হুঁচৰি
অৱয়ব
(Huchoriৰ পৰা পুনঃনিৰ্দেশিত)
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
হুঁচৰি হ'ল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। এই গীত ডেকা-বুঢ়া-ল'ৰা সকলোৱে মিলি গায়। ইয়াত গাভৰুৰ স্থান নাই। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে হুঁচৰি গীত গায়। হুঁচৰি গীত গাওঁতে বয়স্কসকলে চোলা-চুৰিয়া পিন্ধাৰ লগতে গাত চেলেং মেৰিয়াই লয়। হুঁচৰিৰ প্ৰধান ভাগ দুটা - হুঁচৰি কীৰ্তন আৰু বিহুনাম। হুঁচৰি কীৰ্তন হ'ল আধ্যাত্মিক ভাৱসম্পন্ন আৰু বিহুনাম হ'ল অশ্লীলতাহীন স্বাভাৱিক আনন্দ - উত্তেজনা আৰু নৈসৰ্গিক সৌন্দৰ্য্যৰ প্ৰকাশ।