ইডাক্কা
ইডাক্কা (ইংৰাজী: Idakka) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডম্বৰুজাতীয় বাদ্যযন্ত্ৰ। ই দেখিবলৈ সমগ্ৰ ভাৰততে প্ৰচলিত ডম্বৰুৰ সৈতে বহুত সাদৃশ্যপূৰ্ণ। অৱশ্যে ডম্বৰু বজাবলৈ ইয়াৰ কাষত থকা ৰছী আৰু গুটি ব্যৱহাৰ কৰা হয়। কিন্তু ইডাক্কা এডাল সৰু লাঠী বা মাৰিৰে বজোৱা হয়। ডম্বৰুৰ দৰেই ইডাক্কাৰ মাজভাগত থকা ৰছীবোৰ হাতেৰে চেপা মাৰি ইয়াৰ সুৰ বা শব্দ সলনি কৰিব পাৰি। এই বাদ্যবিধ বাওঁ কান্ধত ওলোমাই লোৱা হয় আৰু ইয়াৰ সোঁফালে এডাল মিহি বেঁকা মাৰিৰে লাহে লাহে কোবাই বজোৱা হয়।[1] ইয়াক কেৰালাৰ মন্দিৰসমূহৰ উপৰিও কথাকলি আৰু মোহিনীঅট্টম আদি শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শনৰ সময়ত বজোৱা হয়।[2]
নামৰ উৎপত্তি
[সম্পাদনা কৰক]
মালয়ালম ভাষাৰ 'ইডাক্কা' শব্দটো সংস্কৃত শব্দ 'শ্ৰীঢক্কা' (श्रीढक्का) ৰ পৰা আহিছে। সংস্কৃত সাহিত্যত 'ঢক্কা' শব্দৰ অৰ্থ হৈছে এক প্ৰকাৰৰ দুমুখীয়া ঢোল, যাৰ পৰা 'ঢক' বা গম্ভীৰ শব্দ ওলায় (ढक् इति गम्भीरशब्देन कायतीति)। ইয়াৰ আগত 'শ্ৰী' শব্দটো বাদ্যযন্ত্ৰটোৰ পৱিত্ৰতা বা পৱিত্ৰ মৰ্যাদা বুজাবলৈ ব্যৱহাৰ কৰা হয়।

গাঁথনি বা নিৰ্মাণ শৈলী
[সম্পাদনা কৰক]ঢোলৰ দৰেই ইডাক্কা বাদ্যতো দুটা ঘূৰণীয়া চামৰাৰ মুখ থাকে। এই মুখ দুখন দুটা ঘূৰণীয়া আঙুঠিৰ ভিতৰত টানকৈ লগোৱা হয়। বাদ্যটোৰ ডম্বৰু আকৃতিৰ কাঠৰ অংশটো এই দুয়োখন মুখৰ মাজত স্থাপন কৰা হয়। তাৰ পিছত কেইডালমান দীঘল ৰছীৰে দুয়োটা আঙুঠিৰ ইটোৱে সিটোৰ ফালে টানকৈ বান্ধি দিয়া হয়। ইয়াৰ ফলত চামৰাৰ মুখ দুখন বাদ্যটোৰ দুই খোলা মূৰৰ ওপৰত টান হৈ পৰে। ইয়াৰ ভিতৰভাগত প্ৰাকৃতিক আঁহেৰে তৈয়াৰী মিহি গুণ বা তাঁৰ লগোৱা থাকে। প্ৰায়ে বাদ্যটোৰ মূল কাঠৰ অংশতকৈ চামৰাৰ মুখখনৰ ব্যাস বেছি ডাঙৰ হয়। ইয়াৰ বাবেই চামৰাৰ অংশটো কেন্দ্ৰৰ পৰা অলপ বাহিৰলৈ ওলাই থকা দেখা যায়।
শব্দ বিজ্ঞান
[সম্পাদনা কৰক]ইডাক্কা এটা সৰু আৰু উচ্চ তীক্ষ্ণতাৰ সুৰ ওলোৱা বাদ্যযন্ত্ৰ। ইয়াৰ এটা নিৰ্দিষ্ট আৰু স্পষ্ট সুৰ থাকে। ইয়াৰ চামৰাৰ তলত থকা মিহি তাঁৰবোৰে বাদ্যটো কোবালে এক বিশেষ কম্পনৰ সৃষ্টি কৰে। ইয়াৰ ফলত বাদ্যটোৰ পৰা এক সুমধুৰ ধ্বনি ওলায়।[3] বাদ্যটোৰ চাৰিওফালে থকা ৰছীবোৰ হাতেৰে কম-বেছি পৰিমাণে চেপা দি ইয়াৰ ছালৰ টান সলনি কৰিব পাৰি। ইয়াৰ ফলত বাদ্যটোৰ পৰা বেলেগ বেলেগ সুৰ সৃষ্টি সম্ভৱ হয়।
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Deva, Bigamudre Chaitanya (1995). Indian Music. Taylor & Francis. ISBN 9788122407303. https://books.google.com/books?id=z-XKAfoa8WMC&q=Idakka&pg=PA116.
- ↑ "Edakka". Indian culture. http://indianculture.gov.in/musical-instruments/avanaddha-vadya/edakka। আহৰণ কৰা হৈছে: 2022-08-17.
- ↑ Jose, Kevin; Chatterjee, Anindya; Gupta, Anurag (April 2018). "Acoustics of Idakkā: An Indian snare drum with definite pitch". The Journal of the Acoustical Society of America খণ্ড 143 (5): 3184–3194. doi:10.1121/1.5038111. PMID 29857748.
| ৱিকিমিডিয়া কমন্সত ইডাক্কা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |