

[সম্পাদনা কৰক]

হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা। এই ভাষাসমূহ হ’ল:

ভাষা ভাষা পৰিয়াল ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[10] ৰাজ্য
অসমীয়া হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ১৩ অসম, অৰুণাচল প্ৰদেশ
উৰ্দু হিন্দ-আৰ্য্য, মধ্য ৫২ (ভাৰতত) জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ
ওড়িয়া হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ৩৩ উৰিষ্যা
কন্নড় দ্ৰাবিড় ৩৮ কৰ্ণাটক
কাশ্মিৰী হিন্দ-আৰ্য্য ৫.৫ জম্মু আৰু কাশ্মীৰ
কোংকণী হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য ২.৫ গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা
গুজৰাটী হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল ৪৬ দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট
চাঁওতালি মুন্ডা ৬.৫ বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল
ডোগ্ৰী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২.৩ জম্মু আৰু কাশ্মীৰ
তামিল দ্ৰাবিড় ৬১ তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
তেলেগু দ্ৰাবিড় ৭৪ আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী
নেপালী হিন্দ-আৰ্য্য, উত্তৰাঞ্চল ২.৯ (ভাৰতত) ছিক্কিম, পশ্চিমবংগ, অসম
পঞ্জাবী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২৯ (ভাৰতত) চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পঞ্জাব
বঙালী হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ৮৩ (ভাৰতত) পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত
বড়ো তিব্বত-বৰ্মা ১.৪ অসম
মণিপুৰী (মেইতেই) তিব্বত-বৰ্মা ১.৫ মণিপুৰ
মালয়ালম দ্ৰাবিড় ৩৩ কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
মাৰাঠী হিন্দ-আৰ্য্য, দাক্ষিনাত্য ৭২ মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক
মৈথিলী হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল ১২ বিহাৰ
সংস্কৃত হিন্দ-আৰ্য্য ০.০১ অক্ষেত্ৰীয়
সিন্ধী হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল ২.৫ (ভাৰতত) অক্ষেত্ৰীয়
আদৰ্শ হিন্দী হিন্দ-আৰ্য্য, মধ্য অজ্ঞাত[11] আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড


ৰাষ্ট্ৰীয় প্ৰতীক

[সম্পাদনা কৰক]
ভাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ[12]
পতাকা ত্ৰিৰঙ্গা
প্ৰতীক অশোক স্তম্ভ
সংগীত জন গণ মন
স্তোত্ৰ বন্দে মাতৰম্‌
পশু বাঘ (ঢেঁকীয়াপতীয়া বাঘ)
ঐতিহ্যবাহী পশু ভাৰতীয় হাতী
পক্ষী ভাৰতীয় ময়ূৰ
জলচৰ প্ৰাণী শিহু
ফুল পদুম
গছ বট গছ
ফল আম
খেল হকী
বৰ্ষপঞ্জী শকাব্দ
নদী গঙ্গা[13]

উল্লেখযোগ্য যে হকী ভাৰতৰ 'অনাধিকাৰিক (আন-অ'ফিছিয়েল) ৰাষ্ট্ৰীয় খেল'। ২০২০ চনত মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ ময়ূৰেশ আগৰৱাল নামৰ এজন শিক্ষকে আৰ.টি.আই. (তথ্য জনাৰ অধিকাৰ)ৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী হয় নে নহয় এই সন্দৰ্ভত উত্তৰ বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়লৈ আবেদন জনায়। তাৰ উত্তৰত চৰকাৰে জানিবলৈ দিয়ে যে ভাৰত চৰকাৰৰ দ্বাৰা হকী এতিয়াও ৰাষ্ট্ৰীয় খেল হিচাপে অনুমোদিত বা গৃহীত হোৱা নাই।[14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 5 November 2011. 
  2. (a) Ludden 2014, পৃষ্ঠা 54;
    (b) Asher & Talbot 2006, পৃষ্ঠা 78–79;
    (c) Fisher 2018, পৃষ্ঠা 76
  3. Clémentin-Ojha 2014.
  4. ভাৰতৰ সংবিধান, [[আইন আৰু ন্যায় মন্ত্ৰালয় (ভাৰত)]| ন্যায়]], archived from the original on 9 September 2014, https://web.archive.org/web/20140909230437/https://lawmin.nic.in/coi/coiason29july08.pdf, আহৰণ কৰা হৈছে: ৩ মাৰ্চ ২০১২, "ধাৰা ১(১): ভাৰত অৰ্থাৎ ভাৰত ৰাষ্ট্ৰ সংঘ হ'ব।" 
  5. সাঁচ:উদ্ধৃতি
  6. Singh 2017, পৃষ্ঠা. 253.
  7. Clémentin-Ojha ২০১৪.
  8. Barrow ২০০৩.
  9. [1]
  10. অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
  11. ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
  12. "National Symbols of India". ENVIS Centre on Hygiene, Sanitation, Sewage Treatment Systems and Technology. http://www.sulabhenvis.nic.in/Database/NationalSymbolsofIndia_226.aspx। আহৰণ কৰা হৈছে: 2022-04-09. 
  13. জাতীয় নদী গঙ্গা
  14. [2]

অধিক পঢ়ক

[সম্পাদনা কৰক]

Overview

Etymology

History

Geography

Biodiversity

Politics

Foreign relations and military

Economy

Demographics

Culture

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

স্থানাংক: 21°N 78°E / 21°N 78°E / 21; 78